--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰত নানান কাৰণত ভিটামিন ইৰ অভাৱ ঘটিব পাৰে।ভিটামিন আৰু খনিজ পদাৰ্থই আমাৰ দেহটোক সক্ৰিয় কৰি ৰাখে। আন ভিটামিনৰ লগতে ভিটামিন ইৰ অভাৱত আমাৰ দেহত স্নায়ুজনিত সমস্যাৰ লগতে চুলি, দাঁত আদিৰ সমস্যায়ো দেখা দিব পাৰে৷  ভিটামিন ই-ৰ অভাৱ হ’লে  হাড়, দাঁত ভঙ্গুৰ হৈ পৰিব পাৰে। ই ভিটামিনৰ অভাৱ হ’লে শৰীৰে পৰ্যাপ্ত পুষ্টি নাপায়।

সেয়ে ৰোগ প্ৰতিৰোধ  ক্ষমতাও হ্ৰাস হয়। সেয়েহে, প্ৰথমে, দৈনিক আহাৰৰ ওপৰত এবাৰ চকু দিয়ক।বিভিন্ন খাদ্য যেনে চিনাবাদাম, আখৰোট, বাদাম, বনস্পতি তেল, কণীৰ কুহুম, ঘেঁহু, চয়াবীন আৰু সূৰ্যমুখী তেল আদি হৈছে ভিটামিন ই-ৰ প্ৰাকৃতিক উৎস। ইয়াৰ লগতে, সেউজীয়া শাক-পাচলি আদিতো ভিটামিন ই পোৱা যায়।

যিসকলে দীৰ্ঘদিন ধৰি কম চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰি আহিছে, তেওঁলোকে একেবাৰে চৰ্বি নাখায়, তেওঁলোকৰ দেহতো ই ভিটামিনৰ অভাৱ ঘটিব পাৰে। বহুলোকে  প্ৰয়োজনতকৈ কম তেল খায়। আৰু তেওঁলোকৰ ক্ষেত্ৰত, এই ভিটামিন ই-ৰ অভাৱৰ ঘটাৰ আশংকা থাকে। উদ্ভিদৰ পৰা পোৱা তেল হৈছে এই ভিটামিন ই-ৰ সৰ্বশ্ৰেষ্ঠ উৎস। 

পেশীৰ দুৰ্বলতা, পেশীৰ সংকোচন, পেশীৰ মাজত কোনো  এংশত ভাৰসাম্য নোহোৱা যেন হোৱা, সঠিকভাৱে খোজ কাঢ়িব নোৱাৰা আদি হৈছে ভিটামিন ই-ৰ অভাৱত দেখা দিব পৰা সাধাৰণ লক্ষণ। 
ইয়াৰ বাহিৰেও, যদি চৰ্দি, কাহ, জ্বৰ আদিৰ দৰে সঘনাই হোৱা  সমস্যা, শৰীৰৰ বিভিন্ন অংশত বিষ হোৱা আদিও  ভিটামিন ই-ৰ অভাৱত হ’ব পাৰে ।




ভিটামিন ই চকুৰ বাবেও অতি গুৰুত্বপূৰ্ণ। এই ভিটামিনৰ অভাৱৰ ফলত ৰেটিনাত সমস্যা হ'ব পাৰে। ফলস্বৰূপে, দৃষ্টিশক্তি দুৰ্বল হৈ পৰে।

বহুলোকৰ স্নায়ুৰ বিভিন্ন সমস্যা যেনে ডিঙিত, পেশীত বিষ হ’ব পাৰে ।  সেয়েহে যদি আপোনাৰ এনে  সমস্যাই দেখা  দিয়ে , তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ  কৰক। 

ভিটামিন ই-য়ে আমাৰ শৰীৰক পুষ্টি প্ৰদান কৰে। সেয়েহে আপোনাৰ দৈনন্দিন আহাৰত ভিটামিন সমৃদ্ধ খাদ্য ৰাখিব। বিভিন্ন বীজ, বাদাম, সেউজীয়া পাচলি অধিক খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন