--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃস্থানীয় ভাবে উৎপাদন হোৱা বহু শাপ-পাচলিৰ পুষ্টি তথা ঔষধি গুণ অনেক। এনেবোৰ শাক=পাচলি নিয়মিত ভাবে খাব পাৰিলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে ইতিমধ্যে দেহত বাহ লোৱা বহু ৰোগ নিৰাময়তো সহায়ক হয়। এনে ফল তথা পাচলিৰ ভিতৰত অমিতা অন্যতম।  অমিতাক ফল আৰু পাচলিৰূপে দুয়ো ধৰণে ব্যৱহাৰ কৰিব পাৰিব।

 কেঁচাকৈ আৰু পাচলিৰূপে সিদ্ধ কৰি অমিতা খোৱা দেখা যায়। ফল আৰু পাচলি হিচাপে অমিতাৰ বহুতো ঔষধি গুণ আছে।

কেঁচা অমিতা খালে মানুহৰ ছালখন অতি মসৃণ হৈ থাকে। কেঁচা আৰু পকা অমিতা পেটৰ ৰোগ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা হয়। অমিতাৰ জুচে বদহজম,কৌষ্ঠকাঠিন্য, পেটৰ বিষ আদি পেটৰ ৰোগ নিৰাময় কৰাতসহায় কৰে।

পকা অমিতাৰ জুচ খালে দেহৰ সতেজতাও বৃদ্ধি পায়।
 
কিশোৰ-কিশোৰী আৰু মহিলাসকলে গা ধোৱা পানীত এটুকুৰা অমিতা ডুবাই লৈ গা ধুব পাৰিলে ভাল। অমিতা খালে পাচনক্ৰিয়া সঠিকমতে হয়।

ডায়েবেটিছ ৰোগীৰ বাবেও অমিতা অতি উপাদেয়। অমিতাত ভিটামিন ‘চি’ আৰু প’টেছিয়াম, মেগনেছিয়াম আদিৰ লগতে ভিটামিন ‘বি’ও পোৱা যায়। ভিটামিন এ’ও উপলব্ধ হয় অমিতাত।

অমিতাৰ আঁহোবাৰ এখন ডাঙৰ চামুচত মৌ ৰস মিহলাই গালত ঘঁহি ১০ মিনিটমানৰ পিছত ঠাণ্ডা পানীৰে ধুই দিলে মুখৰ চাল অতি সতেজ হৈ থকাৰ লগতে মসৃণ কৰি ৰাখে। অমিতা খালে শৰীৰ সবল কৰাৰ লগতে শক্তি অটুট  ৰাখে। অমিতা খালে পেট চাফা কৰি ৰখাতো  সহায়ক হয়। ঋতুস্ৰাৱৰ সময়ত বিষ অনুভৱ কৰা মহিলাই অমিতা খালে বিষৰ পৰা উপশম পাব পাৰে।

অমিতাই অম্লপিত্তৰ পৰা মানুহক সকাহ দিব পাৰে। কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা এণ্টি অক্সিডেণ্টো ইয়াত প্ৰচুৰ পৰিমাণে থাকে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ