--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  গীতা হিন্দুসকলৰ বাবে পবিত্ৰ শাস্ত্ৰ। প্ৰতিগৰাকী ব্যক্তিয়ে জীৱনত এবাৰ হ'লেও গীতা পঢ়া উচিত। জীৱনৰ বিভিন্ন সমস্যাৰ সমাধান এই গীতাত আছে। গীতাৰ পৰামৰ্শ মানি চলিলে জীৱনত ভাল আৰু ভুলৰ মাজত পাৰ্থক্য বুজিব পাৰে। গীতা পঢ়িলে আৰু গীতাৰ উপদেশ পালন কৰিলে নিশ্চয় জীৱনলৈ সফলতা আহিব। আচলতে গীতাত ভিতৰত কিনো আছে জানিবলৈ সকলোৰে কৌতুহল। জানো আহক গীতা কি আৰু ইয়াত কি কি উপদেশ উল্লেখ কৰা হৈছে...

গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক মহাভাৰতত কুৰুক্ষেত্ৰ যুদ্ধৰ পূৰ্বে দিয়া উপদেশৰ কথা উল্লেখ কৰিছে যেতিয়া তেওঁ নিজৰ আত্মীয়ৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’বলৈ অস্বীকাৰ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই তেওঁক জীৱনৰ পাঠ শিকাইছিল যিবোৰ গীতাত স্পষ্টকৈ উল্লেখ আছে। গীতাত মুঠ ১৮টা অধ্যায় আৰু ৭০০টা পদ আছে। গীতাই ধৰ্মৰ পথৰ পৰা কেনেকৈ জীৱনত সফলতা লাভ কৰিব পাৰি তাৰ ইংগিত দিয়ে। বয়স বঢ়াৰ লগে লগে মানুহে এই কথা উপলব্ধি কৰিব পাৰে।

গীতাত উল্লেখ কৰা হৈছে যে আমি সদায় মনটোক নিয়ন্ত্ৰণ কৰা উচিত। আনন্দত গলি নাযাবা, দুখত ভাঙি নাযাবা। মনক নিয়ন্ত্ৰণ নকৰিলে কৰ্ম কেতিয়াও সঠিকভাৱে কৰিব নোৱাৰি। সফলতা আৰু বিফলতা আপোনাৰ জীৱনত আহিব কিন্তু সদায় নিজৰ কামত মনোনিৱেশ কৰক।

গীতাৰ কথাত উল্লেখ কৰা মতে, এজন মানুহে শেষ বছৰবোৰত উপলব্ধি কৰে যে তেওঁ গোটেই জীৱনত এনে লোকক গুৰুত্ব দিছে, যিসকলে তেওঁক কেতিয়াও তেওঁৰ প্ৰকৃত মূল্য নিদিলে। সেই ব্যক্তিজনে আপোনাৰ জীৱনত কোনো ধৰণে অৰিহণা যোগোৱা নাই।

গীতাবাণীক অনুসৰণ কৰিলে বুজিব যে জীৱনত আত্মপ্ৰতিফলন কিমান গুৰুত্বপূৰ্ণ। নিজকে পৰ্যালোচনা কৰিলে আপোনাৰ ভুলবোৰ বুজিব। জীৱনত সঠিক সিদ্ধান্ত লোৱাৰ আগতে আত্মপৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।

ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে মানুহে নিজৰ ক্ৰোধ নিয়ন্ত্ৰণ কৰিব লাগে। অত্যধিক খং কৰিলে ভুল সিদ্ধান্ত লোৱাৰ সম্ভাৱনা বেছি। অত্যধিক খংৰ ভিত্তিত কোনো সিদ্ধান্ত নলব যিটো আপোনাৰ জীৱনৰ বাবে ভাল নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ