--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব্যায়ামে আমাৰ দেস শক্তিশালী আৰু ৰোগ প্ৰতিৰোধী কৰি ৰাখিব পাৰে। এখন ভৰিৰ সহায়ত থিয় দি থকাটো যোগাসন বা আন শৰীৰ চৰ্চাৰেই এক অংশ। সকলো লোকে এখন ভৰিৰ সহায়ত থিয় দি বেছিপৰ থাকিব নোৱাৰে। এনে কৰিবলৈ যাওঁতে বহুতে দেহৰ ভাৰসাম্য হেৰুৱাই পেলায়।ব্যায়াম কৰাৰ সময়তে অথবা আন কোনো সময়তে এখন ভৰিৰ ওপৰত থিয় দিবলৈ গৈ দেহৰ ভাৰসাম্য হেৰুৱাই পেলোৱাটো সাধাৰণ দৃষ্টিত তেনেই সৰু কথা যদিও স্বাস্থ্য বিজ্ঞানীসকলে অৱশ্যে এনে কথাক সাধাৰণ কথা বুলি ভবা নাই।

এখন ভৰিৰ ওপৰত ভৰ দি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰি থিয় দি থাকিব নোৱাৰাটোৱে  মাৰাত্মক ৰোগৰ ইংগিত বহন কৰে বুলি গৱেষণাত প্ৰকাশ পাইছে।

গৱেষণাত প্ৰকাশ পোৱা মতে  ১০ ছেকেণ্ডৰ বাবে এখন  ভৰিৰ ওপৰত ভাৰসাম্য ৰাখি থিয় হৈ থাকিব   নোৱাৰা মধ্যবয়স্ক আৰু বৃদ্ধ লোকসকলৰ জীৱনকালৰ দৈৰ্ঘ্যৰ প্ৰতিও ভাবুকি আহিব পাৰে। এজন ব্যক্তিয়ে কিমান ভালদৰে ভাৰসাম্য ৰাখি এখন ভৰিৰে থিয় দিব  পাৰে সেই কথাই তেনে লোকৰ স্বাস্থ্যৰ বিষয়ে এক ধাৰণা  দিব পাৰে। এখন ভৰিৰে  ভাৰসাম্য ৰাখি থিয় হৈ থাকিব  নোৱাৰাটোৱে লোকজন  ষ্ট্ৰোকত আক্ৰান্ত হ'ব পৰাৰ আশংকাৰ কথাই প্ৰতীয়মান কৰে বুলি গৱেষণাত প্ৰকাশ পাইছে।

 দুৰ্বল ভাৰসাম্যৰ   লোকসকলে ডিমেনচিয়াৰ দৰে ৰোগতো আক্ৰান্ত হোৱাৰ অধিক আশংকা থাকে।

শেহতীয়াকৈ ব্ৰিটেইন, আমেৰিকা যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, ফিনলেণ্ড আৰু ব্ৰাজিলৰ বিশেষজ্ঞৰ এটা দলে ভাৰসাম্য আৰু ৰোগৰ আশংকাৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত গৱেষণা চলাইছে। ১২ বছৰীয়া অধ্যয়ন সম্পূৰ্ণ কৰি গৱেষকৰ দলটোৱে লাভ কৰা ফলাফল সমূহ শেহতীয়াকৈ ৰাজহুৱা কৰিছে।

গৱেষণাৰ ফলাফলবোৰ ব্ৰিটিছ জাৰ্নেল অফ স্পৰ্টছ মেডিচিনত প্ৰকাশ পাইছিল। মুখ্য গৱেষক  ডঃ ক্লদিও গিল আৰাউজোই  এইবুলি কৈছিল যে বৃদ্ধ লোকসকলৰ বাবে নিয়মীয়া স্বাস্থ্য পৰীক্ষাত এখন ভৰিৰ সন্তুলনৰ পৰীক্ষাটো অন্তৰ্ভুক্ত কৰা দৰকাৰৎ।
 গৱেষকগৰাকীৰ মতে বহুলোকৰ ভাৰসাম্য দ্ৰুতগতিত হ্ৰাস হ'বলৈ আৰম্ভ কৰে। এয়া নানান ৰোগৰ লক্ষণ হ'ব পাৰে। অধ্যয়নটোত বাবে ২০০৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত ৫১ ৰ পৰা ৭৫ বছৰ বয়সৰ মুঠ ১,৭০২  গৰাকী লোকক অন্তৰ্ভূক্ত কৰা হৈছিল। 

তেওঁলোকক  ১০ ছেকেণ্ডৰ বাবে এখন ভৰিৰ ওপৰত থিয় হ'বলৈ কোৱা হৈছিল। পাঁচজনৰ ভিতৰত এজন (২১%) পৰীক্ষাত বিফল হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজৰে বিভিন্ন কাৰণত ১২৩ জনৰ মৃত্যু হয়। গৱেষণাটোত প্ৰকাশ পোৱা মতে ১০ ছেকেণ্ডৰ বাবেও এখন ভৰিৰ ওপৰত ভৰ দি ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰা সকলৰ মাৰক ৰোগৰ চিকাৰ হোৱাৰ আশংকা ৮৪ শতাংশলৈ বৃদ্ধি পায়।

 গৱেষণাটোত এই তথ্যও পোহৰলৈ আহিছিল যে কম বয়সৰ লোকৰ তুলনাত মূলতঃ বেছি বয়সৰ বহু লোকেহে এখন ভৰিৰ ওপৰত ভৰ দি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰি বেছিপৰ থিয় হৈ থাকিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement