--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৫ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব সংসদৰ শীতকালীন অধিৱেশন। সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে ২৪ নৱেম্বৰত চৰকাৰে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈছে যাতে সদনত সুচাৰুৰূপে কাম-কাজ সুনিশ্চিত কৰিব পাৰে। 

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকৰ আয়োজন কৰিছে। আলোচনাত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডি এম কে, শিৱসেনা, বিজেডি আদি দলৰ নেতাসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

সংশদৰ শীতকালীন অধিৱেশনত চৰকাৰে ৱাকফ সংশোধনী বিধেয়ককে ধৰি ১৬খন বিধেয়ক উত্থাপন কৰিবলৈ ঠিৰ কৰিছে, আনহাতে বিৰোধীয়ে মণিপুৰত চলি থকা জাতিগত হিংসা আৰু ব্যৱসায়ী গৌতম আদানীক উৎকোচৰ অভিযোগত আমেৰিকাৰ আদালতে অভিযোগনামা দাখিল কৰা আদি বিষয় উত্থাপন কৰাৰ মনস্থ কৰিছে লগতে বিৰোধী নেতা ৰাহুল গান্ধীয়ে যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা বিষয়টোৰ তদন্তৰ দাবী জনাইছে।

অধিবেশনৰ দ্বিতীয় দিনটোত সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে অহা ২৬ নৱেম্বৰত পুৰণি সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এক অনুষ্ঠান আয়োজন কৰা হ’ব।

শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ অন্তিম দিনা ৱাকফ সংশোধনী বিধেয়কৰ দুয়োখন সদনৰ যুটীয়া সমিতিয়ে লোকসভাত কৰিব বুলি সদৰি কৰিছে৷ প্ৰতিবেদন দাখিল কৰাৰ পিছত বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সমিতিৰ বিৰোধী সদস্যসকলে প্ৰতিবেদন দাখিলৰ সময়সীমা বৃদ্ধিৰ দাবী জনাই আহিছে৷ সমিতিখনৰ অধ্যক্ষ বিজেপি সাংসদ জগদাম্বিকা পালে বৈঠকসমূহ আগুৱাই নিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁলোকে অধ্যক্ষ ওম বিৰলাৰ পৰা হস্তক্ষেপ বিচাৰিছে৷ 

চৰকাৰে উত্থাপন কৰা আন আন বিধেয়কসমূহৰ ভিতৰত আছে পঞ্জাৱ আদালত (সংশোধনী) বিধেয়ক, য’ত দিল্লী জিলা আদালতৰ বিত্তীয় আপীল অধিকাৰ ৩ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। তদুপৰি, উপকূলীয় জাহাজ বিধেয়ক আৰু ভাৰতীয় বন্দৰ বিধেয়ক উত্থাপন আৰু গৃহীত হোৱাৰ কথাও সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু