--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী স্বাস্থ্যৰ বাবে অতি উপকাৰী। দৈও দুগ্ধজাত সামগ্ৰী, যিয়ে পেটৰ লগত জড়িত ৰোগবোৰ সোনকালে আৰোগ্য কৰে। আপুনি নিশ্চয় দেখিছে যে যেতিয়া পেটৰ লগত জড়িত কোনো ৰোগ হয় তেতিয়া ডাক্তৰে দৈ খাবলৈ পৰামৰ্শ দিয়ে। দৈত কেলচিয়াম, প্ৰটিন, ভিটামিন বি ১২, পটাছিয়াম, মেগনেছিয়ামৰ লগতে বহুতো এন্টিবেক্টেৰিয়েল গুণ থাকে।

গ্ৰীষ্মকালত দৈ সেৱন ভাল বুলি ধৰা হয়। শীতকালত দৈ সেৱন কৰিলে কাহ, চৰ্দি, ডিঙিৰ বিষ আদি ৰোগ হয় কিছুমান লোকৰ, সকলোৰে নহয়। আজি আমি আপোনালোকক ক'ম, শীতকালত দৈত মিহলাই কি কি খাব পাৰি।

১) ডালচেনিৰ গুড়িঃ ডালচেনিত এণ্টিফাংগেল, এণ্টিভাইৰেল, এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-ইনফ্লেমেটৰী গুণ পোৱা যায়। ইয়াৰ দ্বাৰা চৰ্দিৰ ফলত হোৱা ৰোগৰ পৰা সকাহ পোৱা যায়। শীতকালত ডালচেনিৰ গুড়ি দৈত মিহলাই খালে উপকাৰ পাব।

২) লঙৰ গুড়িঃ লঙত এণ্টিঅক্সিডেণ্ট থাকে যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী। ইয়াক সেৱন কৰিলে হাড়, দাঁত আৰু নখ শক্তিশালী হৈ উঠে। শীতকালত লঙৰ গুড়ি দি দৈ খাব পাৰে।

৩) ক'লা ইলাচিৰ গুড়িঃ  ক’লা ইলাচিৰ গৰম স্বভাৱ আছে। ইয়াক সেৱন কৰিলে বমি, বদহজম, পেটৰ বিষ আদি পেটৰ লগত জড়িত ৰোগবোৰ আঁতৰত থাকে। ক’লা ইলাচি দি দৈ খোৱাটো শীতকালত অতি শুভ বুলি গণ্য কৰা হয়।

৪) ভজা জিৰাৰ গুড়িঃ ভজা জিৰা স্বাস্থ্যৰ বাবে অতি উপকাৰী। শীতকালত দৈত দি জিৰাৰ গুড়ি খাব পাৰে। ইয়াত এণ্টিঅক্সিডেণ্ট থাকে যিয়ে প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক