--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দৈনিক পুৱা খোজকঢ়াটো স্বাস্থ্যৰ ক্ষেত্ৰত অতি উত্তম অভ্যাস বুলি কোৱা হয়। প্ৰতিদিনে নিয়মীয়াকৈ খোজকঢ়াৰ অভ্যাসৰ ফলত ডায়েবেটিছ, থাইৰয়ড, হৃদযন্ত্ৰৰ দৰে বহুতো ৰোগৰ পৰা নিজকে আঁতৰাই ৰখাই নহয়, শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাও গঢ়ি তোলে। যিয়ে আমাক যিকোনো ধৰণৰ সৰু-ডাঙৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা প্ৰদান কৰে।

প্ৰতিদিনে পুৱা খোজকঢ়াৰ অভ্যাসে মানসিক চাপ হ্ৰাস কৰে। কিন্তু শীতকালত আমি বহুতে মৰ্ণিংৱাক কৰা এৰি দিওঁ। কিন্তু আপুনি জানি আচৰিত হ’ব যে শীতকালত মৰ্ণিংৱাক কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। দৈনিক মৰ্ণিংৱাৰ্কৰ ফলত শৰীৰে লাভ কৰিব পাৰে ৮টা স্বাস্থ্যজনিত উপকাৰ। শীতকালত নিয়মীয়াকৈ খোজকঢ়াৰ অভ্যাসে স্বাস্থ্যৰ কি কি উপকাৰ কৰে জানো আহক।

১. শীতকালত প্ৰতিদিনে পুৱা খোজকাঢ়িলে শৰীৰৰ পৰা ভাল হৰম’ন  যেনে-এণ্ড’ৰ্ফিন হৰম’ন নিৰ্গত হয়, যাৰ বাবে আমাৰ মানসিক চাপ হ্ৰাস হয় আৰু আমি কাম কৰিবলৈ অধিক শক্তি লাভ কৰো।

২. শীতকালত প্ৰতিদিনে পুৱা খোজকঢ়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যিয়ে আমাক যিকোনো ধৰণৰ সৰু-ডাঙৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

৩. শীতকালত প্ৰতিদিনে পুৱা নিয়মিতভাৱে খোজকাঢ়িলে শৰীৰৰ কেলৰি হ্ৰাস হয়, যাৰ বাবে বিপাকীয় ক্ৰিয়া বৃদ্ধি হয় আৰু আমাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৪. শীতকালত মৰ্ণিংৱাক কৰাৰ ফলত হাওঁফাওঁৰ ক্ষমতা বৃদ্ধি পায় আৰু শ্বাস-প্ৰশ্বাসৰ পেশী শক্তিশালী হয়। দ্ৰুত উশাহ-নিশাহ লোৱাৰ ফলত শৰীৰ সুস্থ হৈ থাকে।

৫. দৈনিক পুৱা খোজকাঢ়িলে শৰীৰৰ ৰক্তসঞ্চালন বৃদ্ধি পায়, যাৰ ফলত প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহে আমাৰ হাড় মজবুত কৰাত সহায় কৰে।

৬. শীতকালত খোজকঢ়া আৰু ব্যায়াম কৰাৰ ফলত গাঁঠিবোৰে শক্তি লাভ কৰে, সহজ ভাষাত ক’বলৈ গ’লে গাঁঠিবোৰ তেলযুক্ত হয়। সেয়েহে দৈনিক খোজকঢ়া লোকসকলে বাতবিষৰ দৰে ৰোগৰ পৰা বাছি থাকে।

৭. শীতকালত প্ৰতিদিনে পুৱা নিয়মীয়াকৈ খোজকঢ়াৰ ফলত শৰীৰত তেজৰ সোঁত বৃদ্ধি পায়, যাৰ ফলত আমাৰ মগজুলৈ সঠিক পৰিমাণৰ অক্সিজেন যোগান ধৰাৰ ফলত আমাৰ স্মৃতিশক্তি শক্তিশালী হয়।

৮. দৈনিক শীতকালত মৰ্ণিংৱাক কৰাৰ ফলত শৰীৰে ভাগৰুৱা হয়। সেয়েহে আমাৰ টোপনি ধৰণ উন্নত হয় আৰু ৭ৰ পৰা ৮ ঘণ্টা সম্পূৰ্ণ টোপনি ল’লে আমাৰ শৰীৰটো সুস্থ হৈ থাকে আৰু আমি শক্তিশালী অনুভৱ কৰো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক