--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দৈনিক পুৱা খোজকঢ়াটো স্বাস্থ্যৰ ক্ষেত্ৰত অতি উত্তম অভ্যাস বুলি কোৱা হয়। প্ৰতিদিনে নিয়মীয়াকৈ খোজকঢ়াৰ অভ্যাসৰ ফলত ডায়েবেটিছ, থাইৰয়ড, হৃদযন্ত্ৰৰ দৰে বহুতো ৰোগৰ পৰা নিজকে আঁতৰাই ৰখাই নহয়, শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাও গঢ়ি তোলে। যিয়ে আমাক যিকোনো ধৰণৰ সৰু-ডাঙৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা প্ৰদান কৰে।

প্ৰতিদিনে পুৱা খোজকঢ়াৰ অভ্যাসে মানসিক চাপ হ্ৰাস কৰে। কিন্তু শীতকালত আমি বহুতে মৰ্ণিংৱাক কৰা এৰি দিওঁ। কিন্তু আপুনি জানি আচৰিত হ’ব যে শীতকালত মৰ্ণিংৱাক কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। দৈনিক মৰ্ণিংৱাৰ্কৰ ফলত শৰীৰে লাভ কৰিব পাৰে ৮টা স্বাস্থ্যজনিত উপকাৰ। শীতকালত নিয়মীয়াকৈ খোজকঢ়াৰ অভ্যাসে স্বাস্থ্যৰ কি কি উপকাৰ কৰে জানো আহক।

১. শীতকালত প্ৰতিদিনে পুৱা খোজকাঢ়িলে শৰীৰৰ পৰা ভাল হৰম’ন  যেনে-এণ্ড’ৰ্ফিন হৰম’ন নিৰ্গত হয়, যাৰ বাবে আমাৰ মানসিক চাপ হ্ৰাস হয় আৰু আমি কাম কৰিবলৈ অধিক শক্তি লাভ কৰো।

২. শীতকালত প্ৰতিদিনে পুৱা খোজকঢ়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যিয়ে আমাক যিকোনো ধৰণৰ সৰু-ডাঙৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

৩. শীতকালত প্ৰতিদিনে পুৱা নিয়মিতভাৱে খোজকাঢ়িলে শৰীৰৰ কেলৰি হ্ৰাস হয়, যাৰ বাবে বিপাকীয় ক্ৰিয়া বৃদ্ধি হয় আৰু আমাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৪. শীতকালত মৰ্ণিংৱাক কৰাৰ ফলত হাওঁফাওঁৰ ক্ষমতা বৃদ্ধি পায় আৰু শ্বাস-প্ৰশ্বাসৰ পেশী শক্তিশালী হয়। দ্ৰুত উশাহ-নিশাহ লোৱাৰ ফলত শৰীৰ সুস্থ হৈ থাকে।

৫. দৈনিক পুৱা খোজকাঢ়িলে শৰীৰৰ ৰক্তসঞ্চালন বৃদ্ধি পায়, যাৰ ফলত প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহে আমাৰ হাড় মজবুত কৰাত সহায় কৰে।

৬. শীতকালত খোজকঢ়া আৰু ব্যায়াম কৰাৰ ফলত গাঁঠিবোৰে শক্তি লাভ কৰে, সহজ ভাষাত ক’বলৈ গ’লে গাঁঠিবোৰ তেলযুক্ত হয়। সেয়েহে দৈনিক খোজকঢ়া লোকসকলে বাতবিষৰ দৰে ৰোগৰ পৰা বাছি থাকে।

৭. শীতকালত প্ৰতিদিনে পুৱা নিয়মীয়াকৈ খোজকঢ়াৰ ফলত শৰীৰত তেজৰ সোঁত বৃদ্ধি পায়, যাৰ ফলত আমাৰ মগজুলৈ সঠিক পৰিমাণৰ অক্সিজেন যোগান ধৰাৰ ফলত আমাৰ স্মৃতিশক্তি শক্তিশালী হয়।

৮. দৈনিক শীতকালত মৰ্ণিংৱাক কৰাৰ ফলত শৰীৰে ভাগৰুৱা হয়। সেয়েহে আমাৰ টোপনি ধৰণ উন্নত হয় আৰু ৭ৰ পৰা ৮ ঘণ্টা সম্পূৰ্ণ টোপনি ল’লে আমাৰ শৰীৰটো সুস্থ হৈ থাকে আৰু আমি শক্তিশালী অনুভৱ কৰো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু