--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়ংকৰ গাড়ী দুৰ্ঘটনাৰ পিছত নতুন জীৱন পালে ঋষভ পণ্টে। এতিয়াও ক্ৰিকেট খেলপথাৰলৈ ঘূৰি আহিব পৰা নাই উইকেটকীপাৰ বেটছমেনগৰাকী। ফিটনেছ প্ৰশিক্ষণৰ সমান্তৰালকৈ তেওঁ বাংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীত ক্ৰিকেট অনুশীলন আৰম্ভ কৰে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত পণ্টে দুৰ্ঘটনাৰ পিছত হোৱা অনুভৱৰ বিষয়ে কয়।

পৰিয়ালৰ সৈতে ইংৰাজী নৱবৰ্ষ কটাবলৈ দিল্লীৰ পৰা পথেৰে ৰুৰকীলৈ ঘৰলৈ উভতি অহাৰ সময়তে পণ্টে এই দুৰ্ঘটনাটোৰ সৈতে মুখামুখি হয়। তেওঁ নিজেই গাড়ী চলাই আছিল। সেই ঘটনাৰ ১৩ মাহৰ পাছত পন্থে কয়, "জীৱনত প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হ'ল। এনে লাগিল যেন এই পৃথিৱীত সময় শেষ হৈ গৈছে। মই ভাগ্যৱান। আঘাত আৰু বেয়া হ’ব পাৰিলেহেঁতেন। এনে দুৰ্ঘটনাৰ পিছতো মই জীয়াই আছো। মই কেনেবাকৈ বাচিলোঁ। তাৰ পিছত চিকিৎসকে ক’লে যে সম্পূৰ্ণ সুস্থ হ’বলৈ ১৬ৰ পৰা ১৮ মাহ সময় লাগিব। ভাগ্য ভাল হোৱাৰ বাবেই দ্বিতীয় জীৱন পালোঁ।”

২০২২ চনৰ ৩০ ডিচেম্বৰত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ পিছৰে পৰা পান্থ খেলৰ পৰা আঁতৰি আছে। পৰৱৰ্তী আই পি এলত খেলপথাৰলৈ ঘূৰি আহিব বুলি আশা কৰা হৈছে। কিন্তু তেওঁক উইকেটকীপাৰ বেটছমেনৰ ভূমিকাত দেখা পোৱাত সন্দেহৰ সৃষ্টি হৈছে। ভাৰতৰ হৈ পণ্টে ৩৩খন টেষ্ট, ৩০খন এদিনীয়া আৰু ৬৬খন টি-২০ মেচ খেলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু