--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত বৃক্ক পাথৰৰ সমস্যাত সকলো বয়সৰ  লোক আক্ৰান্ত হোৱা দেখা যায়। ইয়াৰ লক্ষণবোৰ নাজানিলে পাথৰৰ আকাৰ বাঢ়ি যায়। একে সময়তে সঠিক চিকিৎসা নকৰিলে বৃক্কৰ ক্ষতিৰ আশংকাও বৃদ্ধি পায়। ভুল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ উপৰি অধিক নিমখ খালেও কিডনীত পাথৰৰ সমস্যা হ’ব পাৰে। সেয়েহে এনে কিছুমান উপায় জানো আহক যিবোৰ গ্ৰহণ কৰি আপুনিও বৃক্কৰ পাথৰৰ আশংকাৰ পৰা মুক্তি পাব পাৰে।

* বৃক্কত পাথৰ হোৱাৰ কাৰণসমূহ-

যেতিয়া দ্ৰৱীভূত খনিজ পদাৰ্থ বৃক্কত জমা হৈ শৰীৰৰ পৰা ওলাই যাব নোৱাৰে, তেতিয়া ই লাহে লাহে পাথৰৰ আকৃতি লয়। ইয়াকে কিডনী ষ্টোন বোলা হয়। চিকিৎসাৰ ইতিহাস, মেদবহুলতা, ডায়েবেটিছ, উচ্চ বি পি আৰু উচ্চ ইউৰিক এচিড আদি সমস্যাৰ বাবেও বৃক্কৰ পাথৰৰ সমস্যা হ’ব পাৰে। ইয়াৰ কাৰণ যিয়েই নহওক কিয়, সময়মতে আৰু শুদ্ধ চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়।

 * বৃক্কৰ পাথৰৰ পৰা হাত সাৰিবলৈ ৫টা উপায়-

১. বেছি নিমখ ব্যৱহাৰ নকৰিবঃ-হাৰ্ভাৰ্ড হেল্থৰ এক প্ৰতিবেদন অনুসৰি অধিক পৰিমাণে নিমখ খালে কিডনীত পাথৰৰ সমস্যা হ’ব পাৰে, কাৰণ বেছিকৈ নিমখ খালে প্ৰস্ৰাৱত কেলচিয়ামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত পাথৰ গঠন হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। আনহাতে বৃক্কৰ পাথৰত আক্ৰান্ত লোকৰ বাবে ১৫০০ মিলিগ্ৰাম নিমখহে উপযুক্ত।

২. অধিক পানী খালে বিপদৰ পৰা হাত সাৰিব পাৰিঃ-এই সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনিক প্ৰচুৰ পৰিমাণে পানী খাব লাগে। ইয়াৰ বাবেই বৃক্কত জমা হোৱা অতিৰিক্ত খনিজ পদাৰ্থবোৰ ওলাই যায়। যদি আপুনি পানীত নেমু বা টেঙা কিবা এটা মিহলাই সেই পানী খায়, তেতিয়াও বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা ৰোধ হয়। দৈনিক কমেও ৩-৪ লিটাৰ পানী খাব লাগে।

৩. কেলছিয়ামঃ-কেলছিয়ামসমৃদ্ধ খাদ্য খালে কিডনী ষ্টোনৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। গাখীৰ, দৈ, পনীৰ, সৰিয়হ, আলমণ্ড আৰু সেউজীয়া পাতৰ শাক-পাচলি সেৱন কৰিলে আপোনাৰ প্ৰস্ৰাৱত কেলচিয়াম জমা হোৱাৰ সম্ভাৱনা কমি যায় আৰু পাথৰ হোৱাৰ আশংকাও হ্ৰাস পায়।

৪. ইউৰিক এচিডঃ-ৰঙা মাংস, কুকুৰা, কণী আৰু সাগৰীয় খাদ্য অতিৰিক্তভাৱে ব্যৱহাৰ নকৰিব। এইবোৰ খাদ্য অতিমাত্ৰা সেৱন কৰিলে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায় আৰু বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। নন-ভেজ খাদ্যৰ পৰিৱৰ্তে স্বাস্থ্যসন্মত খাদ্য খোৱা উচিত।

৫. চকলেট নাখাবঃ-চকলেট, চাহ আৰু আখৰোটৰ অধিক ব্যৱহাৰ কৰিলেও কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এনে পৰিস্থিতিত এইবোৰ বস্তুৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে, যিমান পাৰি স্বাস্থ্যকৰ বস্তু খাব লাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু