--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জানুৱাৰীৰ ঠাণ্ডাৰ অৰ্থ হ’ল তীব্ৰ শীত, ইয়াৰ প্ৰভাৱ চাৰিওফালে দেখা যায়। এই ঠাণ্ডাত বহুতে এটা চুৱেটাৰৰ সলনি ২ বা ৩টা চুৱেটাৰ পিন্ধে, আনহাতে বহুতে এই শীতকালত জুই জ্বলাই শীতৰ আমেজ লয়। কিন্তু এই ঋতুত শৰীৰটোক বহু সমস্যাই আগুৰি ধৰে। গাঁঠিৰ বিষো সেই সমস্যাবোৰৰ ভিতৰত এটা, যিটো ঠাণ্ডাত বৃদ্ধি পায়। অৱশ্যে কিছু কথা সতৰ্ক থাকি এই বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি।

 * গাঁঠিৰ বিষৰ কাৰণ?

কম উষ্ণতাৰ ফলত পেশীৰ তেজৰ সঞ্চালন হ্ৰাস পায়, যাৰ ফলত পেশীবোৰ জঠৰ হৈ পৰে আৰু গাঁঠিৰ বিষ হ’বলৈ ধৰে। কম সূৰ্যৰ পোহৰত থাকিলেও আপোনাৰ শৰীৰত ভিটামিন-‘ডি’ৰ মাত্ৰা হ্ৰাস পাব পাৰে, যাৰ বাবে আপোনাৰ হাড় আৰু গাঁঠিৰ ক্ষতিৰ সম্ভাৱনা অধিক। যাৰ বাবে আপুনি বিষ অনুভৱ কৰে। এনে পৰিস্থিতিত চিকিৎসকৰ কাষ চপা উচিত।

 * বিষৰ পৰা উপশম পাবলৈ কি কৰিব?

১. নিয়মীয়াকৈ ৱৰ্কআউট কৰকঃ-নিয়মীয়া ব্যায়ামে শৰীৰত তেজৰ সঞ্চালন ভাল কৰে। নিয়মীয়াকৈ শাৰীৰিক ক্ৰিয়া-কলাপ কৰিলে ৰোগ আৰু বিষ দুয়োটা শৰীৰৰ পৰা আঁতৰত থাকে।

২. নিজকে গৰম কৰি ৰাখকঃ-নিজকে গৰম কৰি ৰাখিবলৈ চেষ্টা কৰক। যদি আপুনি ঘৰৰ ভিতৰত বেছিকৈ থাকে, তেন্তে ঘৰতে ৰুম হিটাৰ ব্যৱহাৰ কৰিব পাৰে। বাহিৰলৈ ওলাই যোৱাৰ সময়ত গৰম কাপোৰ পিন্ধক।

৩. হাইড্ৰেটেড হৈ থাককঃ-শীতকালত বেছিভাগ মানুহৰে ঘৰত পানীৰ ব্যৱহাৰ কমি যায় কাৰণ মানুহে পানী কমকৈ খায়। এনে কৰিলে আপোনাৰ পানীলগাৰ সমস্যা হ’ব পাৰে। ৰোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ যিমান পাৰি পানী খাব লাগে আৰু শৰীৰক জলসিঞ্চিত কৰি ৰাখিব লাগে।

 ৪. ওমেগা-৩ থকা খাদ্য গ্ৰহণ কৰকঃ-ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্যই গাঁঠিৰ প্ৰদাহ কমোৱাত সহায় কৰে। সেয়েহে শীতকালত গাঁঠিৰ বিষ নিয়ন্ত্ৰণ কৰিবলৈ আখৰোট, কাঠবাদান আৰু এভোকোডা খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক