--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শগুণীলতা হৈছে এনে এক লতা যাক আপুনি এশ শতাংশ ঔষধ বুলি ক’ব পাৰে। সেয়ে সংস্কৃতত ইয়াৰ নাম অমৃতা। বিশ্বাস কৰা হয় যে দেৱ-অসুৰৰ মাজত সাগৰৰ মন্থনৰ সময়ত যেতিয়া অমৃত ওলাইছিল আৰু য’তেই এই অমৃতৰ টোপালবোৰ ছিটিকিছিল, তেতিয়াই গিলয়ৰ জন্ম হৈছিল।

ইয়াৰ উদ্ভিদ বিজ্ঞানৰ নাম Tinospora cordifolia। ইয়াৰ পাতবোৰ দেখাত পাণৰ পাতৰ দৰে আৰু ই যি উদ্ভিদত বগাই যায় সেই উদ্ভিদক মৰিবলৈ নিদিয়ে। ইয়াৰ বহুতো উপকাৰিতা আয়ুৰ্বেদত বৰ্ণনা কৰা হৈছে, যিবোৰ কেৱল আপোনাক সুস্থ কৰি ৰখাই নহয়, আপোনাৰ সৌন্দৰ্য্যও বৃদ্ধি কৰে।

শগুণীলতাৰ পাত দেখাত পাণ সদৃশ, ডাল খহতা, সৰু সৰু কাইট যুক্ত, আৰু গছআলু বা কাঠআলুৰ নিচিনা গছত বগাই যায়। যিকোনো ডাল পুটিলে সহজে গজে। সেয়ে এই লতাবিধক অমৰলতা বুলিও কোৱা হয়।

অন্য হাতে সংস্কৃতত ইয়াক অমৃতা বোলাৰ মূলতে ইয়াৰ সঠিক সেৱনত মানুহে অমৃতসম ফল লাভ কৰিব পাৰে। অর্থাৎ এই লতাবিধ নিজেও অমৰ আৰু আন জীৱকো অমৰ বা সহজে মৰিব নিদিয়ে। ইয়াক কেৱল ভাৰততহে পোৱা যায়। আন দেশত পোৱা নাযায়।

গিলয়ৰ উপকাৰিতা জানো আহক

১) গিলয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগৰ পৰা আঁতৰাই ৰাখে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। ই তেজ বিশুদ্ধ কৰি বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়ে। যকৃত আৰু বৃক্ক ভালে ৰাখে।

২) যদি কাৰোবাৰ সঘনাই জ্বৰ হয় তেন্তে তেওঁ গিলয় সেৱন কৰিব লাগে। গিলয়ে সকলো ধৰণৰ জ্বৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। সেয়েহে ডেংগু ৰোগীকো গিলয় সেৱন কৰিবলৈ পৰামৰ্শ দিয়া হয়। ডেংগুৰ উপৰিও গিলয়ে মেলেৰিয়া আৰু ছোৱাইন ফ্লুৰ ফলত হোৱা জ্বৰৰ পৰাও সকাহ দিয়ে।

৩) ই তেজত চেনিৰ পৰিমাণ হ্ৰাস কৰে। গতিকে ইয়াৰ সেৱনে তেজত থকা চেনিৰ পৰিমাণ কমি যায়, যাৰ ফলত টাইপ ২ ডায়েবেটিছ ৰোগী উপকৃত হয়।

৪) ই পাচনতন্ত্ৰৰ সকলো কাম ভালদৰে পৰিচালনা কৰে আৰু খাদ্য হজম প্ৰক্ৰিয়াত সহায় কৰে। ইয়াৰ ফলত ব্যক্তিজন কোষ্ঠকাঠিন্য আৰু পেটৰ অন্যান্য বিকাৰৰ পৰা ৰক্ষা পৰে।

৫) ই মানসিক চাপ আৰু উদ্বেগৰ মাত্ৰা হ্ৰাস কৰে। ইয়াৰ সহায়ত কেৱল স্মৃতিশক্তি উন্নত হোৱাই নহয় মগজুৰ কাৰ্য্যক্ষমতাও সুস্থ হৈ থাকে আৰু একাগ্ৰতা বৃদ্ধি পায়।

৬)  চকুৰ পতাত গিলয়ৰ ৰস লগালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়। ইয়াৰ বাবে পানীত গিলয় পাউদাৰ গৰম কৰিব লাগিব। পানী ভালদৰে ঠাণ্ডা হ’লে চকুৰ পতাত লগাব লাগে।

৭) বিশেষকৈ শীতকালত বতৰৰ পৰিৱৰ্তনৰ বাবে হাঁপানী ৰোগীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত হাঁপানী ৰোগীয়ে নিয়মিতভাৱে গিলয়ৰ ডাঠ ডাল চোবাই খাব লাগে বা তাৰ ৰস খাব লাগে। ইয়াৰ ফলত তেওঁলোকে যথেষ্ট সকাহ পাব।

৮) বাতবিষৰ ফলত কেৱল গাঁঠিৰ বিষ হোৱাই নহয় খোজ কঢ়াতো অসুবিধা হয়। গিলয়ৰ বাতবিষ প্ৰতিৰোধী গুণ আছে, যাৰ বাবে ই গাঁঠিৰ বিষকে ধৰি বহু লক্ষণত উপকাৰী।

৯) যদি আপোনাৰ ৰক্তহীনতা আছে, তেন্তে গিলয় গ্ৰহণ কৰক। ভাৰতীয় মহিলাসকল প্ৰায়ে ৰক্তহীনতা অৰ্থাৎ তেজৰ অভাৱত ভুগি থাকে। ইয়াৰ বাবে তেওঁলোকে সকলো সময়তে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে। গিলয় সেৱনে শৰীৰত ৰক্তকণিকা বৃদ্ধি কৰে আৰু ৰক্তহীনতাৰ পৰা সকাহ দিয়ে।

১০) যদি কাণৰ মলি ওলোৱা নাই তেন্তে পানীত কিছু গিলয় পিহি উতলাই লওক। ঠাণ্ডা কৰি ফিল্টাৰ কৰি কাণত কেইটোপালমান দিব। এদিন বা দুদিনত সকলো মলি নিজাববীয়াকৈ ওলাই যাব।

১১) গিলয়ে শৰীৰৰ বিপাকীয় ক্ৰিয়া সংশোধন কৰে, প্ৰদাহ কমায় আৰু পাচনশক্তি বৃদ্ধি কৰে। ইয়াৰ বাবে পেটৰ চাৰিওফালে চৰ্বি জমা নহয় আৰু আপোনাৰ ওজন কমি যায়।

১২) গিলয় কেৱল স্বাস্থ্যৰ বাবে অতি উপকাৰী নহয়, ইয়াৰ ছাল আৰু চুলিতো অলৌকিক প্ৰভাৱ পৰে।

১৩) গিলয়ৰ এন্টি এজিং গুণ আছে, যাৰ সহায়ত মুখৰ পৰা ক’লা দাগ, ব্ৰণ, মিহি ৰেখা আৰু বলিৰেখা আঁতৰাব পাৰি। ইয়াক সেৱন কৰিলে আপুনি এনে গ্ল’য়িং ছাল পাব পাৰে, যিটো সকলোৱে বিচাৰে। ছালত লগালে ঘাবোৰ অতি সোনকালে ভাল হয়। গিলয়ৰ পাত পিহি ছালত লগাবলৈ পেষ্ট বনাওক। এতিয়া এটা পাত্ৰত অলপ নিম বা কেষ্টৰ অইল উতলাই লওক। পাতৰ পেষ্ট গৰম তেলত মিহলাই লওক। ঠাণ্ডা কৰি ঘাঁত লগাব। এই পেষ্ট লগালে ছালখনো টান হৈ পৰে।

১৪) যদি আপুনি উফি, চুলি সৰা বা মূৰৰ ছালৰ অন্যান্য সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে গিলয় সেৱনেও আপোনাৰ সমস্যা সমাধান কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই