--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুস্থ হৈ থাকিবলৈ সুস্থ বৃক্ক হোৱাটো অতি প্ৰয়োজন। অপ্ৰয়োজনীয় পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ কৰি উলিয়াই নিয়াৰ কাম কৰে কিডনীয়ে। গতিকে একপ্ৰকাৰে বৃক্কক শৰীৰৰ ফিল্টাৰ বুলি কোৱা হয়। এনে অৱস্থাত যদি বৃক্ক দুটা অসুস্থ হয়, তেন্তে ই নিশ্চিতভাৱে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। যেতিয়া কিডনীৰ অৱনতি হ’বলৈ আৰম্ভ কৰে, তেতিয়া শৰীৰৰ কিছুমান অংশত বিষ হ’বলৈ ধৰে। গতিকে এই অংশবোৰৰ বিষয়ে জানো আহক-

 কোনবোৰ অংশৰ বিষে কিডনী বিকল ইংগিত দিয়ে-

১. বুকুৰ বিষঃ-যেতিয়া এজন ব্যক্তিৰ কিডনী বিকল হ’বলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ বুকুৰ বিষ হ’বলৈ আৰম্ভ কৰে। আচলতে কিডনী আৰু বুকু ইটোৰ লগত সিটোৰ সম্পৰ্ক আছে। যেতিয়া কিডনীৰ অৱনতি হ’বলৈ আৰম্ভ কৰে তেতিয়া হৃদযন্ত্ৰক আবৰি থকা আৱৰণখন ফুলি উঠে, যাৰ ফলত বুকুৰ বিষ হয়।

 ২. কঁকালৰ বিষঃ-কিডনীৰ সমস্যাই পিঠি বিষ হোৱাৰো ইংগিত বহন কৰে। দৰাচলতে যেতিয়া বৃক্কই শৰীৰৰ আৱৰ্জনাবোৰ আঁতৰাবলৈ অক্ষম হয় ইয়াৰ ফলত তেতিয়া কঁকালৰ বিষৰ সমস্যাৰ সৃষ্টি হয়। এনে অৱস্থাত যদি আপুনিও দীৰ্ঘদিন ধৰি কঁকালৰ বিষৰ সমস্যাত ভুগি আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন।

 ৩. পেটৰ তলৰ অংশৰ বিষঃ-যদি আপুনি পেটৰ তলৰ অংশত বিষ অনুভৱ কৰি আছে, তেন্তে এইটোও কিডনী বিকল হোৱাৰ লক্ষণ হ’ব পাৰে। আচলতে প্ৰস্ৰাৱত বিষ হোৱা আৰু পেটৰ তলৰ অংশত বিষ হোৱাটো বৃক্কৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। এনে অৱস্থাত যদি আপুনিও এই সমস্যাৰ সন্মুখীন হৈছে, তেন্তে ইয়ো বৃক্ক সমস্যাৰ কাৰণ হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা