--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালয়েছিয়াৰ শক্তিশালী বলাৰ ছিয়াজৰুল ইড্ৰ’ছে টি-২০ ক্ৰিকেটত এক নতুন বিশ্ব অভিলেখ গঢ়িলে। ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটত প্ৰথম বলাৰ হিচাপে তেওঁ এটা ইনিংছত ৭টা উইকেট দখল কৰে। কুৱালালামপুৰত অনুষ্ঠিত টি-২০ বিশ্বকাপ এছিয়া বি কোৱালিফায়াৰত চীনৰ বিৰুদ্ধে তেওঁ এই কৃতিত্ব অৰ্জন কৰে। সাতজন বেটছমেনক তেওঁ আউট কৰে।

ইদ্ৰুছে পিটাৰ আহোৰ নজিৰ ভংগ কৰিলে। ইমান দিনে টি-২০ত শ্ৰেষ্ঠ বলিঙৰ উদাহৰণ আছিল এই নাইজেৰিয়ান বলাৰৰ। ২০২১ চনত ছিয়েৰা লিয়নৰ বিৰুদ্ধে ৫ ৰানত ৬ উইকেট দখল কৰিছিল। ইদ্ৰুছে সেই নজিৰ ভংগ কৰিলে। ভাৰতৰ দীপক চহৰে ২০১৯ চনত বাংলাদেশৰ বিৰুদ্ধে ৭ ৰানত ৬ টা উইকেট দখল কৰিছিল।

টছ আৰু বেটিংত জয়ী হোৱাৰ পাছত চীনে ৪ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ১২ ৰান সংগ্ৰহ কৰে। তেতিয়াৰ পৰাই ইদ্ৰুছে উইকেট ল’বলৈ আৰম্ভ কৰে। দ্বিতীয় অভাৰৰ প্ৰথম বলত তেওঁ ৱাং লিউয়াঙক আউট কৰে। একেটা অভাৰতে আৰু তিনিটা উইকেট দখল কৰে। পৰৱৰ্তী অভাৰত পাঁচটা উইকেট।

ইদ্ৰুছে শেষৰ মেইডেন অভাৰত দুটা উইকেট লাভ কৰে। তেওঁৰ বলিং স্পেল এনে ধৰণৰ: ৪-১-৮-৭। ৯ অভাৰৰ শেষত চীনৰ স্ক’ৰ  ৯ উইকেটত ২০ ৰান হয়। বিজয় উন্নিৰ বলত লুয়ো শ্বিলিন আউট হোৱাৰ পাছতে ২৩ ৰানত অল আউট হয় চীন। ইয়াৰ প্ৰত্যুত্তৰত মালয়েছিয়াই ২টা উইকেট হেৰুৱাই বিজয়ী ৰান দখল কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে