--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আঁঠুৰ বিষে মানুহৰ বৰ সমস্যা কৰে। আঁঠুৰ বিষত চলা-ফুৰাত অসুবিধা হয়। আঁঠুৰ বিষৰ তিনিটা গুৰুত্বপূৰ্ণ কাৰণ উল্লেখ কৰা হ’ল..

১) ওজনঃ যদি শৰীৰৰ ওজন বেছি হয় আৰু আঁঠুৰ পেশী দুৰ্বল হয় তেন্তে আঁঠুৰ বিষ হয়। ইয়াৰ বাবে দৈনিক খোজ কাঢ়িবলৈ যাওক আৰু সম্ভৱ হ’লে দৌৰিবলৈ যাওক। লগতে নিয়মিত যোগাসন কৰক।

২) যেতিয়া লুব্ৰিকেন্ট কম হয়ঃ শৰীৰৰ গাঁঠিৰ বিষৰ কাৰণ হ’ল শৰীৰত লুব্ৰিকেণ্টৰ অভাৱ, যিটো তৰল পদাৰ্থৰ বাবে গাঁঠিবোৰ সহজে চলাচল কৰে।যদি তাৰ অভাৱ হয় তেন্তে আঁঠুৰ বিষ হয়।

৩) অত্যধিক শাৰীৰিক কামঃ কম বয়সত প্ৰয়োজনতকৈ বেছি দৌৰা, ফুটবল, ক্ৰিকেট বা হকী আদি যিকোনো খেলৰ খেলুৱৈ হৈ থাকিলেও কিছু বছৰৰ পাছত আঁঠুত বিষ হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাহিৰেও বহুতে জিমত প্ৰয়োজনতকৈ বেছি ট্ৰেডমিল আৰু চাইকেল চলায়, পিছলৈ ই আঁঠুৰ তীব্ৰ বিষৰ কাৰণ হৈ পৰে। সেইবাবেই বাৰে বাৰে কোৱা হয় যে যিকোনো কাম প্রয়োজনতকৈ বেছি কৰিলে কষ্ট হয়।


◾আঁঠুৰ বিষৰ ঘৰুৱা উপায়:-

১) বৰফ কম্প্ৰেছঃ আঁঠুৰ বিষৰ পৰা তৎক্ষণাত সকাহ পাবলৈ বৰফৰ টুকুৰা প্ৰয়োগ কৰক।ইয়াৰ ফলত তেজৰ সোঁত উন্নত হয় আৰু আঁঠুৰ ফুলা আৰু বিষ দুয়োটাৰে পৰা সকাহ পোৱা যায়। বৰফ লগাবলৈ কাপোৰেৰে মেৰিয়াই আঁঠুত লাহে লাহে ঘঁহি দিব।এই প্ৰক্ৰিয়াটো ১০ৰ পৰা ২০ মিনিটলৈকে পুনৰাবৃত্তি কৰক। ইয়াৰ ফলত তৎক্ষণাত সকাহ পাব।

২) আপেল চাইডাৰঃ আঁঠুৰ বিষত আপেল চাইডাৰ ভিনেগাৰে সকাহ দিয়ে। ই শৰীৰৰ পৰা আঁঠুৰ আশে-পাশে বা অন্যান্য গাঁঠিৰ অংশৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ আঁতৰায় আৰু লগতে গাঁঠিৰ তেল বৃদ্ধি কৰে, যাৰ ফলত আঁঠু বা গাঁঠিৰ বিষৰ পৰা সকাহ পোৱা যায়। গা ধোৱাৰ সময়ত আপোনাৰ গৰম পানীত দুকাপ ভিনেগাৰ দি সেই পানীৰে আঁঠু দুটা ঘঁহি লওক। আপেল চাইডাৰ ভিনেগাৰৰ সৈতে সৰিয়হৰ তেল লৈ তাৰ দ্বাৰা আঁঠু মালিচ কৰক। দুগিলাচ পানীত দুচামুচ আপেল চাইডাৰ ভিনেগাৰ মিহলাই লাহে লাহে পানীখিনি খাব লাগে। ইয়াৰ দ্বাৰা আঁঠুৰ বিষ আৰু অন্যান্য গাঁঠিৰ বিষৰ পৰা সকাহ পাব।

৩) মেথি গুটিঃ মেথিৰ গুটিয়ে গাঁঠি আৰু আঁঠুৰ বিষৰ পৰা সকাহ দিয়ে। ইয়াক খোৱাৰ প্ৰায় ৩০ৰ পৰা ৯০ দিন পিছত বছৰ বছৰ ধৰি হোৱা দীৰ্ঘদিনীয়া বিষ ভাল হ’বলৈ আৰম্ভ কৰে। ১০ৰ পৰা ১৫ গ্ৰাম মেথি গুটিৰ গুড়ি প্ৰস্তুত কৰি প্ৰতিদিনে এগিলাচ গৰম পানীৰ সৈতে এচামুচ খালী পেটত খাব লাগে। ৮ৰ পৰা ১০ টা মেথি গুটি ৰাতি তিয়াই ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে সেই মেথি খাব আৰু সেই পানী খাব। এই প্ৰতিকাৰ দৈনিক ৩০ৰ পৰা ৯০ দিন কৰিলে আপুনি বছৰ বছৰ ধৰি আঁঠুৰ বিষ বা অন্যান্য গাঁঠিৰ বিষৰ পৰা সকাহ পাব।

৪) আদা সেৱনঃ আদাই উপকাৰী বনৌষধি হিচাপে কাম কৰে, ইয়াৰ সেৱনে বহু ৰোগ নিৰাময় কৰে। আদাই বিষনাশক হিচাপে কাম কৰে, ইয়াৰ সেৱনে শৰীৰৰ সকলো বিষৰ পৰা উপশম দিয়ে আৰু লগতে পেশীৰ বিষ নিৰাময় কৰে। ই পেশীৰ জঠৰতা হ্ৰাস কৰে যিয়ে বিষৰ পৰা সকাহ দিয়ে। আদাৰ চাহ দৈনিক দুবাৰৰ পৰা তিনিবাৰকৈ খাব লাগে। আদাৰ ৰস পানীত মিহলাই উতলাই মৌ আৰু নেমুৰ ৰসৰ লগত মিহলাই খাব। আদাৰ ৰস মৌৰ লগত মিহলাই খাব লাগে। আদাৰ ৰসেৰে আঁঠু আৰু বিষ হোৱা ঠাইবোৰ দৈনিক ২ৰ পৰা ৩ বাৰ মালিচ কৰিব লাগে।

৫) হালধিঃ  বিষত হালধি অতি উপকাৰী কাৰণ ইয়াৰ গুণ আছে যিবোৰ বিষনাশক। ইয়াৰ উপৰিও শৰীৰৰ অংগসমূহৰ ফুলা নিৰাময়তো ই সহায়ক। সেয়েহে মানুহে ৰাতি হালধিৰ গাখীৰ খায়। বাতবিষৰ বিষতো হালধি অতি উপকাৰী।
এগিলাচ পানীত আধা চামুচ হালধি দি উতলাই মৌৰ লগত লওক। হালধি গৰম কৰি মৌৰ লগত চেলেকিব। গাখীৰত আধা চামুচ হালধি দি উতলাই পান কৰক। এইদৰে কিবা নহয় কিবা ৰূপত হালধি সেৱন কৰিলে শাৰীৰিক বিষৰ পৰা সকাহ পাব।

৫) নেমু আৰু আমলখিঃ যিকোনো ধৰণৰ বিষৰ পৰা সকাহ পাবলৈ নেমু আৰু আমলখি খালে শাৰীৰিক বিষ বা বাতবিষৰ বিষৰ পৰা সকাহ পোৱা যায়। ইয়াক নিতৌ খাদ্যৰ লগত খাব পাৰি। আমলখিৰ ৰসো খাব পাৰে। এইদৰে এই সকলোবোৰ অতি ভাল, সহজ আৰু কোনো ক্ষতিকাৰক নহয়, যিয়ে আঁঠুৰ বিষৰ পৰা সকাহ দিয়ে।

৬) আঁঠুৰ বিষৰ এই ঘৰুৱা উপায়ৰ উপৰিও কিছুমান যোগাসন আছে যিবোৰ আঁঠুৰ বিষৰ লগতে কঁকালৰ বিষতো উপকাৰী।

আটাইতকৈ ডাঙৰ কথাটো হ’ল যিসকলৰ আঁঠুৰ বিষ আছে তেওঁলোকে দৈনিক ৩০ মিনিট খোজ কাঢ়িব লাগে আৰু যদি আপুনি দৌৰিব পাৰে তেন্তে ই বৰ ভাল হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক