--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ বাবে আইৰণ অতি গুৰুত্বপূৰ্ণ। শৰীৰত আইৰণৰ অভাৱৰ বাবে বহু ধৰণৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। কমকৈ ঋতুস্ৰাৱ হোৱা, সহজেই ভাগৰ লগা, ঠাণ্ডা লগা, শৰীৰৰ কঁপনি, শেতা পৰা, মূৰ ঘূৰোৱা, চকুৰে ধোঁৱা দেখা, উশাহ-নিশাহত কষ্ট পোৱা, হৃৎপিণ্ডৰ ধপ্‌ধপ্‌নি, শৰীৰ ফুলি উঠা, মূৰৰ বিষ, এলাহ ভাব, কোনো কামত মন নবহা, মনোযোগ কমি অহা আদি এইবিধ আইৰণ কমাৰ লক্ষণ। কিন্তু এনেকুৱা অৱস্থা বহুদিন চলি থাকিলে নখ, চুলি, ছাল, জিভা, মুখ আৰু খাদ্যনলীতো কিছুমান উপসৰ্গই দেখা দিয়ে। নখবোৰ মিহি, সহজে ভাগি যোৱা, চেপেটা হৈ যোৱা, চামুচ আকৃতিৰ হোৱা দেখা যায়। চুলি আৰু ছাল শুকান আৰু ৰূঢ় হৈ পৰে। জিভা মিহি হয় আৰু মুখৰ ঘা হোৱা দেখা যায়। তদুপৰি কেতিয়াবা জিভা বগা হোৱা, ছালৰ খজুৱতি হয়। কেতিয়াবা খাদ্যনলীত গাঁঠিৰ দৰে হৈ খাদ্য গিলিব নোৱাৰা অৱস্থা হোৱা দেখা যায়।

একে সময়তে শৰীৰত আইৰণৰ অভাৱৰ বাবে তেজৰ পৰিমাণো কমি যায়। যাৰ বাবে দুৰ্বলতা, মূৰ ঘূৰোৱা আৰু ভোক কমি যোৱা আদি সমস্যাও হ’ব পাৰে। বহুতে আইৰণৰ অভাৱ দূৰ কৰিবলৈ ঔষধ সেৱন কৰে। কিন্তু ঔষধৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগে। এনে পৰিস্থিতিত এনে শাক-পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে যাতে শৰীৰত আইৰণৰ অভাৱ দূৰ কৰিব পাৰে। কোনবোৰ শাক-পাচলি আপুনি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে জানো আহক।

১) ব্ৰকলিঃ ব্ৰকলি শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত কেলচিয়াম, আইৰণ আৰু ভিটামিন চি আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। খাদ্যত ব্ৰকলি অন্তৰ্ভুক্ত কৰিলে পাচনতন্ত্ৰ শক্তিশালী হয় আৰু দুৰ্বলতাৰ সমস্যা দূৰ হয়। একে সময়তে ডায়েবেটিছ ৰোগীয়েও সহজে ব্ৰকলি খাব পাৰে। 

২) পালেংশাকঃ পালেংশাক শৰীৰৰ বাবে অতি স্বাস্থ্যকৰ। ইয়াত আইৰণ, প্ৰটিন, ছডিয়াম আৰু পটাছিয়াম আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। খাদ্যত আইৰণ অন্তৰ্ভুক্ত কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পোৱাৰ লগতে ওজন কমাতো সহায় কৰে। পালেংশাকে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে।

৩) মটৰঃ শীতকালত বজাৰত সেউজীয়া মটৰ বৃহৎ পৰিমাণে পোৱা যায়। মটৰ শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত আইৰণ, ছডিয়াম, ফাইবাৰ আৰু ভিটামিন চি আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। মটৰ খোৱাৰ ফলত শৰীৰত আইৰণৰ অভাৱ সম্পূৰ্ণ হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়।

৪) বীটঃ বীট শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, ছডিয়াম আৰু কেলচিয়াম আদি পোৱা যায়। গতিকে দৈনিক বীট খালে ছালখন সুস্থ হৈ থকাৰ সমান্তৰালকৈ শৰীৰত তেজৰ পৰিমাণো বৃদ্ধি পায়।

৫) ৰঙালাওৰ বীজঃ ৰঙালাউৰ বীজ পেলাই নিদিব। ৰঙালাওৰ বীজত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। 

৬) কাচকলঃ আইৰণ ভালকৈ পাবলৈ হ'লে কাচকল খোৱাটো প্ৰয়োজন। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু