--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া বিয়া বলীউড। চলিত বৰ্ষৰ ১৭ এপ্ৰিলতে বলীউডৰ আটাইতকৈ চৰ্চিত  যুটি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট বিবাহপাশত আৱদ্ধ হ'ব। জানিবলৈ পোৱা মতে, আলিয়া আৰু ৰণবীৰৰ বিয়া ৰণবীৰ কাপুৰৰ বিবাহৰ আনুষ্ঠানিকতা পৈতৃক গৃহ অৰ্থাৎ আৰ কে হাউচত অনুষ্ঠিত হ'ব। এই যুটিটোৱে বিয়াত কি সাজ পিন্ধিব তাকে লৈয়ো চলিছে জল্পনা-কল্পনা। শুনিবলৈ পোৱা মতে, মনীষ মালহোত্ৰাই ডিজাইন কৰা পোছাকে পিন্ধিব আলিয়া আৰু ৰণবীৰে । ইয়াৰ মাজতে, আলিয়া-ৰণবীৰৰ বিবাহৰ অতিথিৰ তালিকাও পোহৰলৈ আহিছে। এই সকলোবোৰৰ মাজতে এইবাৰ বলীউডত আলিয়া-ৰণবীৰৰ মধুচন্দ্রিমাক লৈ উঠিছে গুঞ্জন। ৰণবীৰ আৰু অন্যান্য ঘনিষ্ঠ মহলৰ পৰা পোৱা খবৰ অনুসৰি, মধুচন্দ্রিমাৰ নিশাৰ বাবে দক্ষিণ আফ্ৰিকালৈ উৰা মাৰিব ৰণবীৰ-আলিয়া!
 
মন কৰিবলগীয়া যে, এই বছৰৰ আৰম্ভণিতে ৰণবীৰে আলিয়াৰ সৈতে দক্ষিণ আফ্ৰিকালৈ উৰা মাৰিছিল। আলিয়াই ইনষ্টাগ্ৰামত তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ ছবিও পোষ্ট কৰিছিল। আলিয়া আৰু ৰণবীৰে দক্ষিণ আফ্ৰিকাৰ জংঘল চাফাৰী ইমান ভাল পাইছিল যে তাৰকা দম্পতীয়ে দক্ষিণ আফ্ৰিকাতে মধুচন্দ্রিমাৰ গন্তব্য স্থান হিচাপে বাছনি কৰা বুলি এতিয়া গুঞ্জন উঠিছে। অৱশ্যে,  বলীউড এৰিনাত বিবাহ বা মধুচন্দ্রিমা সম্পৰ্কে যথেষ্ট আলোচনা হ’লেও ৰণবীৰ বা আলিয়াই এই বিষয়ে  কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে।

ইফালে, আলিয়াৰ পৰিবাৰৰ বাবে এপ্ৰিলত বিয়াৰ সিদ্ধান্ত লৈছে ৰণবীৰে। গুৰুতৰভাৱে অসুস্থ আলিয়াৰ ককাক এন ৰাজদান। প্ৰিয় নাতিনীয়েকৰ বিয়াখন চোৱাৰ হেঁপাহ ককাকৰ। সেইবাবে চলিছে নেৰানেপেৰা প্ৰস্তুতি।
বিগত কেইবছৰমানৰ পৰা, ৰণবীৰ-আলিয়াৰ বিবাহৰ নানা বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। দুয়োজন তাৰকাই কেতিয়াও তেওঁলোকৰ প্ৰেম আৰু ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰা নাই। অৱশ্যে, এইবাৰ বিবাহৰ খবৰ সঁচা বুলিআয়েই জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু