--°C
Loading...
Listen to Article
2 min read
80%
‘
 
ডিজিটেল ডেস্কঃ শীতকালত কম্বল প্ৰদানৰ পাছত ছনু ছুদে গৰমৰ দিনত কি দিব? এয়া টুইটাৰত এজন অদ্ভুত প্ৰশ্ন অনুৰাগীৰ। কৰ’নাৰ লকডাউনৰ সময়ৰ পৰা ‘গৰিব কে মাছিহা’ ছনু ছুদ। ছনু ছুদ বলীউড অভিনেতাৰ পৰা ছুপাৰমেন অৱতাৰৰ খ্যাতি সাৰ্বজনীন। প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে লকডাউনত তেওঁলোকৰ ঘৰত উপস্থিত হোৱাৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ কৃষকসকলক ট্ৰেক্টৰ প্ৰদান কৰালৈকে, আনকি আপুনি টুইটাৰ বা ফোন বাৰ্তাত তেওঁক সহায় বিচাৰি বাৰ্তা প্ৰেৰণ কৰিলেও, বাস্তৱতাৰ নায়ক এইজন ছুনু ছুদক এজন দেৱদূতৰ দৰে দেখা গৈছিল। 

বলীউড অভিনেতা ছনু ছুদে টুইটাৰত অনুৰাগীৰ এটা মিম শ্বেয়াৰ কৰিছিল আৰু সুধিছিল যে অভিনেতাজন প্ৰচণ্ড গৰমত এতিয়া কি বিতৰণ কৰিব?  মিমটোত লিখা আছে যে, ‘শীতকালত কম্বল দান কৰাৰ পাছত, আপুনি এইবাৰ গৰমত কি বিতৰণ কৰিব?’ ছুনু ছুদেও এই মিমৰ অধিক কৌতুকপূৰ্ণভাৱে উত্তৰ দিছিল। তেওঁ সুধিলে, ‘ভুজিয়া বিয়েৰৰ সৈতে যাব নেকি?’


তাৰ পাছত পোষ্টটোৰ তলত মন্তব্যৰ ধুমুহা আহিল। কোনোবাই পুনৰ সুধিলে, ‘ভুজিয়া খাবলৈ বিয়েৰ খোৱাটো প্ৰয়োজনীয় নেকি?’ আন এজন নেটিজেনে মন্তব্য কৰিছিল, ‘ইয়াক সহায়ক বিজ্ঞাপন বুলি কোৱা হয়’।

পৰ্দাৰ ‘খলনায়ক’ ছুনু ছুদে লকডাউনৰ সময়ত লাখ লাখ লোকৰ সহায়ৰ হাত হিচাপে থিয় দিছিল। অভিনেতাজন ক্ৰমান্বয়ে বাস্তৱ জীৱনত নায়ক হৈ পৰিছে। তেওঁ অক্সিজেনৰ অভাৱত ভুগি থকা ৰোগীজনক সহায় কৰিছে। প্ৰবজিত শ্ৰমিকক তেওঁ বিনামূল্য গন্তব্য স্থানলৈও প্ৰেৰণ কৰিছিল।

ইফালে, ৰোডিজৰ ১৯সংখ্যাক ছিজনত ছুনু ছুদক এজন পৰামৰ্শদাতা হোষ্টৰ চৰিত্ৰত দেখা যাব। গোটেই অনুষ্ঠানটোৰ দায়িত্ব ছুনুৰ কান্ধত থাকিব। এইবাৰ অৰ্থাৎ ৰোডিজৰ ১৯সংখ্যক ছিজনৰ শ্বুটিং ১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। এইবাৰ, ৰোডিজ দলটো দক্ষিণ আফ্ৰিকালৈ যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু