--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ বিখ্যাত অভিনেত্ৰী শ্ৰীদেৱীয়ে পাঁচ বছৰ পূৰ্বে বিশ্ববাসীৰ পৰা বিদায় লৈছিল। অভিনয়েৰে বলীউডত উন্নত স্থান লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। পূৰ্বে শীৰ্ষ অভিনেত্ৰীৰ তালিকাত আছিল আছিল শ্ৰীদেৱী। শ্ৰীদেৱীয়ে বনী কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে। শেহতীয়াকৈ শ্ৰীদেৱীৰ কন্যা জাহ্নৱী কাপুৰে তেওঁক স্মৰণ কৰি ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে।

অভিনেত্ৰী জাহ্নৱী কাপুৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে। ইয়াত তেওঁ লিখিছে, ‘মা, মই এতিয়াও তোমাক সকলোতে বিচাৰো। এতিয়াও মই সকলো কাম কৰিছো যিবোৰক লৈ তুমি মোৰ বাবে গৌৰৱান্বিত হ'ব পাৰা। মই য’তেই যাওঁ, যিয়েই নকৰোঁ, সেয়া তোমাৰ পৰাই আৰম্ভ হয় আৰু তোমাৰ পৰাই শেষ হয়।' জাহ্নৱী এই পোষ্টটোত বলীউডৰ বহু অভিনেতাই মন্তব্য কৰে। অভিনেতা ৰিতেশ দেশমুখ,  বলীউডৰ ডিজাইনাৰ মনীষ মালহোত্ৰা, অভিনেত্ৰী ৰাকুল প্ৰীত, কৰণ জোহৰ, আঠিয়া শেট্টীৰ পৰা বৰুণ ধাৱনেও মন্তব্য কৰে।


তাৎপৰ্যপূৰ্ণভাৱে শ্ৰীদেৱীৰ মৃত্যুৰ পাঁচ বছৰ হ’ল, যাৰ ওপৰত তেওঁৰ স্বামী বনী কাপুৰেও ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰে। শ্ৰীদেৱীৰ ছবি শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিছে, 'আপুনি আমাক ৫ বছৰ আগতে এৰি থৈ গৈছিল.. আপোনাৰ মৰম আৰু স্মৃতি সদায় আমাৰ লগত থাকিব।'



২০১৮ চনত ২৪ ফেব্ৰুৱাৰীত শ্ৰীদেৱীৰ মৃত্যু হয়। সেই সময়ছোৱাত তেওঁ ডুবাইত আছিল। এখন বিয়াত অংশগ্ৰহণ কৰিবলৈ তেওঁ ডুবাইলৈ গৈছিল। খবৰ অনুসৰি হোটেলৰ কোঠাৰ বাথটাবত তেওঁক উদ্ধাৰ কৰা হয়, য’ত শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। শ্ৰীদেৱীক শেষবাৰৰ বাবে দেখা গৈছিল মম ছবিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement