--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ বিখ্যাত অভিনেত্ৰী শ্ৰীদেৱীয়ে পাঁচ বছৰ পূৰ্বে বিশ্ববাসীৰ পৰা বিদায় লৈছিল। অভিনয়েৰে বলীউডত উন্নত স্থান লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। পূৰ্বে শীৰ্ষ অভিনেত্ৰীৰ তালিকাত আছিল আছিল শ্ৰীদেৱী। শ্ৰীদেৱীয়ে বনী কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে। শেহতীয়াকৈ শ্ৰীদেৱীৰ কন্যা জাহ্নৱী কাপুৰে তেওঁক স্মৰণ কৰি ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে।

অভিনেত্ৰী জাহ্নৱী কাপুৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে। ইয়াত তেওঁ লিখিছে, ‘মা, মই এতিয়াও তোমাক সকলোতে বিচাৰো। এতিয়াও মই সকলো কাম কৰিছো যিবোৰক লৈ তুমি মোৰ বাবে গৌৰৱান্বিত হ'ব পাৰা। মই য’তেই যাওঁ, যিয়েই নকৰোঁ, সেয়া তোমাৰ পৰাই আৰম্ভ হয় আৰু তোমাৰ পৰাই শেষ হয়।' জাহ্নৱী এই পোষ্টটোত বলীউডৰ বহু অভিনেতাই মন্তব্য কৰে। অভিনেতা ৰিতেশ দেশমুখ,  বলীউডৰ ডিজাইনাৰ মনীষ মালহোত্ৰা, অভিনেত্ৰী ৰাকুল প্ৰীত, কৰণ জোহৰ, আঠিয়া শেট্টীৰ পৰা বৰুণ ধাৱনেও মন্তব্য কৰে।


তাৎপৰ্যপূৰ্ণভাৱে শ্ৰীদেৱীৰ মৃত্যুৰ পাঁচ বছৰ হ’ল, যাৰ ওপৰত তেওঁৰ স্বামী বনী কাপুৰেও ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰে। শ্ৰীদেৱীৰ ছবি শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিছে, 'আপুনি আমাক ৫ বছৰ আগতে এৰি থৈ গৈছিল.. আপোনাৰ মৰম আৰু স্মৃতি সদায় আমাৰ লগত থাকিব।'



২০১৮ চনত ২৪ ফেব্ৰুৱাৰীত শ্ৰীদেৱীৰ মৃত্যু হয়। সেই সময়ছোৱাত তেওঁ ডুবাইত আছিল। এখন বিয়াত অংশগ্ৰহণ কৰিবলৈ তেওঁ ডুবাইলৈ গৈছিল। খবৰ অনুসৰি হোটেলৰ কোঠাৰ বাথটাবত তেওঁক উদ্ধাৰ কৰা হয়, য’ত শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। শ্ৰীদেৱীক শেষবাৰৰ বাবে দেখা গৈছিল মম ছবিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু