--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰণয়ে পাখি মেলিছে ছাৰাৰ মনত৷ যৌৱনৰ বা বলিছে শুভমনৰ হৃদয়ত৷ ছাৰা-শুভমনৰ প্ৰেমকথা বিগত কেইবাটাও দিন বিশেষভাৱে চৰ্চিত হৈছে ছ’চিয়েল মিডিয়াত৷ 

শচীন তেণ্ডুলকাৰৰ দুহিতা ছাৰা তেণ্ডুলকাৰ আৰু যুৱ ক্ৰিকেটাৰ শুভমন গিলৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছে বুলি মৃদু গুঞ্জন শুনিবলৈ পোৱা গৈছে৷ বৃত্তিগতভাৱে ছাৰা তেণ্ডুলকাৰ মডেলিঙৰ সৈতে জড়িত৷ ভৱিষ্যতে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰাৰ স্বপ্নক জীয়ন দি ৰাখিছে ছাৰাই৷ অৱশ্যে, চিনেমা ক্ষেত্ৰতকৈ শেহতীয়াকৈ ক্ৰিকেট খেলপথাৰতহে ছাৰাৰ সঘন উপস্থিতি দেখিবলৈ পোৱা গৈছে।

এইবাৰ ছাৰা আৰু শুভমনে অতিবাহিত কৰা কিছু অন্তৰতম মুহূৰ্তৰ ফটোও ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে৷ ছাৰাই শুভমনৰ ডিঙিত ধৰি আছে। আৰু দুয়োৰে মুখত দেখা গৈছিল হাঁহিৰ ফল্গুধাৰা৷ ইয়াৰ জৰিয়তে কি বাৰ্তা দিলে ছাৰা-শুভমনে?

নেটিজেনে ভাবিছিল যে দুয়োজনে সম্পৰ্কটোক প্ৰেমৰ নাম দি আগুৱাই নিবলৈ বিচাৰিছে৷ কিন্তু প্ৰিয় পঢ়ুৱৈ, আপুনি ভবাৰ দৰে নহয় কথাবোৰ...

দৰাচলতে ছবিখন সম্পাদনা কৰি মৰ্ফড্ কৰা হৈছে। ছবিখন ছাৰা আৰু তেওঁৰ ভায়েক অৰ্জুন তেণ্ডুলকাৰৰহে আছিল।

অৰ্জুনৰ মুখখন আঁতৰাই সেইস্থানত শুভমনৰ মুখখন লগাই দিয়া হৈছিল৷ এই সকলো কাৰচাজি ফটোশ্বপ ছফ্টৱেৰেৰে সম্পন্ন কৰা হৈছিল৷

অৱশ্যে মাত্ৰ কিছুদিন পূৰ্বে ৱাংখেড়ে ষ্টেডিয়ামত ছাৰাৰ উপস্থিতি, শুভমন আউট হোৱাৰ লগে লগে ছাৰাৰ মুখৰ ক্লান্তি বা আম্বানীৰ অনুষ্ঠানত দুয়োজনৰ উপস্থিতিয়ে, তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ অনুমান দিনক দিনে শক্তিশালী কৰি তুলিছে৷ 

ভাৰতীয় ক্ৰিকেট তাৰকা শুভমনৰ সৈতে প্ৰেমৰ সম্পৰ্ক বৃদ্ধি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত দুয়োৰে অনুৰাগীৰ সংখ্যা বৃদ্ধি পাইছে। শচীনৰ জীয়ৰী ছাৰা ছেনছেশ্যন হৈ পৰিছে। ইতিমধ্যে ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা ৪৯ লাখৰ ঘৰ অতিক্ৰম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ