--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডত ছলমান আৰু আমিৰ খানৰ শীতল যুঁজ এতিয়া মুকলি গোপনীয়তা। বহুদিন ইজনে সিজনক এৰাই চলা দেখা যায়। কিন্তু এতিয়া যুঁজ শেষ নেকি? বুধবাৰে ছ’চিয়েল মিডিয়াত বিয়পি পৰা ছবিবোৰে যেন তাৰ ইংগিত দিয়ে। কাৰণ হঠাৎ সাত বছৰৰ পাছত ভাইজানক আমিৰ খানৰ ঘৰত প্ৰৱেশ কৰা দেখা গ’ল।

শ্বাহৰুখ খানৰ পাঠান ঢৌৱে সমগ্ৰ দেশক আগুৰি ধৰাৰ সময়তে ভাইৰেল হৈ পৰিছে ছলমান খানৰ কিছু অভাৱনীয় ছবি। মঙলবাৰে নিশা নিজৰ গাড়ীৰ সন্মুখৰ চিটত বহি মুম্বাইৰ আমিৰৰ ঘৰত উপস্থিত হয় ছলমান খান। পাপাৰাজীয়ে ছলমানক ক’লা টি-চাৰ্ট আৰু ৰূপালী কাণফুলিৰে ছলমান খানক ধৰা পেলায়।  কিন্তু ছলমান অকলশৰীয়া নহয়, পৰিচালক মহেশ ভাটকো আমিৰৰ ঘৰত প্ৰৱেশ কৰা দেখা গ’ল। আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছে জল্পনা-কল্পনা।‌ ছলমান-আমিৰে দূৰত্ব অতিক্ৰম কৰি আকৌ এবাৰ এটা ফ্ৰেমত  লগ হ'ব নেকি? অৱশ্যে আমিৰে বন্ধু-বান্ধৱীৰ বাবে পাৰ্টি আয়োজন কৰা বুলি জানিব পৰা গৈছে। য'ত ছলমান, মহেশ ভাটকে আদি কৰি বহুকেইজন বলীউডৰ অভিনেতা অভিনেত্ৰীক নিমন্ত্ৰণ কৰা হৈছিল।

আমিৰ আৰু ছলমান বলীউডত প্ৰৱেশ কৰাৰ আগতেই বন্ধু। টিম আপ কৰি ‘আন্দাজ আপনা আপনা’ৰ দৰে ছুপাৰহিট ছবিও উপস্থাপন কৰিছে। কিন্তু খবৰ ওলাইছিল যে ২০১৬ চনত তেওঁলোকৰ মাজত ফ’লিং আউট হৈছিল। ছলমানৰ ‘চুলতান’ ছবি মুক্তি পোৱা একে বছৰতে মল্লযুঁজৰ ওপৰত নিৰ্মিত আমিৰৰ ছবি দংগল মুক্তি পালে। সেই কথাত অসন্তুষ্ট আছিল ছলমান। যদিও বলীউডৰ ভাইজানে কৈছিল, এই খবৰ সম্পূৰ্ণ ভিত্তিহীন। আমিৰ খানৰ লগত তেওঁৰ কোনো সংঘাত নাই। কিন্তু তেতিয়াৰ পৰা দুয়োকে তেনেকৈ একেলগে দেখা পোৱা নাই। গতিকে শেহতীয়াকৈ প্ৰকাশ পোৱা এনে দৃশ্যই সকলোকে আচৰিত কৰি তুলিছে।

বুধবাৰে মুক্তি পোৱা শ্বাহৰুখৰ ‘পাঠান’ ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰে। কিন্তু আমিৰৰ ‘লাল সিং চদ্দা ’ ছবিখনে দৰ্শকক আকৰ্ষণ কৰাত ব্যৰ্থ হয়। এতিয়া বলীউডৰ আন এজন খান ছলমানৰ আগন্তুক ছবি ‘কিছি কা ভাই কিছি জানেও দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মুঠতে তিনিজন খানে বহুদিনৰ মূৰত পুনৰ বলীউডত খিতাপি লৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু