--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া বিয়া বলীউড। চলিত বৰ্ষৰ ১৭ এপ্ৰিলতে বলীউডৰ আটাইতকৈ চৰ্চিত  যুটি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট বিবাহপাশত আৱদ্ধ হ'ব। জানিবলৈ পোৱা মতে, আলিয়া আৰু ৰণবীৰৰ বিয়া ৰণবীৰ কাপুৰৰ বিবাহৰ আনুষ্ঠানিকতা পৈতৃক গৃহ অৰ্থাৎ আৰ কে হাউচত অনুষ্ঠিত হ'ব। এই যুটিটোৱে বিয়াত কি সাজ পিন্ধিব তাকে লৈয়ো চলিছে জল্পনা-কল্পনা। শুনিবলৈ পোৱা মতে, মনীষ মালহোত্ৰাই ডিজাইন কৰা পোছাকে পিন্ধিব আলিয়া আৰু ৰণবীৰে । ইয়াৰ মাজতে, আলিয়া-ৰণবীৰৰ বিবাহৰ অতিথিৰ তালিকাও পোহৰলৈ আহিছে। এই সকলোবোৰৰ মাজতে এইবাৰ বলীউডত আলিয়া-ৰণবীৰৰ মধুচন্দ্রিমাক লৈ উঠিছে গুঞ্জন। ৰণবীৰ আৰু অন্যান্য ঘনিষ্ঠ মহলৰ পৰা পোৱা খবৰ অনুসৰি, মধুচন্দ্রিমাৰ নিশাৰ বাবে দক্ষিণ আফ্ৰিকালৈ উৰা মাৰিব ৰণবীৰ-আলিয়া!
মন কৰিবলগীয়া যে, এই বছৰৰ আৰম্ভণিতে ৰণবীৰে আলিয়াৰ সৈতে দক্ষিণ আফ্ৰিকালৈ উৰা মাৰিছিল। আলিয়াই ইনষ্টাগ্ৰামত তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ ছবিও পোষ্ট কৰিছিল। আলিয়া আৰু ৰণবীৰে দক্ষিণ আফ্ৰিকাৰ জংঘল চাফাৰী ইমান ভাল পাইছিল যে তাৰকা দম্পতীয়ে দক্ষিণ আফ্ৰিকাতে মধুচন্দ্রিমাৰ গন্তব্য স্থান হিচাপে বাছনি কৰা বুলি এতিয়া গুঞ্জন উঠিছে। অৱশ্যে,  বলীউড এৰিনাত বিবাহ বা মধুচন্দ্রিমা সম্পৰ্কে যথেষ্ট আলোচনা হ’লেও ৰণবীৰ বা আলিয়াই এই বিষয়ে  কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে।

ইফালে, আলিয়াৰ পৰিবাৰৰ বাবে এপ্ৰিলত বিয়াৰ সিদ্ধান্ত লৈছে ৰণবীৰে। গুৰুতৰভাৱে অসুস্থ আলিয়াৰ ককাক এন ৰাজদান। প্ৰিয় নাতিনীয়েকৰ বিয়াখন চোৱাৰ হেঁপাহ ককাকৰ। সেইবাবে চলিছে নেৰানেপেৰা প্ৰস্তুতি।
বিগত কেইবছৰমানৰ পৰা, ৰণবীৰ-আলিয়াৰ বিবাহৰ নানা বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। দুয়োজন তাৰকাই কেতিয়াও তেওঁলোকৰ প্ৰেম আৰু ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰা নাই। অৱশ্যে, এইবাৰ বিবাহৰ খবৰ সঁচা বুলিআয়েই জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক