--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ টেষ্টৰ প্ৰাক্তন অধিনায়ক ডিন এলগাৰে বিৰাট কোহলীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে। প্ৰথমবাৰৰ বাবে খেলপথাৰত লগ পোৱাৰ সময়ত কোহলীয়ে কোহলীয়ে তেওঁক থু পেলোৱা বুলি অভিযোগ উত্থাপন কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

শেহতীয়াকৈ ঘৰুৱা ক্ষেত্ৰত ভাৰতৰ বিৰুদ্ধে দুখন টেষ্ট শৃংখলা খেলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল এলগাৰে। শেষ ইনিংছ খেলি খেলপথাৰ এৰি যোৱাৰ সময়ত কোহলীয়ে পিঠিত থপৰিয়াই দিয়ে। কোহলীকো এলগাৰৰ সৈতে পৃথকে পৃথকে কথা পতা দেখা গৈছিল। অৱশ্যে আৰম্ভণিৰে পৰা দুয়োৰে মাজত ইমান ভাল সম্পৰ্ক নাছিল। ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীৰ লগত কথা পাতিবলৈও ইচ্ছা কৰা নাছিল এলগাৰে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত এলগাৰে কোহলীৰ সৈতে তেওঁৰ তিক্ততাৰ বিষয়ে কয়। ভাৰতলৈ অহাৰ পাছত প্ৰথমবাৰৰ বাবে খেলপথাৰত কোহলীৰ মুখামুখি হোৱাৰ অভিজ্ঞতা সন্দৰ্ভত তেওঁ কয়, ‘মই বেটিং কৰিবলৈ নামি আহিলোঁ। ৰবিচন্দ্ৰন অশ্বিন আৰু জেজা, জেজা, জেজা (ৰবীন্দ্ৰ জাদেজা) নামৰ কোনোবা এজনে বল খেলিবলৈ সাজু হৈছিল। তেতিয়া কোহলীয়ে মোৰ ওপৰত থু পেলালে। তেওঁৰ বৰ খং উঠিল। মই তেওঁক ক’লোঁ, আৰু এবাৰ কৰিলে মই তোমাক বেটেৰে মাৰিম।’’

থু পেলোৱাৰ উপৰিও এলগাৰে অভিযোগ কৰে যে কোহলীয়ে তেওঁক দক্ষিণ আফ্ৰিকাৰ স্থানীয় ভাষাত গালি-গালাজ কৰিছিল। কিন্তু কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ স্থানীয় স্লেংগ জানেনে? এলগাৰে ক’লে, “হয়, কোহলীয়ে জানে। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুত তেওঁৰ সতীৰ্থ আছিল এ বি ডি ভিলিয়াৰ্ছ। ডি ভিলিয়াৰ্ছৰ পৰা শিকিছিল। বুজিব পাৰে মই কোহলীক কৈছিলো, তুমি মোক গালি পাৰিলে মই তোমাক খেলপথাৰৰ পৰা বাহিৰ কৰি দিম।’’

কোহলীৰ স’তে সমস্যা কেনেকৈ সমাধান হ’ল সেই কথাও এলগাৰে কয়। তেওঁ কয়, ''সেই টেষ্টৰ পাছত ডি ভিলিয়াৰ্ছে কোহলীৰ সৈতে এই বিষয়ে কথা পাতিছিল। তাৰ আগতে মই তেওঁক একো কোৱা নাছিলো। খেলপথাৰতে এই ঘটনাৰ বিষয়ে গম পালে ডি ভিলিয়াৰ্ছে। তেওঁ আগবাঢ়ি গ’ল কোহলীৰ ওচৰলৈ। পোনপটীয়াকৈ সোধাত মোৰ সতীৰ্থক কিয় থু পেলাইছে? ডি ভিলিয়াৰেই কথা পাতি সমস্যাটো সমাধান কৰিছিল।’’

এই ঘটনাৰ প্ৰায় দুবছৰৰ পাছত কোহলীয়ে এলগাৰৰ ওচৰত ক্ষমা বিচাৰিলে। দক্ষিণ আফ্ৰিকাত থকাৰ সময়ত কোহলীয়ে এলগাৰক ফোন কৰিছিল। সেই ঘটনা সন্দৰ্ভত এলগাৰে কয় যে- ''কোহলীয়ে দক্ষিণ আফ্ৰিকালৈ অহাৰ পিছত মোক ফোন কৰিছিল। তেওঁৰ বেয়া কামৰ বাবে মোৰ ওচৰত ক্ষমা খুজিলে। জানিব বিচাৰিছিল যে চিৰিজ শেষ হোৱাৰ পিছত আমি একেলগে পানীয় খাবলৈ যাব পাৰো নেকি। আমি গ’লোঁ৷ আমি দুয়ো ৰাতিপুৱা ৩ বজালৈকে মদ খালোঁ।''

এতিয়া অৱশ্যে দুয়োৰে মাজত কোনো সমস্যা নাই। সকলো স্বাভাৱিক। এলগাৰে কয় যে তেওঁলোকৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ