--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী স্বাস্থ্যৰ বাবে অতি উপকাৰী। দৈও দুগ্ধজাত সামগ্ৰী, যিয়ে পেটৰ লগত জড়িত ৰোগবোৰ সোনকালে আৰোগ্য কৰে। আপুনি নিশ্চয় দেখিছে যে যেতিয়া পেটৰ লগত জড়িত কোনো ৰোগ হয় তেতিয়া ডাক্তৰে দৈ খাবলৈ পৰামৰ্শ দিয়ে। দৈত কেলচিয়াম, প্ৰটিন, ভিটামিন বি ১২, পটাছিয়াম, মেগনেছিয়ামৰ লগতে বহুতো এন্টিবেক্টেৰিয়েল গুণ থাকে।

গ্ৰীষ্মকালত দৈ সেৱন ভাল বুলি ধৰা হয়। শীতকালত দৈ সেৱন কৰিলে কাহ, চৰ্দি, ডিঙিৰ বিষ আদি ৰোগ হয় কিছুমান লোকৰ, সকলোৰে নহয়। আজি আমি আপোনালোকক ক'ম, শীতকালত দৈত মিহলাই কি কি খাব পাৰি।

১) ডালচেনিৰ গুড়িঃ ডালচেনিত এণ্টিফাংগেল, এণ্টিভাইৰেল, এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-ইনফ্লেমেটৰী গুণ পোৱা যায়। ইয়াৰ দ্বাৰা চৰ্দিৰ ফলত হোৱা ৰোগৰ পৰা সকাহ পোৱা যায়। শীতকালত ডালচেনিৰ গুড়ি দৈত মিহলাই খালে উপকাৰ পাব।

২) লঙৰ গুড়িঃ লঙত এণ্টিঅক্সিডেণ্ট থাকে যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী। ইয়াক সেৱন কৰিলে হাড়, দাঁত আৰু নখ শক্তিশালী হৈ উঠে। শীতকালত লঙৰ গুড়ি দি দৈ খাব পাৰে।

৩) ক'লা ইলাচিৰ গুড়িঃ  ক’লা ইলাচিৰ গৰম স্বভাৱ আছে। ইয়াক সেৱন কৰিলে বমি, বদহজম, পেটৰ বিষ আদি পেটৰ লগত জড়িত ৰোগবোৰ আঁতৰত থাকে। ক’লা ইলাচি দি দৈ খোৱাটো শীতকালত অতি শুভ বুলি গণ্য কৰা হয়।

৪) ভজা জিৰাৰ গুড়িঃ ভজা জিৰা স্বাস্থ্যৰ বাবে অতি উপকাৰী। শীতকালত দৈত দি জিৰাৰ গুড়ি খাব পাৰে। ইয়াত এণ্টিঅক্সিডেণ্ট থাকে যিয়ে প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক