--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালয়েছিয়াৰ শক্তিশালী বলাৰ ছিয়াজৰুল ইড্ৰ’ছে টি-২০ ক্ৰিকেটত এক নতুন বিশ্ব অভিলেখ গঢ়িলে। ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটত প্ৰথম বলাৰ হিচাপে তেওঁ এটা ইনিংছত ৭টা উইকেট দখল কৰে। কুৱালালামপুৰত অনুষ্ঠিত টি-২০ বিশ্বকাপ এছিয়া বি কোৱালিফায়াৰত চীনৰ বিৰুদ্ধে তেওঁ এই কৃতিত্ব অৰ্জন কৰে। সাতজন বেটছমেনক তেওঁ আউট কৰে।

ইদ্ৰুছে পিটাৰ আহোৰ নজিৰ ভংগ কৰিলে। ইমান দিনে টি-২০ত শ্ৰেষ্ঠ বলিঙৰ উদাহৰণ আছিল এই নাইজেৰিয়ান বলাৰৰ। ২০২১ চনত ছিয়েৰা লিয়নৰ বিৰুদ্ধে ৫ ৰানত ৬ উইকেট দখল কৰিছিল। ইদ্ৰুছে সেই নজিৰ ভংগ কৰিলে। ভাৰতৰ দীপক চহৰে ২০১৯ চনত বাংলাদেশৰ বিৰুদ্ধে ৭ ৰানত ৬ টা উইকেট দখল কৰিছিল।

টছ আৰু বেটিংত জয়ী হোৱাৰ পাছত চীনে ৪ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ১২ ৰান সংগ্ৰহ কৰে। তেতিয়াৰ পৰাই ইদ্ৰুছে উইকেট ল’বলৈ আৰম্ভ কৰে। দ্বিতীয় অভাৰৰ প্ৰথম বলত তেওঁ ৱাং লিউয়াঙক আউট কৰে। একেটা অভাৰতে আৰু তিনিটা উইকেট দখল কৰে। পৰৱৰ্তী অভাৰত পাঁচটা উইকেট।

ইদ্ৰুছে শেষৰ মেইডেন অভাৰত দুটা উইকেট লাভ কৰে। তেওঁৰ বলিং স্পেল এনে ধৰণৰ: ৪-১-৮-৭। ৯ অভাৰৰ শেষত চীনৰ স্ক’ৰ  ৯ উইকেটত ২০ ৰান হয়। বিজয় উন্নিৰ বলত লুয়ো শ্বিলিন আউট হোৱাৰ পাছতে ২৩ ৰানত অল আউট হয় চীন। ইয়াৰ প্ৰত্যুত্তৰত মালয়েছিয়াই ২টা উইকেট হেৰুৱাই বিজয়ী ৰান দখল কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু