--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এখন ভিতৰুৱা অঞ্চলৰ গাঁৱত বাস কৰা বাপ্তিৰ এতিয়া ট্ৰেক্টৰ,ৰাইছ মিল,মৰনা মৰা মেচিনৰ লগতে ৰূমে ৰূমে এচি আছে। baptice inn guest house

ডিজিটেল ডেস্কঃ গুৱাহাটী  জয়ানগৰৰ গেষ্ট হাউছত চলি থকা নাৰী দেহৰ ৰমৰমীয়া বেহাৰ কথা পোহৰলৈ অহাৰ পাছতেই ৰাজ্যজুৰি তোলপাৰ লাগিছে। গহপুৰৰ বাপ্তি হাজৰিকাৰ নেতৃত্বত ১০ গৰাকী যুৱতীৰ সৈতে মহানগৰীত চলাই আছিল দেহ ব্যৱসায় । মহানগৰীৰ বাপ্তিছ ইন নামৰ গেষ্ট হাউছত বিৰুদ্ধে উত্থাপিত হৈছিল এই অভিযোগ ।


বাপ্তিছ ইন নামৰ গেষ্ট হাউছৰ স্বত্বাধিকাৰী বাপ্তি হাজৰিকাৰ বিৰুদ্ধে উঠিছিল এই অভিযোগ । বিগত দুটা দিনত এই গেষ্ট হাউছটোৰ নাম উল্লেখ থকা এটা কল ৰেকৰ্ডিং সামাজিক মাধ্যমৰ লগতে প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত । সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত আজি মহানগৰীৰ জয়নগৰস্থিত গেষ্ট হাউছটোত চলে আৰক্ষীৰ অভিযান ।


পূব গুৱাহাটী আৰক্ষী জিলাৰ DCP মৃণাল ডেকাৰ নেতৃত্ব চলা এই অভিযানত আজি বশিষ্ঠ আৰক্ষীয়ে বাপ্তি হাজৰিকাৰ লগতে তিনিগৰাকী যুৱতীক গ্ৰেপ্তাৰ হয় । জানিব পৰা মতে, জয়ানগৰৰ বাপ্তিছ ইন নামৰ গেষ্ট হাউছত বাপ্তি হাজৰিকাই বিগত ৮ মাহে চলাই আহিছিল দেহ ব্যৱসায় । কেইবাগৰাকী যুৱতীক হাজৰিকাই নিয়োগ কৰিছিল দেহ ব্যৱসায়ত । গুৱাহাটীত দুটা ফ্লেটত ৰাখিছিল এই যুৱতীসকলক ।


এতিয়া বাপ্তি হাজৰিকাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।  বাপ্তি হাজৰিকাৰ ঘৰ গহপুৰ চিলঠিয়াত।  দুই নম্বৰী ব্যৱসায়েই বাপ্তিৰ মূল লক্ষ্য । বহু কাহিনী আছে বাপ্তিৰ।


পূৰ্বতে বাপ্তি নকল টকাৰ ব্যৱসায়ত জড়িত আছিল। গহপুৰত ভুৱা পেৰামেডিকেল ইনষ্টিটিউত খুলিও এসময়ত ধৰা পৰিছিল। শেহতীয়াকৈ নামিল নাৰী দেহ ব্যৱসায়ত। বাপ্তি এতিয়া অগাধ সম্পত্তিৰ মালিক।


এখন ভিতৰুৱা অঞ্চলৰ গাঁৱত বাস কৰা বাপ্তিৰ এতিয়া ট্ৰেক্টৰ,ৰাইছ মিল,মৰনা মৰা মেচিনৰ লগতে ৰূমে ৰূমে এচি আছে। গাঁৱৰ ভিতৰত খুব কম দিনৰ ভিতৰত অগাধ সম্পত্তিৰ মালিক হৈ পৰিছে বাপ্তি।


গাঁৱৰ ৰাইজে কেমেৰাৰ সন্মুখত ক'ব খোজা নাই যদিও অফ কেমেৰা ৰাইজে কৈছে গাঁৱৰ ঘৰলৈও সঘনাই অচিনাকী যুৱতীৰ প্ৰৱেশ ঘটিয়েই থাকে।


যাৰ ফলত গাঁওখনত পৰিৱেশ বিনষ্ট হোৱাৰ কথা উল্লেখ কৰে। শুনা মতে বাপ্তিজ হ'ম ষ্টে খন দুই কোটি টকাৰ বিনিময়ত বাপ্তিয়ে ১০ বছৰৰ কাৰনে লিজট লৈছে।


মুঠৰ ওপৰত দুই নম্বৰী ধান্দাৰ সদাগৰ বাপ্তি হাজৰিকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ