--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমাৰ মাজতৰে বহুসংখ্যক লোকে বিয়েৰ খাই ভালপায়। বিয়েৰ ক্ষতিকাৰক নেকি? নে ইয়াৰ স্বাস্থ্যজনিত কিবা উপকাৰিতা আছেনে? জানো আহক । বিয়েৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, নে উপকাৰী? এই বিতৰ্ক যুগ যুগ ধৰি চলি আহিছে। নিয়মিত মদ্যপানে যকৃৎ আৰু বৃক্কত প্ৰভাৱ পেলায় বুলি প্ৰমাণিত হৈছে। কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নে এক বেলেগ দৃষ্টিভংগীহে উত্থাপন কৰিছে।

নিউট্ৰিয়েণ্টছ আলোচনীত প্ৰকাশিত এক মেটা-এনালাইছিছ অনুসৰি স্পেইনপুষ্টিবিদৰ এটা দলে ২০০৬ চনৰ পৰা ২০২০ চনলৈকে বিয়েৰ তৈয়াৰৰ ওপৰত এটা ধাৰাবাহিকভাৱে অধ্যয়ন চলাইছিল যিয়ে স্বাস্থ্যৰ ওপৰত বিয়েৰে ইতিবাচক প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰিছে।
১) হৃদৰোগ হোৱাৰ সম্ভাৱনা কমায়:-বেছিভাগ মানুহেই ক’বলৈ ভালপায় যে হৃদয়ৰ বাবে মদ্যপান আটাইতকৈ ক্ষতিকাৰক। শেহতীয়া গৱেষণাই অৱশ্যে কয় যে মধ্যমীয়া বিয়েৰে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। অধ্যয়নত দেখা গৈছে যে প্ৰতি সপ্তাহত ৪০০ মিলিলিটাৰ বিয়েৰ খোৱা ব্যক্তিৰ হৃদপিণ্ড আনতকৈ সুস্থ। সেয়েহে এনে লোকৰ হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনাও কম।

২) ডায়েবেটিছ হোৱাৰ সম্ভাৱনা কম থাকে:-মদ্যপানৰ ফলত ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত গুৰুতৰ পৰিণতি হ’ব পাৰে বুলি কোৱা হয়। বিয়েৰৰ ফলত তেজত থকা ইনচুলিনৰ মাত্ৰাত প্ৰভাৱ পৰে বুলি জনা যায়। কিন্তু গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল লোকে মাজে মাজে বিয়েৰ সেৱন নকৰে তেওঁলোকৰহে ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বেছি। গতিকে ডায়েবেটিছৰ বাবে বিয়েৰ যুঁজিবলগীয়া অস্ত্ৰৰ ভিতৰত অন্যতম হ’ব পাৰে।

৩) হাড় মজবুত কৰি ৰাখে:- বিয়েৰত থকা ফাইটোইষ্ট্ৰজেন, প্ৰেডনিছলনৰ দৰে বিভিন্ন উপাদানে হাড় শক্তিশালী আৰু মজবুত কৰাত সহায় কৰে। হাড়ৰ লগতে দাঁতৰ স্বাস্থ্য উন্নত কৰাত বিয়েৰ ফলপ্ৰসূ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক