--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃষ্ট্ৰোক এতিয়া সমগ্ৰ বিশ্বতে এক জটিল সমস্যা হিচাবে দেখা দিছে৷ এই মাৰাত্মক ৰোগবিধে যিকোনো লোককে হঠাতে  আক্ৰমণ কৰিব পাৰে। কিন্তু তেজৰ গ্ৰুপটো জনা থাকিলে  লোক এজনৰ  ষ্ট্ৰোক হোৱাৰ আশংকা কিমান সেয়া জনাটো সম্ভৱ।শেহতীয়াকৈ  গৱেষকসকলে সেই বুলিয়েই  দাবী কৰিছে। চিকিৎসকসকলেও সেই গৱেষণাৰ তথ্যকলৈ  আশাবাদী হৈ পৰিছে। এই বিষয়ত অধিক গৱেষণা কৰিলে হয়তো  ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰিব পৰাৰ লগতে  আৰু ইয়াক প্ৰতিৰোধ কৰাৰ উপায়ো বিচাৰি উলিয়াব পৰা যাব৷

চিকিৎসা বিজ্ঞান সম্পৰ্কীয়  আলোচনী নিউৰোলজীত প্ৰকাশিত এখন নিবন্ধত  এই বিষয়ত  আলোকপাত কৰা হৈছে। সেই নিবন্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিন (ইউএমএছঅ'এম)ৰ গৱেষকসকলে দাবী কৰিছে  যে ৬০ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত গ্ৰুপ  'এ' তেজ থাকিলে ষ্ট্ৰোকৰ আশংকা সৰ্বাধিক হয়। আনহাতে, যিসকলৰ তেজৰ গ্ৰুপ  'অ' ,  তেওঁলোকৰ বিপদাশংকা আটাইতকৈ কম।গৱেষকসকলে ষ্ট্ৰোক আক্ৰান্ত হোৱা প্ৰায় ১৭,০০০ ৰোগীৰ ওপৰত ৪৮  প্ৰকাৰৰ জিন পৰীক্ষা কৰিছিল। সকলো অংশগ্ৰহণকাৰীৰ বয়স ১৮ ৰ পৰা ৫৯ বছৰৰ ভিতৰত আছিল। ইয়াত দেখা গৈছিল যে ৬০ বছৰৰ তলৰ লোক যাৰ তেজৰ গ্ৰুপ  'এ' হ’লে  তেওঁলোকৰ ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ১৬ শতাংশ বেছি হয়। আনহাতে, 'অ' গ্ৰুপৰ  বাবে ষ্ট্ৰোকৰ আশংকা ১২  শতাংশ কম কম।

কিন্তু এই বিপদাশংকা কিয় বেলেগ বেলেগ হয়? নিবন্ধটোৰ অন্যতম লেখক নিউৰোলজিষ্ট ষ্টিভেন কিটনাৰে কৈছে যে গৱেষকসকলে এতিয়াও সেই বিষয়ত নিৰ্দিষ্ট সিদ্ধান্ত উপনীত হ’ব পৰা নাই। তেওঁ কয় "আমি এতিয়াও নাজানো কিয় তেজৰ গ্ৰুপ  'এ'ৰ লোকসকল ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। কিন্তু সম্ভৱতঃ তেজ গোট মৰাৰ সম্ভাৱনাই ইয়াত বিশেষ ভূমিকা পালন কৰি আছে। "

মন কৰিবলগীয়া কথাটো হ’ল  তেজৰ নলীকা বোৰৰ জৰিয়তে মগজুত তেজ উপস্থিত হয়। কিন্তু যদি ৰক্তনলীকাবোৰ কোনো প্ৰকাৰে ফাটি যায়   বা তাত তেজ  গোট মাৰে তেন্তে  ষ্ট্ৰোক হয়। তেনে ক্ষেত্ৰত ৰোগীক লগে লগে   চিকিৎসালয়লৈ লৈ যাব লাগে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক