--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যিক বিজেপিৰ বিসম্বাদৰ বাৰ্তা লৈ দিল্লী পালেগৈ বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰে নগাঁও সমষ্টিটো আজমলৰে মিতিৰালি কৰি সংখ্যালঘুৰ হাতত গতাই দিয়াৰ অভিযোগ উত্থাপন কৰিছিল ৰাজেন গোহাঁয়ে৷ 

মুখ্যমন্ত্ৰীৰ নেতৃত্বক লৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীয়ে৷ আনকি, ৰাজ্যিক বিজেপিত জ্যেষ্ঠ নেতা হিচাপে অৱহেলিত হোৱা বুলিও অনুভৱ কৰিছিল গোহাঁয়ে৷ আৰু গোহাঁইৰ মন্তব্যই ধুমুহা আনিছিল ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত৷ আৰু উন্মোচিত হৈ পৰা বিদ্ৰোহ-বিসম্বাদক সামৰি থ’বলৈ সমুখলৈ আহিছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷ চৰম তাচ্ছিল্যৰে ৰাজেন গোহাঁইক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মন্ত্ৰী জয়ন্ত মল্লই৷ 

ৰাজেন গোহাঁইক সমালোচনা কৰিবলৈ গৈ প্ৰাক্তন সাংসদগৰাকীৰ বয়সক লৈও মন্তব্য কৰিছিল জয়ন্ত মল্লবৰুৱাই৷ ৰাজেন গোহাঁয়ে ৰাজনীতিৰ পৰা সন্যাস লৈ নাতিৰ সৈতে খেলিব লাগে বুলি কৈ চৰম উপহাস কৰিছিল মন্ত্ৰীগৰাকীয়ে৷ আনকি, ৰাজেন গোহাঁইক কাৰ্যালয়ৰ পৰা গতিয়াই বাহিৰ কৰি দিব লাগে বুলিও কোৱাৰ অভিযোগ আনিছে ৰাজেন গোহাঁয়ে৷ আৰু তাৰ পাছতেই বশিষ্ঠত জ্বলি উঠা বিসম্বাদৰ জুই বিয়পিল দিল্লীলৈ৷

মুখ্যমন্ত্ৰীৰ অনুৰোধত আজি অমিত শ্বাহৰে বৈঠকত মিলিত হ’ব ৰাজেন গোহাঁই৷ ৰাজেন গোহাঁয়ে জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে অভিযোগ দিব বুলি ধাৰণা কৰা হৈছে৷ নতুন বিজেপিৰ আগ্ৰাসী ৰাজনীতিয়ে ক্ৰমাৎ নিস্তেজ কৰি অনা পুৰণি বিজেপিৰ অন্যতম প্ৰতিনিধি হৈ আজি ৰাজেন গোহাঁয়ে অমিত শ্বাহক কি অভিযোগ দাখিল কৰে আৰু তাৰ পৰৱৰ্তী সময়ত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰে, তাৰ ওপৰত বহুপৰিমাণে নিৰ্ভৰ কৰিছে ৰাজ্যিক বিজেপিৰ সাংগঠনিক ভৱিষ্যৎ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক