--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰত চন্দ্ৰযান-৩ৰ সুস্থিৰ অৱতৰণৰ লগে লগে ভাৰতে ইতিহাসৰ সৃষ্টি কৰে। ইছৰোৰ এই কৃতিত্বৰ পাছত বিশ্বৰ সকলো দেশেই ভাৰতক অভিনন্দন জনাইছে। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খোদ প্ৰশংসা কৰিছে ইছৰোৰ বিজ্ঞানীসকলক। ইফালে চন্দ্ৰযান-৩ সম্পৰ্কীয় বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ বহু ট্ৰেণ্ডিঙত চলি আছে। ভাৰতীয় মহাকাশ সংস্থাৰ মুৰব্বী এছ সোমনাথৰ এনে এটা ভিডিঅ’ও অতি ভাইৰেল হৈ আছে য’ত তেওঁক ভাৰতৰ চন্দ্ৰপৃষ্ঠত পদাৰ্পণৰ উদযাপন কৰা দেখা গৈছে।

চন্দ্ৰযান-৩ৰ লেণ্ডাৰ মডিউলে চন্দ্ৰত  অৱতৰণ কৰাৰ লগে লগে ইছৰোৰ মুৰব্বীজনে থিয় হৈ ঘোষণা কৰিলে যে ভাৰত এতিয়া চন্দ্ৰত উপনীত হৈছে। ইয়াৰ লগতে তাত উপস্থিত থকা সকলো বিজ্ঞানীয়ে এই ঐতিহাসিক মুহূৰ্তটোক হাতচাপৰি বজাই উদযাপন কৰে।

মহাকাশ সংস্থাটোৰ ইমান বৃহৎ সফলতাৰ পাছত উদযাপন হোৱাটো নিশ্চিত আছিল, সেইবাবেই ইছৰোৰ বিজ্ঞানীসকলে ইয়াক আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে ইছৰোৰ মুৰব্বী এছ সোমনাথে এটা গীতত নাচিছে আৰু পাছফালে ডিজেৰ লাইট জ্বলি আছে। এই সময়ত ইছৰোৰ মুৰব্বীগৰাকীৰ সৈতে সংস্থাটোৰ আন বিজ্ঞানীসকলকো দেখা গৈছে৷ চন্দ্ৰযান-৩ৰ সফলতাৰ পাছত ইছৰো মুৰব্বীৰ এই মন চুই যোৱা ভিডিঅ'টো যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ইছৰোৰ বিজ্ঞানীসকলৰ এই উদযাপনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। মানুহে কৈছে যে কোটি কোটি ভাৰতীয়ৰ মুখত হাঁহি অনাৰ পাছত টিম ইছৰোৰ বাবে এনে উদযাপন হোৱাটো সাধাৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক