--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমাৰ মাজতৰে বহুসংখ্যক লোকে বিয়েৰ খাই ভালপায়। বিয়েৰ ক্ষতিকাৰক নেকি? নে ইয়াৰ স্বাস্থ্যজনিত কিবা উপকাৰিতা আছেনে? জানো আহক । বিয়েৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, নে উপকাৰী? এই বিতৰ্ক যুগ যুগ ধৰি চলি আহিছে। নিয়মিত মদ্যপানে যকৃৎ আৰু বৃক্কত প্ৰভাৱ পেলায় বুলি প্ৰমাণিত হৈছে। কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নে এক বেলেগ দৃষ্টিভংগীহে উত্থাপন কৰিছে।

নিউট্ৰিয়েণ্টছ আলোচনীত প্ৰকাশিত এক মেটা-এনালাইছিছ অনুসৰি স্পেইনপুষ্টিবিদৰ এটা দলে ২০০৬ চনৰ পৰা ২০২০ চনলৈকে বিয়েৰ তৈয়াৰৰ ওপৰত এটা ধাৰাবাহিকভাৱে অধ্যয়ন চলাইছিল যিয়ে স্বাস্থ্যৰ ওপৰত বিয়েৰে ইতিবাচক প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰিছে।
১) হৃদৰোগ হোৱাৰ সম্ভাৱনা কমায়:-বেছিভাগ মানুহেই ক’বলৈ ভালপায় যে হৃদয়ৰ বাবে মদ্যপান আটাইতকৈ ক্ষতিকাৰক। শেহতীয়া গৱেষণাই অৱশ্যে কয় যে মধ্যমীয়া বিয়েৰে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। অধ্যয়নত দেখা গৈছে যে প্ৰতি সপ্তাহত ৪০০ মিলিলিটাৰ বিয়েৰ খোৱা ব্যক্তিৰ হৃদপিণ্ড আনতকৈ সুস্থ। সেয়েহে এনে লোকৰ হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনাও কম।

২) ডায়েবেটিছ হোৱাৰ সম্ভাৱনা কম থাকে:-মদ্যপানৰ ফলত ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত গুৰুতৰ পৰিণতি হ’ব পাৰে বুলি কোৱা হয়। বিয়েৰৰ ফলত তেজত থকা ইনচুলিনৰ মাত্ৰাত প্ৰভাৱ পৰে বুলি জনা যায়। কিন্তু গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল লোকে মাজে মাজে বিয়েৰ সেৱন নকৰে তেওঁলোকৰহে ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বেছি। গতিকে ডায়েবেটিছৰ বাবে বিয়েৰ যুঁজিবলগীয়া অস্ত্ৰৰ ভিতৰত অন্যতম হ’ব পাৰে।

৩) হাড় মজবুত কৰি ৰাখে:- বিয়েৰত থকা ফাইটোইষ্ট্ৰজেন, প্ৰেডনিছলনৰ দৰে বিভিন্ন উপাদানে হাড় শক্তিশালী আৰু মজবুত কৰাত সহায় কৰে। হাড়ৰ লগতে দাঁতৰ স্বাস্থ্য উন্নত কৰাত বিয়েৰ ফলপ্ৰসূ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ