--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেদবহুলতা এতিয়া সমগ্ৰ বিশ্বৰে এক গুৰুতৰ সমস্যা হিচাবে দেখা দিছে। মেদ হ্ৰাস কৰিবলৈ আমি ঘৰতে কেইবিধমান পানীয় প্ৰস্তুত কৰি ল’ব পাৰো। তেনে পানীয়সমূহে মেদ হ্ৰাস কৰাত সহায় কৰিব পাৰে। দেহটোক সুস্থ কৰি ৰাখিবলৈ আমি পৰ্যাপ্ত পৰিমাণে জুলীয়া বস্তু খাব লাগে। যিমান পাৰি সিমান জুলীয়া খাদ্য আমি গ্ৰহণ কৰাটো  উচিৎ । জুলীয়া খাদ্যই শৰীৰত পানীৰ পৰিমাণ সঠিক কৰি ৰখাৰ লগতে দেহক পুষ্টিও যোগাব। 

গৰমৰ দিন কেইটাত আমি ঘৰতে কেতবোৰ বিশেষ পানীয় প্ৰস্তুত কৰি ল’ব পাৰে। এনেবোৰ পানীয়ই দেহ জুৰ পেলাই ৰখাৰ লগতে শৰীৰটোক সুস্থ, সৱল কৰি ৰাখিব পাৰে। তদুপৰি  শৰীৰৰ মেদ দূৰ কৰাটো এনেবোৰ পানীয়ই সহায় কৰিব। আহক চাওঁ আমি ঘৰতে কি কি পানীয় প্ৰস্তুত কৰি ল’ব পাৰো 

তিয়ঁহৰ ৰস

ঘৰতে মিক্সি ব্যৱহাৰ কৰি বা পটাত বটিও তিয়ঁহৰ ৰস উলিয়াই ল’ব পাৰি। ৰাতি শোৱাৰ পূৰ্বে তিয়ঁহৰ ৰস খাব লাগে, ই বৰ উপকাৰী। তিয়ঁহৰ ৰসে পেটৰ মেদ দূৰ কৰাৰ লগতে হজম শক্তিও বৃদ্ধি কৰে।তিয়ঁহৰ ৰস শীতল আৰু ই  ৪৫ কেলেৰীযুক্ত।ছালৰ স্বাস্থ্য ৰক্ষাতো তিয়ঁহৰ ৰস উপকাৰী।

নেমুৰ ৰস

নেমুৰ ৰসেৰে তৈয়াৰী পানীয় গৰম কালত শৰীৰৰ বাবে অতি উপকাৰী। এই ৰসে শৰীৰত জমা হোৱা সকলো ক্ষতিকাৰক দ্ৰব্য নিষ্কাশন কৰাৰ লগতে দেহৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰে। মেদ হ্ৰাস কৰি এনে পানীয়ই  শৰীৰৰ ওজন কমাব পাৰে। তদুপৰি নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। প্ৰাকৃতিক ভাবে ভিটামিন চি পোৱাৰ বিকল্প নেমুৰ ৰসৰ বাদে আন একো হ’ব নোৱাৰে।

এল’ভেৰাৰ ৰস

এল’ভেৰাৰ জুচো ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰি। মাত্ৰ এই ক্ষেত্ৰত সাৱধান হ’ব লাগিব যাতে যিজোপা গছৰ পৰা এনে ৰস উলিওৱা হয় সেই গছজোপা যাতে এল’ভেৰা হয়। বহুতে দেখাত একে হোৱা বাবে আন গছকো এল’ভেৰা বুলি ভুল কৰে।এল’ভেৰাৰ ৰসে ছাল মসৃণ কৰি তোলে আৰু শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। ৰাতি শোৱাৰ পূৰ্বে একাপ এল’ভেৰাৰ জুচ খালে বহু উপকাৰ পোৱা যায়।

আদাৰ ৰস

আদা হজমী শক্তিৰ বাবে উপাদেয় হোৱাৰ লগতে ই অম্লপিত্তৰ সমস্যাও দূৰ কৰিব পাৰে। দৈনিক কেইচামুচমান আদাৰ ৰস খালেও শৰীৰ মেদ কমাৰ লগতে হজমী শক্তিও বৃদ্ধি পায়। অৱশ্যে সকলো মানুহে আদাৰ ৰস সহ্য কৰিব নোৱাৰে। সেই যিসকলৰ এনে ৰসে অপকাৰ কৰা যেন ভাব হয় তেওঁলোকে আদাৰ ৰস নোখোৱাই ভাল। অত্যধিক আদাৰ ৰস খালে দেহত তেজ গোট মৰা শক্তি কমি যাব পাৰে। সেইবাবে কেইচামুচমান আদাৰ ৰসেই যথেষ্ট।


মিশ্ৰিত ৰস

কেইবাবিধো ৰস মিহলি কৰি ঘৰতে এবিধ অতি সুন্দৰ ৰস প্ৰস্তুত কৰি ল’ব পাৰি।
তিয়ঁহ,  ধনীয়া, নেমু, আধা আৰু এল’ভেৰাৰ ৰস পানীৰ লগত মিহলাই তাত সামান্য ক’লা নিমখ দি আধা কাপকৈ ৰাতি শোৱাৰ পূৰ্বে খালে পেটৰ মেদ  কমে।

 এনেবোৰ ৰসৰ লগতে আমি ঘৰতে আম, আনাৰস, ক’লা জাম আদিৰ ৰসো প্ৰস্তুত কৰি খাব পাৰো। এনে ৰস প্ৰস্তুত কৰোতে খৰচো বেছি নপৰে, সময়ো বেছি নালাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement