--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে কূটাঘাত। দেশৰ এখন অতি গুৰুত্বপূৰ্ণ ৰাজ্যৰ অতি স্পৰ্শকাতৰ পৰিস্থিতিয়ে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। আৰক্ষী-প্ৰশাসনৰ নিদ্ৰাহৰণ কৰাৰ উপক্ৰম ঘটোৱা ৰাজ্যখনৰ পৰিস্থিতিক লৈ চোৰাংচোৱা সংস্থাই দিছে ভয়ংকৰ সতৰ্কবাণী। আনকি ৰাজ্যখনৰ পৰিস্থিতি এতিয়া কাশ্মীৰতকৈও ভয়াৱহ হৈ উঠাৰ আশংকা কৰা হৈছে।


কাশ্মীৰতকৈও ভয়াৱহ পৰিস্থিতি সৃষ্টি হ’ব পঞ্জাৱত! কাৰ্যতঃ এই আশংকাই ব্যক্ত কৰিলে দেশৰ চোৰাংচোৱা সংস্থাসমূহে। পাকিস্তানৰ সীমাৱৰ্তী ৰাজ্যখনত অহা বছৰ অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। এই সময়ছোৱাত ভালেমান সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ আশংকা কৰা হৈছে। দেশৰ চোৰাংচোৱা সংস্থাই ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনক সতৰ্ক থাকিবলৈ সকীয়াই দিয়াৰ লগতে ছ’চিয়েল মিডিয়াতো তীক্ষ্ণ নজৰ ৰাখিবলৈ পৰামৰ্শ দিছে। এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কয় যে, সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰাৰ বাবে ইতিমধ্যে আৰক্ষীলৈ কেইবাখনো নিৰ্দেশনা জাৰি কৰা হৈছে।

যিকোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাবোৰে আৰক্ষীৰ সৈতে সহযোগিতা কৰি থকাৰ লগতে স্থানীয় চোৰাংচোৱা সংস্থাবোৰেও তৎপৰতা অৱলম্বন কৰা বুলি সদৰি কৰা হৈছে। আৰক্ষী বিষয়াগৰাকীয়ে ‘আমি অলপতে ৰাজ্যখনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ সন্দৰ্ভত ৰাজ্যৰ চোৰাংচোৱা বিভাগৰে বৈঠকত মিলিত হৈছোঁ। আৰু তেওঁলোকলৈ সতৰ্কতাসূচক জাননী জাৰি কৰা হৈছে। আমি ছ’চিয়েল মিডিয়াতো তীক্ষ্ণ নজৰ ৰখাৰ নিৰ্দেশ দিছোঁ আৰু যিকোনো উৰাবাতৰি প্ৰচাৰ প্ৰতিৰোধ কৰাৰ বাবে সতৰ্ক হৈ থকাৰ নিৰ্দিশ দিছোঁ। এই সময়ত পঞ্জাব কাশ্মীৰতকৈও অধিক স্পৰ্শকাতৰ হৈ আছে।

তেওঁ লগতে প্ৰকাশ কৰে যে, বিগত কেইটামান মাহত সীমান্তত ড্ৰোনৰ গতিবিধি বৃদ্ধি পাইছে। এই ড্ৰোনৰ জৰিয়তে ভাৰতৰ ভূখণ্ডত অস্ত্ৰ আৰু বিস্ফোৰক প্ৰেৰণ কৰি আহিছে পাক-সন্ত্ৰাসবাদীয়ে। এনেদৰে বহিঃৰাষ্ট্ৰৰ পৰা সৰবৰাহ কৰা অস্ত্ৰ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি ব্যাহত কৰাৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি তেওঁ আশংকা প্ৰকাশ কৰে।
উল্লেখ্য যে, অলপতে ৰাজ্যখনৰ লুধিয়ানাৰ এখন আদালতত সংঘটিত হৈছিল বিস্ফোৰণকৰ ঘটনা। এই ঘটনাত দুজন লোক নিহত হৈছিল। তদুপৰি ৰাজ্যখনৰ একাধিক গুৰুদ্বাৰত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাৰ আঁৰতো ষড়যন্ত্ৰ নিহিত থকাৰ আশংকা ব্যক্ত কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ কূটাঘাতে ৰাজ্যখনৰ পৰিস্থিতিৰ অৱনতিৰ আশংকা গাঢ় কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়