--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালত বহু লোকে গৰম পানী ব্যৱহাৰ কৰে। গৰম পানী খালে ডিঙিৰ সংক্ৰমণ ভাল হয় আৰু ডিঙিৰ বিষ উপশম হয়। গৰম পানী পেটৰ বাবে উপকাৰী। ই পাচনতন্ত্ৰ সুস্থ কৰি শৰীৰক ভিতৰৰ পৰা উষ্ণ কৰি ৰাখে। স্বাস্থ্য বিশেষজ্ঞসকলে শীতকালত গৰম পানী খোৱাৰ পৰামৰ্শ দিয়ে যদিও গৰম পানী খোৱাৰ অভ্যাস কিছু লোকৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে গৰম পানীয়ে একাংশ লোকৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত প্ৰভাৱ দেখুৱায়। অত্যধিক গৰম পানী খোৱাৰ অসুবিধা কি কি জানো আহক।

 গৰম পানীয়ে ক্ষতি কৰিব পাৰে-

১. স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে আমাৰ শৰীৰটো স্বাভাৱিক পানী হজম কৰিব পাৰে, কিন্তু আমি যেতিয়া গৰম পানী ব্যৱহাৰ কৰো তেতিয়া ই ক্ষতিকাৰক বুলি প্ৰমাণিত হয়। বৃক্কৰ বাবে গৰম পানী ফিল্টাৰ কৰাটো কঠিন হৈ পৰে। বিশেষকৈ বেছিকৈ গৰম পানী খালে ইয়াক ফিল্টাৰ কৰিবলৈ কিডনীয়ে অধিক কষ্ট কৰিবলগীয়া হয়। ইয়াৰ ফলত বৃক্কই স্বাভাৱিকভাৱে কাম কৰিবলৈ অসুবিধা পায়।

 ২. কৰ’না কালত বহুতে নিজকে সুস্থ কৰি ৰাখিবলৈ গৰম পানী ব্যৱহাৰ কৰিছিল। পানী বেছি গৰম হ’লে ডিঙিত ফোহা হ’ব পাৰে, যাৰ বাবে ই শৰীৰৰ আভ্যন্তৰীণ কলাত অধিক প্ৰভাৱ পেলায়। বিশেষজ্ঞসকলে কয় যে অত্যধিক গৰম পানী খালে এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে। অতিৰিক্ত গৰম পানী পাচনতন্ত্ৰৰ ভিতৰত উপস্থিত থকা আৱৰণৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হয়। ইয়াৰ কাৰণে আলচাৰৰ আশংকা বাঢ়ি যায়।

৩. কিছু লোকৰ নিশা টোপনি নাহে। একাংশ লোকে নিশা গৰম পানী বেছিকৈ খায়। টোপনিৰ এই সমস্যাই ভৱিষ্যতে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আয়ুৰ্বেদত কোৱা হৈছে যে গৰম পানী খোৱাৰ সলনি কুহুমীয়া পানী স্বাস্থ্যৰ বাবে ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়