--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকাল আৰম্ভ হৈছে। পৰিৱৰ্তিত বতৰৰ সময়ত বহু লোক প্ৰায়ে অসুস্থ হৈ পৰে। বতৰৰ পৰিৱৰ্তনে ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। যাৰ ইমিউনিটি চিষ্টেম মজবুত হয় তাৰ ৰোগ হোৱাৰ সম্ভাৱনা কম। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ খাদ্যৰ পৰিৱৰ্তন অতি গুৰুত্বপূৰ্ণ। এনে বহু ফল-মূল, শাক-পাচলি পোৱা যায় যাৰ বাবে মানুহে বছৰটোৰ ভিতৰতে অপেক্ষা কৰে। শীতকালত পোৱা গাজৰ ছুপাৰফুডতকৈ কম নহয়।

গাজৰ সেৱন কৰিলে বহু ৰোগ নিৰাময় হয়। ভিটামিন এ, ভিটামিন চি, পটাছিয়াম, কেলচিয়ামকে ধৰি বহুতো পুষ্টিকৰ উপাদান ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়। গাজৰ চালাড বা ভাজি হিচাপে খাব পাৰি। আজি আমি আপোনালোকক ক'ম গাজৰ খোৱাৰ উপকাৰিতাৰ বিষয়ে। 

১) হৃদযন্ত্ৰৰ বাবে উপকাৰীঃ হৃদযন্ত্ৰ সবল কৰি ৰাখিবলৈ আৰু হৃদৰোগৰ সম্ভাৱনা কম কৰিবলৈ গাজৰ খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ উপৰিও গাজৰত আঁহ থাকে যিয়ে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

২) চকুৰ বাবে সহায়কঃ আজিকালি সৰু ল’ৰা-ছোৱালীকো চশমাৰ প্ৰয়োজন হ’বলৈ আৰম্ভ কৰিছে। চকু মজবুত কৰি ৰাখিবলৈ আৰু চকুৰ দৃষ্টিশক্তি চোকা কৰিবলৈ গাজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

৩) পেটৰ ৰোগ নাইকিয়া হৈ যাবঃ পেটৰ লগত জড়িত ৰোগত আক্ৰান্ত লোকৰ বাবে গাজৰ সেৱন অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে যিয়ে পেটৰ লগত জড়িত বমি, কোষ্ঠকাঠিন্য, বদহজম আদি ৰোগ নিৰাময় কৰে।

৪) সুস্থ ছালঃ গাজৰত থকা বিটা কেৰটিন, লুটিন, লাইকোপেন আদি উপাদান থাকে যিয়ে ছালখনক সুস্থ কৰি ৰখাত সহায় কৰে। ছালৰ লগত জড়িত ৰোগৰ পৰা মুক্তি পাবলৈ গাজৰ সেৱন কৰিব লাগে। গাজৰ ছালৰ বাবে অতি উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক