--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰণয়ে পাখি মেলিছে ছাৰাৰ মনত৷ যৌৱনৰ বা বলিছে শুভমনৰ হৃদয়ত৷ ছাৰা-শুভমনৰ প্ৰেমকথা বিগত কেইবাটাও দিন বিশেষভাৱে চৰ্চিত হৈছে ছ’চিয়েল মিডিয়াত৷ 

শচীন তেণ্ডুলকাৰৰ দুহিতা ছাৰা তেণ্ডুলকাৰ আৰু যুৱ ক্ৰিকেটাৰ শুভমন গিলৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছে বুলি মৃদু গুঞ্জন শুনিবলৈ পোৱা গৈছে৷ বৃত্তিগতভাৱে ছাৰা তেণ্ডুলকাৰ মডেলিঙৰ সৈতে জড়িত৷ ভৱিষ্যতে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰাৰ স্বপ্নক জীয়ন দি ৰাখিছে ছাৰাই৷ অৱশ্যে, চিনেমা ক্ষেত্ৰতকৈ শেহতীয়াকৈ ক্ৰিকেট খেলপথাৰতহে ছাৰাৰ সঘন উপস্থিতি দেখিবলৈ পোৱা গৈছে।

এইবাৰ ছাৰা আৰু শুভমনে অতিবাহিত কৰা কিছু অন্তৰতম মুহূৰ্তৰ ফটোও ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে৷ ছাৰাই শুভমনৰ ডিঙিত ধৰি আছে। আৰু দুয়োৰে মুখত দেখা গৈছিল হাঁহিৰ ফল্গুধাৰা৷ ইয়াৰ জৰিয়তে কি বাৰ্তা দিলে ছাৰা-শুভমনে?

নেটিজেনে ভাবিছিল যে দুয়োজনে সম্পৰ্কটোক প্ৰেমৰ নাম দি আগুৱাই নিবলৈ বিচাৰিছে৷ কিন্তু প্ৰিয় পঢ়ুৱৈ, আপুনি ভবাৰ দৰে নহয় কথাবোৰ...

দৰাচলতে ছবিখন সম্পাদনা কৰি মৰ্ফড্ কৰা হৈছে। ছবিখন ছাৰা আৰু তেওঁৰ ভায়েক অৰ্জুন তেণ্ডুলকাৰৰহে আছিল।

অৰ্জুনৰ মুখখন আঁতৰাই সেইস্থানত শুভমনৰ মুখখন লগাই দিয়া হৈছিল৷ এই সকলো কাৰচাজি ফটোশ্বপ ছফ্টৱেৰেৰে সম্পন্ন কৰা হৈছিল৷

অৱশ্যে মাত্ৰ কিছুদিন পূৰ্বে ৱাংখেড়ে ষ্টেডিয়ামত ছাৰাৰ উপস্থিতি, শুভমন আউট হোৱাৰ লগে লগে ছাৰাৰ মুখৰ ক্লান্তি বা আম্বানীৰ অনুষ্ঠানত দুয়োজনৰ উপস্থিতিয়ে, তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ অনুমান দিনক দিনে শক্তিশালী কৰি তুলিছে৷ 

ভাৰতীয় ক্ৰিকেট তাৰকা শুভমনৰ সৈতে প্ৰেমৰ সম্পৰ্ক বৃদ্ধি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত দুয়োৰে অনুৰাগীৰ সংখ্যা বৃদ্ধি পাইছে। শচীনৰ জীয়ৰী ছাৰা ছেনছেশ্যন হৈ পৰিছে। ইতিমধ্যে ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা ৪৯ লাখৰ ঘৰ অতিক্ৰম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু