--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ টেষ্টৰ প্ৰাক্তন অধিনায়ক ডিন এলগাৰে বিৰাট কোহলীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে। প্ৰথমবাৰৰ বাবে খেলপথাৰত লগ পোৱাৰ সময়ত কোহলীয়ে কোহলীয়ে তেওঁক থু পেলোৱা বুলি অভিযোগ উত্থাপন কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

শেহতীয়াকৈ ঘৰুৱা ক্ষেত্ৰত ভাৰতৰ বিৰুদ্ধে দুখন টেষ্ট শৃংখলা খেলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল এলগাৰে। শেষ ইনিংছ খেলি খেলপথাৰ এৰি যোৱাৰ সময়ত কোহলীয়ে পিঠিত থপৰিয়াই দিয়ে। কোহলীকো এলগাৰৰ সৈতে পৃথকে পৃথকে কথা পতা দেখা গৈছিল। অৱশ্যে আৰম্ভণিৰে পৰা দুয়োৰে মাজত ইমান ভাল সম্পৰ্ক নাছিল। ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীৰ লগত কথা পাতিবলৈও ইচ্ছা কৰা নাছিল এলগাৰে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত এলগাৰে কোহলীৰ সৈতে তেওঁৰ তিক্ততাৰ বিষয়ে কয়। ভাৰতলৈ অহাৰ পাছত প্ৰথমবাৰৰ বাবে খেলপথাৰত কোহলীৰ মুখামুখি হোৱাৰ অভিজ্ঞতা সন্দৰ্ভত তেওঁ কয়, ‘মই বেটিং কৰিবলৈ নামি আহিলোঁ। ৰবিচন্দ্ৰন অশ্বিন আৰু জেজা, জেজা, জেজা (ৰবীন্দ্ৰ জাদেজা) নামৰ কোনোবা এজনে বল খেলিবলৈ সাজু হৈছিল। তেতিয়া কোহলীয়ে মোৰ ওপৰত থু পেলালে। তেওঁৰ বৰ খং উঠিল। মই তেওঁক ক’লোঁ, আৰু এবাৰ কৰিলে মই তোমাক বেটেৰে মাৰিম।’’

থু পেলোৱাৰ উপৰিও এলগাৰে অভিযোগ কৰে যে কোহলীয়ে তেওঁক দক্ষিণ আফ্ৰিকাৰ স্থানীয় ভাষাত গালি-গালাজ কৰিছিল। কিন্তু কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ স্থানীয় স্লেংগ জানেনে? এলগাৰে ক’লে, “হয়, কোহলীয়ে জানে। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুত তেওঁৰ সতীৰ্থ আছিল এ বি ডি ভিলিয়াৰ্ছ। ডি ভিলিয়াৰ্ছৰ পৰা শিকিছিল। বুজিব পাৰে মই কোহলীক কৈছিলো, তুমি মোক গালি পাৰিলে মই তোমাক খেলপথাৰৰ পৰা বাহিৰ কৰি দিম।’’

কোহলীৰ স’তে সমস্যা কেনেকৈ সমাধান হ’ল সেই কথাও এলগাৰে কয়। তেওঁ কয়, ''সেই টেষ্টৰ পাছত ডি ভিলিয়াৰ্ছে কোহলীৰ সৈতে এই বিষয়ে কথা পাতিছিল। তাৰ আগতে মই তেওঁক একো কোৱা নাছিলো। খেলপথাৰতে এই ঘটনাৰ বিষয়ে গম পালে ডি ভিলিয়াৰ্ছে। তেওঁ আগবাঢ়ি গ’ল কোহলীৰ ওচৰলৈ। পোনপটীয়াকৈ সোধাত মোৰ সতীৰ্থক কিয় থু পেলাইছে? ডি ভিলিয়াৰেই কথা পাতি সমস্যাটো সমাধান কৰিছিল।’’

এই ঘটনাৰ প্ৰায় দুবছৰৰ পাছত কোহলীয়ে এলগাৰৰ ওচৰত ক্ষমা বিচাৰিলে। দক্ষিণ আফ্ৰিকাত থকাৰ সময়ত কোহলীয়ে এলগাৰক ফোন কৰিছিল। সেই ঘটনা সন্দৰ্ভত এলগাৰে কয় যে- ''কোহলীয়ে দক্ষিণ আফ্ৰিকালৈ অহাৰ পিছত মোক ফোন কৰিছিল। তেওঁৰ বেয়া কামৰ বাবে মোৰ ওচৰত ক্ষমা খুজিলে। জানিব বিচাৰিছিল যে চিৰিজ শেষ হোৱাৰ পিছত আমি একেলগে পানীয় খাবলৈ যাব পাৰো নেকি। আমি গ’লোঁ৷ আমি দুয়ো ৰাতিপুৱা ৩ বজালৈকে মদ খালোঁ।''

এতিয়া অৱশ্যে দুয়োৰে মাজত কোনো সমস্যা নাই। সকলো স্বাভাৱিক। এলগাৰে কয় যে তেওঁলোকৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু