--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বগা দাগ (vitiligo leucoderma)ৰ বিষয়ে বহু কথা শুনিবলৈ পোৱা যায়। বহুতৰে মনত বহু প্ৰশ্ন উত্থাপিত হোৱা বুলি ক’লে মনলৈ নিশ্চয়কৈ প্ৰথমে আহে যে বগা দাগ কেনেকৈ হয়? এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? বগা দাগ পৰাৰ পাছত শৰীৰত কেনেদৰে ইয়াৰ প্ৰভাৱ পৰে? বগা দাগ হ’লে কি কৰিব লাগে? এনে বহু প্ৰশ্নৰ উত্তৰ আমি এই লেখাটোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম।

 বগা দাগ সন্দৰ্ভত মানুহৰ মনত এক অদ্ভুত ভয়-আশংকা আছে। কেৱল এয়াই নহয়, বহুতে এই ৰোগক অস্পৃশ্যতা, কুষ্ঠ, পূৰ্বৰ জন্মৰ পাপ আদি বহু কথাৰে অভিহিত কৰিব বিচাৰে। কিন্তু আপুনি জানি আচৰিত হ’ব যে এইটো পূৰ্বৰ জন্মৰ পাপ নহয় বৰঞ্চ আপোনাৰ শৰীৰত হোৱা হৰম’নৰ পৰিৱৰ্তনৰ বাবেই এই ৰোগ হোৱা দেখা যায়। একে সময়তে বহুতে কয় যে ভুল খাদ্যভ্যাসৰ বাবেও এই ৰোগ হয়।

 চিকিৎসকৰ মতে, যেতিয়া যিকোনো ব্যক্তিৰ শৰীৰত ‘মেলান’চাইট’ অৰ্থাৎ ছালৰ ৰং সৃষ্টি কৰা কোষবোৰ ধ্বংস হৈ যায়, তেতিয়া তেওঁ ‘লিউকোডাৰ্মা’ বা ‘ভিটিলিগো’ বা বগা দাগ ৰোগত আক্ৰান্ত হয়। বহু বিশেষজ্ঞৰ মতে এই ৰোগ জেনেটিকো হ’ব পাৰে। ছালৰ বিশেষজ্ঞৰৰ মতে, থাইৰয়ডৰ সমস্যা থকা লোকসকল এই ৰোগত আক্ৰান্ত হোৱা আশংকা অধিক থাকে। চিকিৎসা বিজ্ঞানৰ মতে ইয়াৰ চিকিৎসা কৰি সম্পূৰ্ণকৈ নিৰাময় কৰিব নোৱাৰিলেও কিছু পৰিমাণে ইয়াক হ্ৰাস কৰিব পাৰি।

 বগা দাগ বা ভিটিলিগোৰ প্ৰাৰম্ভিক লক্ষণ-

 * ঠায়ে ঠায়ে ছালৰ ৰং সলনি হোৱা।

* আৰম্ভণিতে এই লক্ষণ হাত-ভৰি, মুখ, ওঁঠৰ পৰা হয়। য’ত সূৰ্যৰ পোহৰ প্ৰত্যক্ষভাৱে পৰে।

* চুলি শুকাই যোৱা, দাড়ি আৰু ভ্ৰুৰ ৰং সলনি হোৱা বা বগা হোৱা।

চকুৰ ৰেটিনাৰ স্তৰৰ ৰং সলনি হোৱা।

* চিকিৎসা বিজ্ঞানৰ ভাষাত ক’বলৈ গ’লে বগা দাগ ৰোগ এবাৰ হ’লেই কিমান বৃদ্ধি হ’ব পাৰে সেয়া কোৱা টান।

* বহু সময়ত সঠিক চিকিৎসা কৰিলে নতুন নতুন দাগ গঠন বন্ধ হৈ যায়। বেছিভাগ ক্ষেত্ৰতে বগা দাগবোৰ ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰে আৰু শৰীৰৰ সকলো অংগলৈ বিয়পি পৰে।

 বগা দাগ পৰাৰ পিছত শৰীৰত এই পৰিৱৰ্তন দেখা যায়-

 সামাজিক আৰু মানসিক চাপঃ-ভাৰতীয় সমাজত বগা দাগ ৰোগক অস্পৃশ্যতাৰ সৈতে সংযোগ কৰি দেখা যায়। যাৰ বাবে ইয়াৰ ৰোগীসকলে এক সামাজিক আৰু মানসিক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।

 ছালৰ কৰ্কট ৰোগঃ-এই ৰোগৰ বাবে ৰ’দত পোৰা আৰু ছালৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

 চকুৰ ৰোগঃ-বগা দাগবোৰে শৰীৰত বহুতো প্ৰভাৱ পেলায়। যেনে-চকুত সমস্যা আৰম্ভ হয়।

 বধিৰতাঃ-শ্ৰৱণ ক্ষমতা হ্ৰাস পায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু