--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত বৃক্ক পাথৰৰ সমস্যাত সকলো বয়সৰ  লোক আক্ৰান্ত হোৱা দেখা যায়। ইয়াৰ লক্ষণবোৰ নাজানিলে পাথৰৰ আকাৰ বাঢ়ি যায়। একে সময়তে সঠিক চিকিৎসা নকৰিলে বৃক্কৰ ক্ষতিৰ আশংকাও বৃদ্ধি পায়। ভুল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ উপৰি অধিক নিমখ খালেও কিডনীত পাথৰৰ সমস্যা হ’ব পাৰে। সেয়েহে এনে কিছুমান উপায় জানো আহক যিবোৰ গ্ৰহণ কৰি আপুনিও বৃক্কৰ পাথৰৰ আশংকাৰ পৰা মুক্তি পাব পাৰে।

* বৃক্কত পাথৰ হোৱাৰ কাৰণসমূহ-

যেতিয়া দ্ৰৱীভূত খনিজ পদাৰ্থ বৃক্কত জমা হৈ শৰীৰৰ পৰা ওলাই যাব নোৱাৰে, তেতিয়া ই লাহে লাহে পাথৰৰ আকৃতি লয়। ইয়াকে কিডনী ষ্টোন বোলা হয়। চিকিৎসাৰ ইতিহাস, মেদবহুলতা, ডায়েবেটিছ, উচ্চ বি পি আৰু উচ্চ ইউৰিক এচিড আদি সমস্যাৰ বাবেও বৃক্কৰ পাথৰৰ সমস্যা হ’ব পাৰে। ইয়াৰ কাৰণ যিয়েই নহওক কিয়, সময়মতে আৰু শুদ্ধ চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়।

 * বৃক্কৰ পাথৰৰ পৰা হাত সাৰিবলৈ ৫টা উপায়-

১. বেছি নিমখ ব্যৱহাৰ নকৰিবঃ-হাৰ্ভাৰ্ড হেল্থৰ এক প্ৰতিবেদন অনুসৰি অধিক পৰিমাণে নিমখ খালে কিডনীত পাথৰৰ সমস্যা হ’ব পাৰে, কাৰণ বেছিকৈ নিমখ খালে প্ৰস্ৰাৱত কেলচিয়ামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত পাথৰ গঠন হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। আনহাতে বৃক্কৰ পাথৰত আক্ৰান্ত লোকৰ বাবে ১৫০০ মিলিগ্ৰাম নিমখহে উপযুক্ত।

২. অধিক পানী খালে বিপদৰ পৰা হাত সাৰিব পাৰিঃ-এই সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনিক প্ৰচুৰ পৰিমাণে পানী খাব লাগে। ইয়াৰ বাবেই বৃক্কত জমা হোৱা অতিৰিক্ত খনিজ পদাৰ্থবোৰ ওলাই যায়। যদি আপুনি পানীত নেমু বা টেঙা কিবা এটা মিহলাই সেই পানী খায়, তেতিয়াও বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা ৰোধ হয়। দৈনিক কমেও ৩-৪ লিটাৰ পানী খাব লাগে।

৩. কেলছিয়ামঃ-কেলছিয়ামসমৃদ্ধ খাদ্য খালে কিডনী ষ্টোনৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। গাখীৰ, দৈ, পনীৰ, সৰিয়হ, আলমণ্ড আৰু সেউজীয়া পাতৰ শাক-পাচলি সেৱন কৰিলে আপোনাৰ প্ৰস্ৰাৱত কেলচিয়াম জমা হোৱাৰ সম্ভাৱনা কমি যায় আৰু পাথৰ হোৱাৰ আশংকাও হ্ৰাস পায়।

৪. ইউৰিক এচিডঃ-ৰঙা মাংস, কুকুৰা, কণী আৰু সাগৰীয় খাদ্য অতিৰিক্তভাৱে ব্যৱহাৰ নকৰিব। এইবোৰ খাদ্য অতিমাত্ৰা সেৱন কৰিলে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায় আৰু বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। নন-ভেজ খাদ্যৰ পৰিৱৰ্তে স্বাস্থ্যসন্মত খাদ্য খোৱা উচিত।

৫. চকলেট নাখাবঃ-চকলেট, চাহ আৰু আখৰোটৰ অধিক ব্যৱহাৰ কৰিলেও কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এনে পৰিস্থিতিত এইবোৰ বস্তুৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে, যিমান পাৰি স্বাস্থ্যকৰ বস্তু খাব লাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement