--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ কিছুমান লক্ষণ উপেক্ষা কৰিব নালাগে। সেই লক্ষণবোৰ আন বহু ৰোগৰ ইংগিত হ’ব পাৰে।ষ্ট্ৰোক এতিয়া সমগ্ৰ বিশ্বতে এক ভয়াৱহ সমস্যা হৈ দেখা দিছে৷ অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী (এনপি-এনচিডি)ৰ আধাৰতত ভাৰতত ষ্ট্ৰোক প্ৰতিৰোধৰ বাবে যাৱতীয় বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত এক উল্লেখযোগ্য সফলতা হৈছে ইণ্ডিয়া হাইপাৰটেনচন কণ্ট্ৰোল ইনিছিয়েটিভ (আইএইচচিআই), যিয়ে ২ নিযুতৰো অধিক ৰোগীক ডিজিটেলভাৱে নিৰীক্ষণ কৰাৰ বাবে প্ৰযুক্তি-চালিত উদ্ভাৱন ব্যৱহাৰ কৰি আছে।  

বিশ্ব ষ্ট্ৰোক সংগঠনৰ নিৰ্বাচিত সভাপতি অধ্যাপক জয়াৰাজ পাণ্ডিয়ানে কয় যে ষ্ট্ৰোক বৃদ্ধিৰ কাৰকবোৰ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে।

কানাডাৰ কেলগাৰীত নিউৰোলজিষ্ট আৰু ষ্ট্ৰোক ফেলো ,  "দক্ষিণ-পূব এছিয়াৰ ষ্ট্ৰোক চিষ্টেমচ অফ কেয়াৰ" নামৰ কাকতখনৰ মুখ্য লেখক ডাঃ আইভি চেবাষ্টিয়ানে স্বাস্থ্যসেৱা প্ৰণালীৰ উন্নতিকৰণৰ জড়িয়তে ষ্ট্ৰোক প্ৰতিৰোধৰ বিষয়ত গুৰুত্ব দিছে। 
 ষ্ট্ৰোকক বহুতে  হৃদ ৰোগত আক্ৰান্ত হোৱা বুলি  ভাবে। কিন্তু দুয়োটা  সম্পূৰ্ণ বেলেগ।

ষ্ট্ৰোকে মুখ্যতঃ মানুহৰ মগজুত আঘাত কৰে। ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ তথ্য অনুসৰিযেতিয়া মগজুৰ যিকোনো অংশলৈ তেজৰ যোগান বন্ধ  হয় আৰু মগজুৰ কোষবোৰ মৰি যায় তেতিয়াই ষ্ট্ৰোক হয়।
 সাধাৰণতে ৬০  বছৰৰ অধিক বয়সৰ ৰোগীৰ ষ্ট্ৰোকৰ আশংকা অধিক হয়।  কিন্তু শেহতীয়াকৈ যুৱ আৰু আনকি শিশুও ষ্ট্ৰোকত আক্ৰান্ত হোৱা দেখা গৈছে।

অৱশ্যে, অধ্যয়নে  দেখুৱাইছে যে পুৰুষৰ ষ্ট্ৰোকৰ আশংকা মহিলাতকৈ অধিক।

তিনি প্ৰকাৰৰ ষ্ট্ৰোক আছে। মৃদু ষ্ট্ৰোক, ইস্কিমিক ষ্ট্ৰোক আৰু হেমৰেজিক ষ্ট্ৰোক।

মৃদু ষ্ট্ৰোকত ৰোগীৰ মগজুলৈ তেজৰ যোগান অস্থায়ীভাৱে বন্ধ  হয় আৰু পুনৰ আৰম্ভ  হয়। এইটো মূলতঃ এটা ডাঙৰ ষ্ট্ৰোকৰ পূৰ্ব লক্ষণ।

ইস্কিমিক ষ্ট্ৰোকত মগজু আৰু শৰীৰৰ অন্যান্য অংশত ৰক্ত নলীত তেজ গোট মাৰে।

হেমৰেজিক ষ্ট্ৰোকত মগজুৰ ৰক্তনলীবোৰ ফাটি যায় আৰু ৰক্তক্ষৰণ হয়।

ষ্ট্ৰোকে মগজুৰ কিমান ক্ষতি কৰিব সেয়া নিৰ্ভৰ কৰে মগজুত ই ক'ত হয় আৰু ই কিমান ঠাই আৱৰি থাকে তাৰ ওপৰত।

 ষ্ট্ৰোকৰ কিছুমান সাধাৰণ  লক্ষণ হৈছে:

হঠাতে হাত, ভৰি বা শৰীৰৰ যিকোনো অংশ অৱশ হৈ পৰা।  হাত দাঙিব নোৱাৰা হোৱা।
চকুৰে অস্পষ্ট/আন্ধাৰ দেখা।
কথা কোৱাত অসুবিধা পোৱা ।
বস্তু গিলিবলৈ টান পোৱা ।
জিভা জঠৰ হোৱা, মুখ বেঁকা হৈ পৰা।
শৰীৰৰ ভাৰসাম্য হেৰুওৱা, নিয়ন্ত্ৰণ হেৰুওৱা আৰু জ্ঞান হেৰুওৱা। 
হঠাতে, কেইছেকেণ্ডৰ ভিতৰতে  তীব্ৰ মূৰৰ বিষ অনুভৱ কৰা।
ওকালি অহা, বমি হোৱা, চিজাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement