--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বগা দাগ (vitiligo leucoderma)ৰ বিষয়ে বহু কথা শুনিবলৈ পোৱা যায়। বহুতৰে মনত বহু প্ৰশ্ন উত্থাপিত হোৱা বুলি ক’লে মনলৈ নিশ্চয়কৈ প্ৰথমে আহে যে বগা দাগ কেনেকৈ হয়? এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? বগা দাগ পৰাৰ পাছত শৰীৰত কেনেদৰে ইয়াৰ প্ৰভাৱ পৰে? বগা দাগ হ’লে কি কৰিব লাগে? এনে বহু প্ৰশ্নৰ উত্তৰ আমি এই লেখাটোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম।

 বগা দাগ সন্দৰ্ভত মানুহৰ মনত এক অদ্ভুত ভয়-আশংকা আছে। কেৱল এয়াই নহয়, বহুতে এই ৰোগক অস্পৃশ্যতা, কুষ্ঠ, পূৰ্বৰ জন্মৰ পাপ আদি বহু কথাৰে অভিহিত কৰিব বিচাৰে। কিন্তু আপুনি জানি আচৰিত হ’ব যে এইটো পূৰ্বৰ জন্মৰ পাপ নহয় বৰঞ্চ আপোনাৰ শৰীৰত হোৱা হৰম’নৰ পৰিৱৰ্তনৰ বাবেই এই ৰোগ হোৱা দেখা যায়। একে সময়তে বহুতে কয় যে ভুল খাদ্যভ্যাসৰ বাবেও এই ৰোগ হয়।

 চিকিৎসকৰ মতে, যেতিয়া যিকোনো ব্যক্তিৰ শৰীৰত ‘মেলান’চাইট’ অৰ্থাৎ ছালৰ ৰং সৃষ্টি কৰা কোষবোৰ ধ্বংস হৈ যায়, তেতিয়া তেওঁ ‘লিউকোডাৰ্মা’ বা ‘ভিটিলিগো’ বা বগা দাগ ৰোগত আক্ৰান্ত হয়। বহু বিশেষজ্ঞৰ মতে এই ৰোগ জেনেটিকো হ’ব পাৰে। ছালৰ বিশেষজ্ঞৰৰ মতে, থাইৰয়ডৰ সমস্যা থকা লোকসকল এই ৰোগত আক্ৰান্ত হোৱা আশংকা অধিক থাকে। চিকিৎসা বিজ্ঞানৰ মতে ইয়াৰ চিকিৎসা কৰি সম্পূৰ্ণকৈ নিৰাময় কৰিব নোৱাৰিলেও কিছু পৰিমাণে ইয়াক হ্ৰাস কৰিব পাৰি।

 বগা দাগ বা ভিটিলিগোৰ প্ৰাৰম্ভিক লক্ষণ-

 * ঠায়ে ঠায়ে ছালৰ ৰং সলনি হোৱা।

* আৰম্ভণিতে এই লক্ষণ হাত-ভৰি, মুখ, ওঁঠৰ পৰা হয়। য’ত সূৰ্যৰ পোহৰ প্ৰত্যক্ষভাৱে পৰে।

* চুলি শুকাই যোৱা, দাড়ি আৰু ভ্ৰুৰ ৰং সলনি হোৱা বা বগা হোৱা।

চকুৰ ৰেটিনাৰ স্তৰৰ ৰং সলনি হোৱা।

* চিকিৎসা বিজ্ঞানৰ ভাষাত ক’বলৈ গ’লে বগা দাগ ৰোগ এবাৰ হ’লেই কিমান বৃদ্ধি হ’ব পাৰে সেয়া কোৱা টান।

* বহু সময়ত সঠিক চিকিৎসা কৰিলে নতুন নতুন দাগ গঠন বন্ধ হৈ যায়। বেছিভাগ ক্ষেত্ৰতে বগা দাগবোৰ ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰে আৰু শৰীৰৰ সকলো অংগলৈ বিয়পি পৰে।

 বগা দাগ পৰাৰ পিছত শৰীৰত এই পৰিৱৰ্তন দেখা যায়-

 সামাজিক আৰু মানসিক চাপঃ-ভাৰতীয় সমাজত বগা দাগ ৰোগক অস্পৃশ্যতাৰ সৈতে সংযোগ কৰি দেখা যায়। যাৰ বাবে ইয়াৰ ৰোগীসকলে এক সামাজিক আৰু মানসিক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।

 ছালৰ কৰ্কট ৰোগঃ-এই ৰোগৰ বাবে ৰ’দত পোৰা আৰু ছালৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

 চকুৰ ৰোগঃ-বগা দাগবোৰে শৰীৰত বহুতো প্ৰভাৱ পেলায়। যেনে-চকুত সমস্যা আৰম্ভ হয়।

 বধিৰতাঃ-শ্ৰৱণ ক্ষমতা হ্ৰাস পায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক