--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এখন ভিতৰুৱা অঞ্চলৰ গাঁৱত বাস কৰা বাপ্তিৰ এতিয়া ট্ৰেক্টৰ,ৰাইছ মিল,মৰনা মৰা মেচিনৰ লগতে ৰূমে ৰূমে এচি আছে। baptice inn guest house

ডিজিটেল ডেস্কঃ গুৱাহাটী  জয়ানগৰৰ গেষ্ট হাউছত চলি থকা নাৰী দেহৰ ৰমৰমীয়া বেহাৰ কথা পোহৰলৈ অহাৰ পাছতেই ৰাজ্যজুৰি তোলপাৰ লাগিছে। গহপুৰৰ বাপ্তি হাজৰিকাৰ নেতৃত্বত ১০ গৰাকী যুৱতীৰ সৈতে মহানগৰীত চলাই আছিল দেহ ব্যৱসায় । মহানগৰীৰ বাপ্তিছ ইন নামৰ গেষ্ট হাউছত বিৰুদ্ধে উত্থাপিত হৈছিল এই অভিযোগ ।


বাপ্তিছ ইন নামৰ গেষ্ট হাউছৰ স্বত্বাধিকাৰী বাপ্তি হাজৰিকাৰ বিৰুদ্ধে উঠিছিল এই অভিযোগ । বিগত দুটা দিনত এই গেষ্ট হাউছটোৰ নাম উল্লেখ থকা এটা কল ৰেকৰ্ডিং সামাজিক মাধ্যমৰ লগতে প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত । সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত আজি মহানগৰীৰ জয়নগৰস্থিত গেষ্ট হাউছটোত চলে আৰক্ষীৰ অভিযান ।


পূব গুৱাহাটী আৰক্ষী জিলাৰ DCP মৃণাল ডেকাৰ নেতৃত্ব চলা এই অভিযানত আজি বশিষ্ঠ আৰক্ষীয়ে বাপ্তি হাজৰিকাৰ লগতে তিনিগৰাকী যুৱতীক গ্ৰেপ্তাৰ হয় । জানিব পৰা মতে, জয়ানগৰৰ বাপ্তিছ ইন নামৰ গেষ্ট হাউছত বাপ্তি হাজৰিকাই বিগত ৮ মাহে চলাই আহিছিল দেহ ব্যৱসায় । কেইবাগৰাকী যুৱতীক হাজৰিকাই নিয়োগ কৰিছিল দেহ ব্যৱসায়ত । গুৱাহাটীত দুটা ফ্লেটত ৰাখিছিল এই যুৱতীসকলক ।


এতিয়া বাপ্তি হাজৰিকাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।  বাপ্তি হাজৰিকাৰ ঘৰ গহপুৰ চিলঠিয়াত।  দুই নম্বৰী ব্যৱসায়েই বাপ্তিৰ মূল লক্ষ্য । বহু কাহিনী আছে বাপ্তিৰ।


পূৰ্বতে বাপ্তি নকল টকাৰ ব্যৱসায়ত জড়িত আছিল। গহপুৰত ভুৱা পেৰামেডিকেল ইনষ্টিটিউত খুলিও এসময়ত ধৰা পৰিছিল। শেহতীয়াকৈ নামিল নাৰী দেহ ব্যৱসায়ত। বাপ্তি এতিয়া অগাধ সম্পত্তিৰ মালিক।


এখন ভিতৰুৱা অঞ্চলৰ গাঁৱত বাস কৰা বাপ্তিৰ এতিয়া ট্ৰেক্টৰ,ৰাইছ মিল,মৰনা মৰা মেচিনৰ লগতে ৰূমে ৰূমে এচি আছে। গাঁৱৰ ভিতৰত খুব কম দিনৰ ভিতৰত অগাধ সম্পত্তিৰ মালিক হৈ পৰিছে বাপ্তি।


গাঁৱৰ ৰাইজে কেমেৰাৰ সন্মুখত ক'ব খোজা নাই যদিও অফ কেমেৰা ৰাইজে কৈছে গাঁৱৰ ঘৰলৈও সঘনাই অচিনাকী যুৱতীৰ প্ৰৱেশ ঘটিয়েই থাকে।


যাৰ ফলত গাঁওখনত পৰিৱেশ বিনষ্ট হোৱাৰ কথা উল্লেখ কৰে। শুনা মতে বাপ্তিজ হ'ম ষ্টে খন দুই কোটি টকাৰ বিনিময়ত বাপ্তিয়ে ১০ বছৰৰ কাৰনে লিজট লৈছে।


মুঠৰ ওপৰত দুই নম্বৰী ধান্দাৰ সদাগৰ বাপ্তি হাজৰিকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ