--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে কূটাঘাত। দেশৰ এখন অতি গুৰুত্বপূৰ্ণ ৰাজ্যৰ অতি স্পৰ্শকাতৰ পৰিস্থিতিয়ে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। আৰক্ষী-প্ৰশাসনৰ নিদ্ৰাহৰণ কৰাৰ উপক্ৰম ঘটোৱা ৰাজ্যখনৰ পৰিস্থিতিক লৈ চোৰাংচোৱা সংস্থাই দিছে ভয়ংকৰ সতৰ্কবাণী। আনকি ৰাজ্যখনৰ পৰিস্থিতি এতিয়া কাশ্মীৰতকৈও ভয়াৱহ হৈ উঠাৰ আশংকা কৰা হৈছে।


কাশ্মীৰতকৈও ভয়াৱহ পৰিস্থিতি সৃষ্টি হ’ব পঞ্জাৱত! কাৰ্যতঃ এই আশংকাই ব্যক্ত কৰিলে দেশৰ চোৰাংচোৱা সংস্থাসমূহে। পাকিস্তানৰ সীমাৱৰ্তী ৰাজ্যখনত অহা বছৰ অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। এই সময়ছোৱাত ভালেমান সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ আশংকা কৰা হৈছে। দেশৰ চোৰাংচোৱা সংস্থাই ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনক সতৰ্ক থাকিবলৈ সকীয়াই দিয়াৰ লগতে ছ’চিয়েল মিডিয়াতো তীক্ষ্ণ নজৰ ৰাখিবলৈ পৰামৰ্শ দিছে। এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কয় যে, সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰাৰ বাবে ইতিমধ্যে আৰক্ষীলৈ কেইবাখনো নিৰ্দেশনা জাৰি কৰা হৈছে।

যিকোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাবোৰে আৰক্ষীৰ সৈতে সহযোগিতা কৰি থকাৰ লগতে স্থানীয় চোৰাংচোৱা সংস্থাবোৰেও তৎপৰতা অৱলম্বন কৰা বুলি সদৰি কৰা হৈছে। আৰক্ষী বিষয়াগৰাকীয়ে ‘আমি অলপতে ৰাজ্যখনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ সন্দৰ্ভত ৰাজ্যৰ চোৰাংচোৱা বিভাগৰে বৈঠকত মিলিত হৈছোঁ। আৰু তেওঁলোকলৈ সতৰ্কতাসূচক জাননী জাৰি কৰা হৈছে। আমি ছ’চিয়েল মিডিয়াতো তীক্ষ্ণ নজৰ ৰখাৰ নিৰ্দেশ দিছোঁ আৰু যিকোনো উৰাবাতৰি প্ৰচাৰ প্ৰতিৰোধ কৰাৰ বাবে সতৰ্ক হৈ থকাৰ নিৰ্দিশ দিছোঁ। এই সময়ত পঞ্জাব কাশ্মীৰতকৈও অধিক স্পৰ্শকাতৰ হৈ আছে।

তেওঁ লগতে প্ৰকাশ কৰে যে, বিগত কেইটামান মাহত সীমান্তত ড্ৰোনৰ গতিবিধি বৃদ্ধি পাইছে। এই ড্ৰোনৰ জৰিয়তে ভাৰতৰ ভূখণ্ডত অস্ত্ৰ আৰু বিস্ফোৰক প্ৰেৰণ কৰি আহিছে পাক-সন্ত্ৰাসবাদীয়ে। এনেদৰে বহিঃৰাষ্ট্ৰৰ পৰা সৰবৰাহ কৰা অস্ত্ৰ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি ব্যাহত কৰাৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি তেওঁ আশংকা প্ৰকাশ কৰে।
উল্লেখ্য যে, অলপতে ৰাজ্যখনৰ লুধিয়ানাৰ এখন আদালতত সংঘটিত হৈছিল বিস্ফোৰণকৰ ঘটনা। এই ঘটনাত দুজন লোক নিহত হৈছিল। তদুপৰি ৰাজ্যখনৰ একাধিক গুৰুদ্বাৰত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাৰ আঁৰতো ষড়যন্ত্ৰ নিহিত থকাৰ আশংকা ব্যক্ত কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ কূটাঘাতে ৰাজ্যখনৰ পৰিস্থিতিৰ অৱনতিৰ আশংকা গাঢ় কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?