--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যিক বিজেপিৰ বিসম্বাদৰ বাৰ্তা লৈ দিল্লী পালেগৈ বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰে নগাঁও সমষ্টিটো আজমলৰে মিতিৰালি কৰি সংখ্যালঘুৰ হাতত গতাই দিয়াৰ অভিযোগ উত্থাপন কৰিছিল ৰাজেন গোহাঁয়ে৷ 

মুখ্যমন্ত্ৰীৰ নেতৃত্বক লৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীয়ে৷ আনকি, ৰাজ্যিক বিজেপিত জ্যেষ্ঠ নেতা হিচাপে অৱহেলিত হোৱা বুলিও অনুভৱ কৰিছিল গোহাঁয়ে৷ আৰু গোহাঁইৰ মন্তব্যই ধুমুহা আনিছিল ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত৷ আৰু উন্মোচিত হৈ পৰা বিদ্ৰোহ-বিসম্বাদক সামৰি থ’বলৈ সমুখলৈ আহিছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷ চৰম তাচ্ছিল্যৰে ৰাজেন গোহাঁইক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মন্ত্ৰী জয়ন্ত মল্লই৷ 

ৰাজেন গোহাঁইক সমালোচনা কৰিবলৈ গৈ প্ৰাক্তন সাংসদগৰাকীৰ বয়সক লৈও মন্তব্য কৰিছিল জয়ন্ত মল্লবৰুৱাই৷ ৰাজেন গোহাঁয়ে ৰাজনীতিৰ পৰা সন্যাস লৈ নাতিৰ সৈতে খেলিব লাগে বুলি কৈ চৰম উপহাস কৰিছিল মন্ত্ৰীগৰাকীয়ে৷ আনকি, ৰাজেন গোহাঁইক কাৰ্যালয়ৰ পৰা গতিয়াই বাহিৰ কৰি দিব লাগে বুলিও কোৱাৰ অভিযোগ আনিছে ৰাজেন গোহাঁয়ে৷ আৰু তাৰ পাছতেই বশিষ্ঠত জ্বলি উঠা বিসম্বাদৰ জুই বিয়পিল দিল্লীলৈ৷

মুখ্যমন্ত্ৰীৰ অনুৰোধত আজি অমিত শ্বাহৰে বৈঠকত মিলিত হ’ব ৰাজেন গোহাঁই৷ ৰাজেন গোহাঁয়ে জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে অভিযোগ দিব বুলি ধাৰণা কৰা হৈছে৷ নতুন বিজেপিৰ আগ্ৰাসী ৰাজনীতিয়ে ক্ৰমাৎ নিস্তেজ কৰি অনা পুৰণি বিজেপিৰ অন্যতম প্ৰতিনিধি হৈ আজি ৰাজেন গোহাঁয়ে অমিত শ্বাহক কি অভিযোগ দাখিল কৰে আৰু তাৰ পৰৱৰ্তী সময়ত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰে, তাৰ ওপৰত বহুপৰিমাণে নিৰ্ভৰ কৰিছে ৰাজ্যিক বিজেপিৰ সাংগঠনিক ভৱিষ্যৎ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু