--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ বাবে আইৰণ অতি গুৰুত্বপূৰ্ণ। শৰীৰত আইৰণৰ অভাৱৰ বাবে বহু ধৰণৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। কমকৈ ঋতুস্ৰাৱ হোৱা, সহজেই ভাগৰ লগা, ঠাণ্ডা লগা, শৰীৰৰ কঁপনি, শেতা পৰা, মূৰ ঘূৰোৱা, চকুৰে ধোঁৱা দেখা, উশাহ-নিশাহত কষ্ট পোৱা, হৃৎপিণ্ডৰ ধপ্‌ধপ্‌নি, শৰীৰ ফুলি উঠা, মূৰৰ বিষ, এলাহ ভাব, কোনো কামত মন নবহা, মনোযোগ কমি অহা আদি এইবিধ আইৰণ কমাৰ লক্ষণ। কিন্তু এনেকুৱা অৱস্থা বহুদিন চলি থাকিলে নখ, চুলি, ছাল, জিভা, মুখ আৰু খাদ্যনলীতো কিছুমান উপসৰ্গই দেখা দিয়ে। নখবোৰ মিহি, সহজে ভাগি যোৱা, চেপেটা হৈ যোৱা, চামুচ আকৃতিৰ হোৱা দেখা যায়। চুলি আৰু ছাল শুকান আৰু ৰূঢ় হৈ পৰে। জিভা মিহি হয় আৰু মুখৰ ঘা হোৱা দেখা যায়। তদুপৰি কেতিয়াবা জিভা বগা হোৱা, ছালৰ খজুৱতি হয়। কেতিয়াবা খাদ্যনলীত গাঁঠিৰ দৰে হৈ খাদ্য গিলিব নোৱাৰা অৱস্থা হোৱা দেখা যায়।

একে সময়তে শৰীৰত আইৰণৰ অভাৱৰ বাবে তেজৰ পৰিমাণো কমি যায়। যাৰ বাবে দুৰ্বলতা, মূৰ ঘূৰোৱা আৰু ভোক কমি যোৱা আদি সমস্যাও হ’ব পাৰে। বহুতে আইৰণৰ অভাৱ দূৰ কৰিবলৈ ঔষধ সেৱন কৰে। কিন্তু ঔষধৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগে। এনে পৰিস্থিতিত এনে শাক-পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে যাতে শৰীৰত আইৰণৰ অভাৱ দূৰ কৰিব পাৰে। কোনবোৰ শাক-পাচলি আপুনি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে জানো আহক।

১) ব্ৰকলিঃ ব্ৰকলি শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত কেলচিয়াম, আইৰণ আৰু ভিটামিন চি আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। খাদ্যত ব্ৰকলি অন্তৰ্ভুক্ত কৰিলে পাচনতন্ত্ৰ শক্তিশালী হয় আৰু দুৰ্বলতাৰ সমস্যা দূৰ হয়। একে সময়তে ডায়েবেটিছ ৰোগীয়েও সহজে ব্ৰকলি খাব পাৰে। 

২) পালেংশাকঃ পালেংশাক শৰীৰৰ বাবে অতি স্বাস্থ্যকৰ। ইয়াত আইৰণ, প্ৰটিন, ছডিয়াম আৰু পটাছিয়াম আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। খাদ্যত আইৰণ অন্তৰ্ভুক্ত কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পোৱাৰ লগতে ওজন কমাতো সহায় কৰে। পালেংশাকে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে।

৩) মটৰঃ শীতকালত বজাৰত সেউজীয়া মটৰ বৃহৎ পৰিমাণে পোৱা যায়। মটৰ শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত আইৰণ, ছডিয়াম, ফাইবাৰ আৰু ভিটামিন চি আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। মটৰ খোৱাৰ ফলত শৰীৰত আইৰণৰ অভাৱ সম্পূৰ্ণ হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়।

৪) বীটঃ বীট শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, ছডিয়াম আৰু কেলচিয়াম আদি পোৱা যায়। গতিকে দৈনিক বীট খালে ছালখন সুস্থ হৈ থকাৰ সমান্তৰালকৈ শৰীৰত তেজৰ পৰিমাণো বৃদ্ধি পায়।

৫) ৰঙালাওৰ বীজঃ ৰঙালাউৰ বীজ পেলাই নিদিব। ৰঙালাওৰ বীজত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। 

৬) কাচকলঃ আইৰণ ভালকৈ পাবলৈ হ'লে কাচকল খোৱাটো প্ৰয়োজন। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement