--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়ংকৰ গাড়ী দুৰ্ঘটনাৰ পিছত নতুন জীৱন পালে ঋষভ পণ্টে। এতিয়াও ক্ৰিকেট খেলপথাৰলৈ ঘূৰি আহিব পৰা নাই উইকেটকীপাৰ বেটছমেনগৰাকী। ফিটনেছ প্ৰশিক্ষণৰ সমান্তৰালকৈ তেওঁ বাংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীত ক্ৰিকেট অনুশীলন আৰম্ভ কৰে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত পণ্টে দুৰ্ঘটনাৰ পিছত হোৱা অনুভৱৰ বিষয়ে কয়।

পৰিয়ালৰ সৈতে ইংৰাজী নৱবৰ্ষ কটাবলৈ দিল্লীৰ পৰা পথেৰে ৰুৰকীলৈ ঘৰলৈ উভতি অহাৰ সময়তে পণ্টে এই দুৰ্ঘটনাটোৰ সৈতে মুখামুখি হয়। তেওঁ নিজেই গাড়ী চলাই আছিল। সেই ঘটনাৰ ১৩ মাহৰ পাছত পন্থে কয়, "জীৱনত প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হ'ল। এনে লাগিল যেন এই পৃথিৱীত সময় শেষ হৈ গৈছে। মই ভাগ্যৱান। আঘাত আৰু বেয়া হ’ব পাৰিলেহেঁতেন। এনে দুৰ্ঘটনাৰ পিছতো মই জীয়াই আছো। মই কেনেবাকৈ বাচিলোঁ। তাৰ পিছত চিকিৎসকে ক’লে যে সম্পূৰ্ণ সুস্থ হ’বলৈ ১৬ৰ পৰা ১৮ মাহ সময় লাগিব। ভাগ্য ভাল হোৱাৰ বাবেই দ্বিতীয় জীৱন পালোঁ।”

২০২২ চনৰ ৩০ ডিচেম্বৰত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ পিছৰে পৰা পান্থ খেলৰ পৰা আঁতৰি আছে। পৰৱৰ্তী আই পি এলত খেলপথাৰলৈ ঘূৰি আহিব বুলি আশা কৰা হৈছে। কিন্তু তেওঁক উইকেটকীপাৰ বেটছমেনৰ ভূমিকাত দেখা পোৱাত সন্দেহৰ সৃষ্টি হৈছে। ভাৰতৰ হৈ পণ্টে ৩৩খন টেষ্ট, ৩০খন এদিনীয়া আৰু ৬৬খন টি-২০ মেচ খেলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ