--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডত ছলমান আৰু আমিৰ খানৰ শীতল যুঁজ এতিয়া মুকলি গোপনীয়তা। বহুদিন ইজনে সিজনক এৰাই চলা দেখা যায়। কিন্তু এতিয়া যুঁজ শেষ নেকি? বুধবাৰে ছ’চিয়েল মিডিয়াত বিয়পি পৰা ছবিবোৰে যেন তাৰ ইংগিত দিয়ে। কাৰণ হঠাৎ সাত বছৰৰ পাছত ভাইজানক আমিৰ খানৰ ঘৰত প্ৰৱেশ কৰা দেখা গ’ল।

শ্বাহৰুখ খানৰ পাঠান ঢৌৱে সমগ্ৰ দেশক আগুৰি ধৰাৰ সময়তে ভাইৰেল হৈ পৰিছে ছলমান খানৰ কিছু অভাৱনীয় ছবি। মঙলবাৰে নিশা নিজৰ গাড়ীৰ সন্মুখৰ চিটত বহি মুম্বাইৰ আমিৰৰ ঘৰত উপস্থিত হয় ছলমান খান। পাপাৰাজীয়ে ছলমানক ক’লা টি-চাৰ্ট আৰু ৰূপালী কাণফুলিৰে ছলমান খানক ধৰা পেলায়।  কিন্তু ছলমান অকলশৰীয়া নহয়, পৰিচালক মহেশ ভাটকো আমিৰৰ ঘৰত প্ৰৱেশ কৰা দেখা গ’ল। আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছে জল্পনা-কল্পনা।‌ ছলমান-আমিৰে দূৰত্ব অতিক্ৰম কৰি আকৌ এবাৰ এটা ফ্ৰেমত  লগ হ'ব নেকি? অৱশ্যে আমিৰে বন্ধু-বান্ধৱীৰ বাবে পাৰ্টি আয়োজন কৰা বুলি জানিব পৰা গৈছে। য'ত ছলমান, মহেশ ভাটকে আদি কৰি বহুকেইজন বলীউডৰ অভিনেতা অভিনেত্ৰীক নিমন্ত্ৰণ কৰা হৈছিল।

আমিৰ আৰু ছলমান বলীউডত প্ৰৱেশ কৰাৰ আগতেই বন্ধু। টিম আপ কৰি ‘আন্দাজ আপনা আপনা’ৰ দৰে ছুপাৰহিট ছবিও উপস্থাপন কৰিছে। কিন্তু খবৰ ওলাইছিল যে ২০১৬ চনত তেওঁলোকৰ মাজত ফ’লিং আউট হৈছিল। ছলমানৰ ‘চুলতান’ ছবি মুক্তি পোৱা একে বছৰতে মল্লযুঁজৰ ওপৰত নিৰ্মিত আমিৰৰ ছবি দংগল মুক্তি পালে। সেই কথাত অসন্তুষ্ট আছিল ছলমান। যদিও বলীউডৰ ভাইজানে কৈছিল, এই খবৰ সম্পূৰ্ণ ভিত্তিহীন। আমিৰ খানৰ লগত তেওঁৰ কোনো সংঘাত নাই। কিন্তু তেতিয়াৰ পৰা দুয়োকে তেনেকৈ একেলগে দেখা পোৱা নাই। গতিকে শেহতীয়াকৈ প্ৰকাশ পোৱা এনে দৃশ্যই সকলোকে আচৰিত কৰি তুলিছে।

বুধবাৰে মুক্তি পোৱা শ্বাহৰুখৰ ‘পাঠান’ ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰে। কিন্তু আমিৰৰ ‘লাল সিং চদ্দা ’ ছবিখনে দৰ্শকক আকৰ্ষণ কৰাত ব্যৰ্থ হয়। এতিয়া বলীউডৰ আন এজন খান ছলমানৰ আগন্তুক ছবি ‘কিছি কা ভাই কিছি জানেও দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মুঠতে তিনিজন খানে বহুদিনৰ মূৰত পুনৰ বলীউডত খিতাপি লৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক