--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ অতিৰিক্ত ওজন বৃদ্ধি এতিয়া এক গুৰুতৰ সমস্যা ৰূপে দেখা দিছে৷ কিছুমান পাচলিয়ে দেহৰ ওজন বৃদ্ধি কৰে যদিও কিমান পাচলিয়ে আকৌ ওজন হ্ৰাস কৰাতহে সহায় কৰে৷ শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ ক্ষেত্ৰত অত্যন্ত কাৰ্যকৰী কেইবিধমান পাচলিৰ বিষয়ে জানো আহক।

ব্ৰুকলিঃ  ব্ৰুকলি হৈছে পুষ্টিৰ অফুৰন্ত শক্তিৰ উৎস। ইয়াত প্ৰচুৰ কেলছিয়াম, ভিটামিন-চি, ভিটামিন-কে আৰু আইৰন থাকে। ব্ৰুকলিত প্ৰচুৰ ফাইবাৰ থকাৰ বিপৰীতে কেল’ৰি যথেষ্ট কম। সেয়ে, ওজন কমোৱাত ই বিশেষভাৱে সহায় কৰে।

পালেংশাকঃ সেউজীয়া এই পাচলিত বিভিন্ন পুষ্টিগুণেৰে ভৰপূৰ। ইয়াত প্ৰচুৰ পৰিমানে আইৰন,পটাছিয়াম আৰু ফাইবাৰ থাকে। পালেংশাকত কেল’ৰিৰ পৰিমান অত্যন্ত কম।পালেংশাক কেবল ওজন কমোৱাতে নহয়, ই লগতে টাইপ-২ডায়েবেটিছ, হাৰ্টৰ ৰোগ আৰু যিকোনো কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।

কেপছিকামঃ কেপছিকামত ভিটামিন-চি, ডায়েট্ৰি ফাইবাৰ, ভিটামিন-ই, বি-৬ৰে সমৃদ্ধ আৰু ই ফলিক যুক্ত। এই পাচলিত পানীৰ পৰিমানো বেছি থাকে। কেপছিকামে শৰীৰৰ মেটাবলিজমৰ হাৰ বৃদ্ধি কৰাৰ লগতে ওজন কমোৱাত সহায় কৰে।

বিলাহীঃ বিলাহীত প্ৰচুৰ পৰিমানে এন্টিঅক্সিডেন্ট লাইক’পিন থাকে। বিলাহীয়ে ওজন কমোৱাত সহায় কৰে। লগতে নিয়মীয়াকৈ বিলাহী খালে বহু ক্ৰনিক ৰোগৰ পৰা মুক্তি পোৱা যায়। তৰকাৰী বা চালাদ যিধৰণেই খাওক ই আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী।











FOLLOW US F
POPULAR
FEATURE
TRENDY
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস