ডিজিটেল ডেস্ক: কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাত। ভূমিকেন্দ্ৰিক সংঘাতে ললে চূড়ান্ত ৰূপ। গুৰুতৰভাৱে আহত ডিম্বেশ্বৰ কলিতা আৰু চন্দ্ৰধৰ কলিতা নামৰ দুজন লোক।
বামুন্দীত দুই ভাতৃ মাণিক কলিতা আৰু চন্দ্ৰধৰ কলিতাৰ মাজত বছৰ বছৰ ধৰি চলি থকা ভূমিকেন্দ্ৰিক বিবাদে লয় চূড়ান্ত ৰূপ।
পৰিস্থিতিয়ে ইমানে ভয়াৱহ ৰূপ লয় যে মাণিক কলিতা আৰু তেওঁৰ পুত্ৰ অপূৰ্ব কলিতাই চোকা অস্ত্ৰৰে নিজৰে পৰিয়ালৰ চন্দ্ৰধৰ কলিতা আৰু তেওঁৰ পুত্ৰ ডিম্বেশ্বৰ কলিতাক খেতি-পথাৰৰ পৰা আহি থকা অৱস্থাত বাট আগছি ধৰি উপৰ্যুপৰি প্ৰহাৰ কৰে।
ফলত গুৰুতৰভাৱে আহত হয় ডিম্বেশ্বৰ কলিতা আৰু চন্দ্ৰধৰ কলিতা। পিছতে কিছুলোকে ততাতৈয়াকৈ চন্দ্ৰধৰ কলিতা আৰু পুত্র ডিম্বেশ্বৰ কলিতাক চিকিৎসাৰ কাৰণে শুৱালকুছিৰ হাস্পতাললৈ প্ৰেৰণ কৰে। আঘাতপ্ৰাপ্ত হোৱা চন্দ্ৰধৰ কলিতাক ১৬ টা চিলাই আৰু ডিম্বেশ্বৰ কলিতাক ৪২ টা চিলাই দিবলগীয়া হয়।
ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ পিছতেই শুৱালকুছি আৰক্ষীয়ে অপূৰ্ব কলিতাক আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।