--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেলে ডেস্কঃ বাংলাদেশে পৰাজয়েৰে এছিয়া কাপৰ আৰম্ভণি কৰে। শ্ৰীলংকাৰ ঘৰুৱা মাটিত ঘৰুৱা দলটোৰ বিৰুদ্ধে মাত্ৰ ১৬৪ ৰানহে সংগ্ৰহ কৰে ছাকিব আল হাছান বাহিনীয়ে। শ্ৰীলংকাই সেই লক্ষ্য সহজেই অতিক্ৰম কৰে। মেচখনত ৫ উইকেটত জয়লাভ কৰে সিংহলী বাহিনী।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত বাংলাদেশৰ ইনিংছ ১৬৪ ৰানেৰে সমাপ্ত হয়। দলটোৰ হৈ কেৱল নাজমুল হাছান শান্তোৱে ৮৯ ৰান কৰে। শান্তোৱে ইনিংছ চম্ভালি নোলোৱা হ’লে বাংলাদেশে অধিক লাজৰ সন্মুখীন হ’লহেঁতেন৷ চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা মথিছা পাথিৰানাই অকলে ৪টা উইকেট দখল কৰে। তেওঁ মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণতি হয়।

বাংলাদেশে আৰম্ভণিৰে পৰাই উইকেট হেৰুৱাইছিল। দ্বিতীয় অভাৰত আউট হয় অ’পেনাৰ তাঞ্জিদ হাছান। অভিষেক মেচত কোনো ৰান নিদিয়াকৈয়ে তেওঁ পেভিলিঅ’নমুখী হয়। আন এজন অ’পেনাৰ মহম্মদ নৈমে ১৬ ৰান সংগ্ৰহ কৰে। অধিনায়ক ছাকিব আল হাছানক ৫ ৰানত আউট কৰা হয়। ৩৬ ৰানত তিনিটা উইকেট হেৰুৱাই বাংলাদেশ হেঁচাত পৰে।

অভিজ্ঞ মুছফিকুৰ ৰহিমো ব্যৰ্থ হয়। মাত্ৰ ১৩ ৰান সংগ্ৰহ কৰি আউট হয়। মেহদী হাছান মিৰাজক ৰান আউট কৰা হ’ল। বাংলাদেশে ১৬৪ ৰানেৰে অন্ত পেলায় ইনিংছ।

সেই ৰান খেদি খেদি শ্ৰীলংকাইও আগতীয়াকৈ উইকেট হেৰুৱাইছিল। ১৩ ৰানত প্ৰথম উইকেট হেৰুৱালে। ডিমুথ কৰুণাৰত্নে মাত্ৰ এটা ৰানত আউট হয়। পৰৱৰ্তী অভাৰত ছাকিবে কুশল মেণ্ডিছৰ উইকেট (৫) লয়। অ’পেনাৰ পাঠুম নিশাংকেও বেছি সময় ক্ৰীজত থাকিব নোৱাৰিলে। ১৬ ৰান সংগ্ৰহ কৰি আউট হয়।

এনেদৰে শ্ৰীলংকাই ৪৩ ৰানতে ৩ উইকেট হেৰুৱাইছে। কিন্তু যিহেতু লক্ষ্য বেছি নাছিল, সেয়েহে কেতিয়াও কোনো ধৰণৰ হেঁচা নাছিল। সাদিৰা সমৰাবিক্ৰম (৫৪) আৰু চৰিথ আশালংক (৬২ নট আউট) ৭৮ ৰানৰ অংশীদাৰিত্ব লাভ কৰে। ৫ উইকেটত জয়লাভ কৰে শ্ৰীলংকাই।




FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু