--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শগুণীলতা হৈছে এনে এক লতা যাক আপুনি এশ শতাংশ ঔষধ বুলি ক’ব পাৰে। সেয়ে সংস্কৃতত ইয়াৰ নাম অমৃতা। বিশ্বাস কৰা হয় যে দেৱ-অসুৰৰ মাজত সাগৰৰ মন্থনৰ সময়ত যেতিয়া অমৃত ওলাইছিল আৰু য’তেই এই অমৃতৰ টোপালবোৰ ছিটিকিছিল, তেতিয়াই গিলয়ৰ জন্ম হৈছিল।

ইয়াৰ উদ্ভিদ বিজ্ঞানৰ নাম Tinospora cordifolia। ইয়াৰ পাতবোৰ দেখাত পাণৰ পাতৰ দৰে আৰু ই যি উদ্ভিদত বগাই যায় সেই উদ্ভিদক মৰিবলৈ নিদিয়ে। ইয়াৰ বহুতো উপকাৰিতা আয়ুৰ্বেদত বৰ্ণনা কৰা হৈছে, যিবোৰ কেৱল আপোনাক সুস্থ কৰি ৰখাই নহয়, আপোনাৰ সৌন্দৰ্য্যও বৃদ্ধি কৰে।

শগুণীলতাৰ পাত দেখাত পাণ সদৃশ, ডাল খহতা, সৰু সৰু কাইট যুক্ত, আৰু গছআলু বা কাঠআলুৰ নিচিনা গছত বগাই যায়। যিকোনো ডাল পুটিলে সহজে গজে। সেয়ে এই লতাবিধক অমৰলতা বুলিও কোৱা হয়।

অন্য হাতে সংস্কৃতত ইয়াক অমৃতা বোলাৰ মূলতে ইয়াৰ সঠিক সেৱনত মানুহে অমৃতসম ফল লাভ কৰিব পাৰে। অর্থাৎ এই লতাবিধ নিজেও অমৰ আৰু আন জীৱকো অমৰ বা সহজে মৰিব নিদিয়ে। ইয়াক কেৱল ভাৰততহে পোৱা যায়। আন দেশত পোৱা নাযায়।

গিলয়ৰ উপকাৰিতা জানো আহক

১) গিলয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগৰ পৰা আঁতৰাই ৰাখে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। ই তেজ বিশুদ্ধ কৰি বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়ে। যকৃত আৰু বৃক্ক ভালে ৰাখে।

২) যদি কাৰোবাৰ সঘনাই জ্বৰ হয় তেন্তে তেওঁ গিলয় সেৱন কৰিব লাগে। গিলয়ে সকলো ধৰণৰ জ্বৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। সেয়েহে ডেংগু ৰোগীকো গিলয় সেৱন কৰিবলৈ পৰামৰ্শ দিয়া হয়। ডেংগুৰ উপৰিও গিলয়ে মেলেৰিয়া আৰু ছোৱাইন ফ্লুৰ ফলত হোৱা জ্বৰৰ পৰাও সকাহ দিয়ে।

৩) ই তেজত চেনিৰ পৰিমাণ হ্ৰাস কৰে। গতিকে ইয়াৰ সেৱনে তেজত থকা চেনিৰ পৰিমাণ কমি যায়, যাৰ ফলত টাইপ ২ ডায়েবেটিছ ৰোগী উপকৃত হয়।

৪) ই পাচনতন্ত্ৰৰ সকলো কাম ভালদৰে পৰিচালনা কৰে আৰু খাদ্য হজম প্ৰক্ৰিয়াত সহায় কৰে। ইয়াৰ ফলত ব্যক্তিজন কোষ্ঠকাঠিন্য আৰু পেটৰ অন্যান্য বিকাৰৰ পৰা ৰক্ষা পৰে।

৫) ই মানসিক চাপ আৰু উদ্বেগৰ মাত্ৰা হ্ৰাস কৰে। ইয়াৰ সহায়ত কেৱল স্মৃতিশক্তি উন্নত হোৱাই নহয় মগজুৰ কাৰ্য্যক্ষমতাও সুস্থ হৈ থাকে আৰু একাগ্ৰতা বৃদ্ধি পায়।

৬)  চকুৰ পতাত গিলয়ৰ ৰস লগালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়। ইয়াৰ বাবে পানীত গিলয় পাউদাৰ গৰম কৰিব লাগিব। পানী ভালদৰে ঠাণ্ডা হ’লে চকুৰ পতাত লগাব লাগে।

৭) বিশেষকৈ শীতকালত বতৰৰ পৰিৱৰ্তনৰ বাবে হাঁপানী ৰোগীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত হাঁপানী ৰোগীয়ে নিয়মিতভাৱে গিলয়ৰ ডাঠ ডাল চোবাই খাব লাগে বা তাৰ ৰস খাব লাগে। ইয়াৰ ফলত তেওঁলোকে যথেষ্ট সকাহ পাব।

৮) বাতবিষৰ ফলত কেৱল গাঁঠিৰ বিষ হোৱাই নহয় খোজ কঢ়াতো অসুবিধা হয়। গিলয়ৰ বাতবিষ প্ৰতিৰোধী গুণ আছে, যাৰ বাবে ই গাঁঠিৰ বিষকে ধৰি বহু লক্ষণত উপকাৰী।

৯) যদি আপোনাৰ ৰক্তহীনতা আছে, তেন্তে গিলয় গ্ৰহণ কৰক। ভাৰতীয় মহিলাসকল প্ৰায়ে ৰক্তহীনতা অৰ্থাৎ তেজৰ অভাৱত ভুগি থাকে। ইয়াৰ বাবে তেওঁলোকে সকলো সময়তে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে। গিলয় সেৱনে শৰীৰত ৰক্তকণিকা বৃদ্ধি কৰে আৰু ৰক্তহীনতাৰ পৰা সকাহ দিয়ে।

১০) যদি কাণৰ মলি ওলোৱা নাই তেন্তে পানীত কিছু গিলয় পিহি উতলাই লওক। ঠাণ্ডা কৰি ফিল্টাৰ কৰি কাণত কেইটোপালমান দিব। এদিন বা দুদিনত সকলো মলি নিজাববীয়াকৈ ওলাই যাব।

১১) গিলয়ে শৰীৰৰ বিপাকীয় ক্ৰিয়া সংশোধন কৰে, প্ৰদাহ কমায় আৰু পাচনশক্তি বৃদ্ধি কৰে। ইয়াৰ বাবে পেটৰ চাৰিওফালে চৰ্বি জমা নহয় আৰু আপোনাৰ ওজন কমি যায়।

১২) গিলয় কেৱল স্বাস্থ্যৰ বাবে অতি উপকাৰী নহয়, ইয়াৰ ছাল আৰু চুলিতো অলৌকিক প্ৰভাৱ পৰে।

১৩) গিলয়ৰ এন্টি এজিং গুণ আছে, যাৰ সহায়ত মুখৰ পৰা ক’লা দাগ, ব্ৰণ, মিহি ৰেখা আৰু বলিৰেখা আঁতৰাব পাৰি। ইয়াক সেৱন কৰিলে আপুনি এনে গ্ল’য়িং ছাল পাব পাৰে, যিটো সকলোৱে বিচাৰে। ছালত লগালে ঘাবোৰ অতি সোনকালে ভাল হয়। গিলয়ৰ পাত পিহি ছালত লগাবলৈ পেষ্ট বনাওক। এতিয়া এটা পাত্ৰত অলপ নিম বা কেষ্টৰ অইল উতলাই লওক। পাতৰ পেষ্ট গৰম তেলত মিহলাই লওক। ঠাণ্ডা কৰি ঘাঁত লগাব। এই পেষ্ট লগালে ছালখনো টান হৈ পৰে।

১৪) যদি আপুনি উফি, চুলি সৰা বা মূৰৰ ছালৰ অন্যান্য সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে গিলয় সেৱনেও আপোনাৰ সমস্যা সমাধান কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক