--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৫ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব সংসদৰ শীতকালীন অধিৱেশন। সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে ২৪ নৱেম্বৰত চৰকাৰে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈছে যাতে সদনত সুচাৰুৰূপে কাম-কাজ সুনিশ্চিত কৰিব পাৰে। 

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকৰ আয়োজন কৰিছে। আলোচনাত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডি এম কে, শিৱসেনা, বিজেডি আদি দলৰ নেতাসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

সংশদৰ শীতকালীন অধিৱেশনত চৰকাৰে ৱাকফ সংশোধনী বিধেয়ককে ধৰি ১৬খন বিধেয়ক উত্থাপন কৰিবলৈ ঠিৰ কৰিছে, আনহাতে বিৰোধীয়ে মণিপুৰত চলি থকা জাতিগত হিংসা আৰু ব্যৱসায়ী গৌতম আদানীক উৎকোচৰ অভিযোগত আমেৰিকাৰ আদালতে অভিযোগনামা দাখিল কৰা আদি বিষয় উত্থাপন কৰাৰ মনস্থ কৰিছে লগতে বিৰোধী নেতা ৰাহুল গান্ধীয়ে যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা বিষয়টোৰ তদন্তৰ দাবী জনাইছে।

অধিবেশনৰ দ্বিতীয় দিনটোত সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে অহা ২৬ নৱেম্বৰত পুৰণি সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এক অনুষ্ঠান আয়োজন কৰা হ’ব।

শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ অন্তিম দিনা ৱাকফ সংশোধনী বিধেয়কৰ দুয়োখন সদনৰ যুটীয়া সমিতিয়ে লোকসভাত কৰিব বুলি সদৰি কৰিছে৷ প্ৰতিবেদন দাখিল কৰাৰ পিছত বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সমিতিৰ বিৰোধী সদস্যসকলে প্ৰতিবেদন দাখিলৰ সময়সীমা বৃদ্ধিৰ দাবী জনাই আহিছে৷ সমিতিখনৰ অধ্যক্ষ বিজেপি সাংসদ জগদাম্বিকা পালে বৈঠকসমূহ আগুৱাই নিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁলোকে অধ্যক্ষ ওম বিৰলাৰ পৰা হস্তক্ষেপ বিচাৰিছে৷ 

চৰকাৰে উত্থাপন কৰা আন আন বিধেয়কসমূহৰ ভিতৰত আছে পঞ্জাৱ আদালত (সংশোধনী) বিধেয়ক, য’ত দিল্লী জিলা আদালতৰ বিত্তীয় আপীল অধিকাৰ ৩ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। তদুপৰি, উপকূলীয় জাহাজ বিধেয়ক আৰু ভাৰতীয় বন্দৰ বিধেয়ক উত্থাপন আৰু গৃহীত হোৱাৰ কথাও সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ