--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃষ্ট্ৰোক এতিয়া সমগ্ৰ বিশ্বতে এক জটিল সমস্যা হিচাবে দেখা দিছে৷ এই মাৰাত্মক ৰোগবিধে যিকোনো লোককে হঠাতে  আক্ৰমণ কৰিব পাৰে। কিন্তু তেজৰ গ্ৰুপটো জনা থাকিলে  লোক এজনৰ  ষ্ট্ৰোক হোৱাৰ আশংকা কিমান সেয়া জনাটো সম্ভৱ।শেহতীয়াকৈ  গৱেষকসকলে সেই বুলিয়েই  দাবী কৰিছে। চিকিৎসকসকলেও সেই গৱেষণাৰ তথ্যকলৈ  আশাবাদী হৈ পৰিছে। এই বিষয়ত অধিক গৱেষণা কৰিলে হয়তো  ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰিব পৰাৰ লগতে  আৰু ইয়াক প্ৰতিৰোধ কৰাৰ উপায়ো বিচাৰি উলিয়াব পৰা যাব৷

চিকিৎসা বিজ্ঞান সম্পৰ্কীয়  আলোচনী নিউৰোলজীত প্ৰকাশিত এখন নিবন্ধত  এই বিষয়ত  আলোকপাত কৰা হৈছে। সেই নিবন্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিন (ইউএমএছঅ'এম)ৰ গৱেষকসকলে দাবী কৰিছে  যে ৬০ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত গ্ৰুপ  'এ' তেজ থাকিলে ষ্ট্ৰোকৰ আশংকা সৰ্বাধিক হয়। আনহাতে, যিসকলৰ তেজৰ গ্ৰুপ  'অ' ,  তেওঁলোকৰ বিপদাশংকা আটাইতকৈ কম।গৱেষকসকলে ষ্ট্ৰোক আক্ৰান্ত হোৱা প্ৰায় ১৭,০০০ ৰোগীৰ ওপৰত ৪৮  প্ৰকাৰৰ জিন পৰীক্ষা কৰিছিল। সকলো অংশগ্ৰহণকাৰীৰ বয়স ১৮ ৰ পৰা ৫৯ বছৰৰ ভিতৰত আছিল। ইয়াত দেখা গৈছিল যে ৬০ বছৰৰ তলৰ লোক যাৰ তেজৰ গ্ৰুপ  'এ' হ’লে  তেওঁলোকৰ ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ১৬ শতাংশ বেছি হয়। আনহাতে, 'অ' গ্ৰুপৰ  বাবে ষ্ট্ৰোকৰ আশংকা ১২  শতাংশ কম কম।

কিন্তু এই বিপদাশংকা কিয় বেলেগ বেলেগ হয়? নিবন্ধটোৰ অন্যতম লেখক নিউৰোলজিষ্ট ষ্টিভেন কিটনাৰে কৈছে যে গৱেষকসকলে এতিয়াও সেই বিষয়ত নিৰ্দিষ্ট সিদ্ধান্ত উপনীত হ’ব পৰা নাই। তেওঁ কয় "আমি এতিয়াও নাজানো কিয় তেজৰ গ্ৰুপ  'এ'ৰ লোকসকল ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। কিন্তু সম্ভৱতঃ তেজ গোট মৰাৰ সম্ভাৱনাই ইয়াত বিশেষ ভূমিকা পালন কৰি আছে। "

মন কৰিবলগীয়া কথাটো হ’ল  তেজৰ নলীকা বোৰৰ জৰিয়তে মগজুত তেজ উপস্থিত হয়। কিন্তু যদি ৰক্তনলীকাবোৰ কোনো প্ৰকাৰে ফাটি যায়   বা তাত তেজ  গোট মাৰে তেন্তে  ষ্ট্ৰোক হয়। তেনে ক্ষেত্ৰত ৰোগীক লগে লগে   চিকিৎসালয়লৈ লৈ যাব লাগে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু