--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেলে ডেস্কঃ বাংলাদেশে পৰাজয়েৰে এছিয়া কাপৰ আৰম্ভণি কৰে। শ্ৰীলংকাৰ ঘৰুৱা মাটিত ঘৰুৱা দলটোৰ বিৰুদ্ধে মাত্ৰ ১৬৪ ৰানহে সংগ্ৰহ কৰে ছাকিব আল হাছান বাহিনীয়ে। শ্ৰীলংকাই সেই লক্ষ্য সহজেই অতিক্ৰম কৰে। মেচখনত ৫ উইকেটত জয়লাভ কৰে সিংহলী বাহিনী।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত বাংলাদেশৰ ইনিংছ ১৬৪ ৰানেৰে সমাপ্ত হয়। দলটোৰ হৈ কেৱল নাজমুল হাছান শান্তোৱে ৮৯ ৰান কৰে। শান্তোৱে ইনিংছ চম্ভালি নোলোৱা হ’লে বাংলাদেশে অধিক লাজৰ সন্মুখীন হ’লহেঁতেন৷ চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা মথিছা পাথিৰানাই অকলে ৪টা উইকেট দখল কৰে। তেওঁ মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণতি হয়।

বাংলাদেশে আৰম্ভণিৰে পৰাই উইকেট হেৰুৱাইছিল। দ্বিতীয় অভাৰত আউট হয় অ’পেনাৰ তাঞ্জিদ হাছান। অভিষেক মেচত কোনো ৰান নিদিয়াকৈয়ে তেওঁ পেভিলিঅ’নমুখী হয়। আন এজন অ’পেনাৰ মহম্মদ নৈমে ১৬ ৰান সংগ্ৰহ কৰে। অধিনায়ক ছাকিব আল হাছানক ৫ ৰানত আউট কৰা হয়। ৩৬ ৰানত তিনিটা উইকেট হেৰুৱাই বাংলাদেশ হেঁচাত পৰে।

অভিজ্ঞ মুছফিকুৰ ৰহিমো ব্যৰ্থ হয়। মাত্ৰ ১৩ ৰান সংগ্ৰহ কৰি আউট হয়। মেহদী হাছান মিৰাজক ৰান আউট কৰা হ’ল। বাংলাদেশে ১৬৪ ৰানেৰে অন্ত পেলায় ইনিংছ।

সেই ৰান খেদি খেদি শ্ৰীলংকাইও আগতীয়াকৈ উইকেট হেৰুৱাইছিল। ১৩ ৰানত প্ৰথম উইকেট হেৰুৱালে। ডিমুথ কৰুণাৰত্নে মাত্ৰ এটা ৰানত আউট হয়। পৰৱৰ্তী অভাৰত ছাকিবে কুশল মেণ্ডিছৰ উইকেট (৫) লয়। অ’পেনাৰ পাঠুম নিশাংকেও বেছি সময় ক্ৰীজত থাকিব নোৱাৰিলে। ১৬ ৰান সংগ্ৰহ কৰি আউট হয়।

এনেদৰে শ্ৰীলংকাই ৪৩ ৰানতে ৩ উইকেট হেৰুৱাইছে। কিন্তু যিহেতু লক্ষ্য বেছি নাছিল, সেয়েহে কেতিয়াও কোনো ধৰণৰ হেঁচা নাছিল। সাদিৰা সমৰাবিক্ৰম (৫৪) আৰু চৰিথ আশালংক (৬২ নট আউট) ৭৮ ৰানৰ অংশীদাৰিত্ব লাভ কৰে। ৫ উইকেটত জয়লাভ কৰে শ্ৰীলংকাই।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক