--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্দেহৰ পৰিণাম কিমান ভয়াৱহ হ’ব পাৰে সেই কথাৰ প্ৰমাণ পুনৰ পোৱা গ’ল। স্বামীয়ে সন্দেহ কৰিছিল যে পত্নীৰ আন কাৰোবাৰ সৈতে  সম্পৰ্ক আছে! নিজৰেই  দুজন সহকৰ্মীৰ সৈতে  পত্নীৰ সম্পৰ্ক থকা বুলি পতিয়ে সন্দেহ কৰিবলৈ লৈছিল। এনে সন্দেহৰ ভিত্তিতে  এজন আৰক্ষীৰ লোকে নিজৰ ঘৰৰ পৰা  ২৩০ কিলোমিটাৰ দূৰৈত থকা তেওঁৰ শহুৰেকৰ ঘৰলৈ গৈ   পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্ত স্বামীয়ে  আনকি পত্নীক হত্যা  কৰাৰ  পূৰ্বে  কীটনাশক দ্ৰব্য সেৱন কৰিছিল বুলিও জানিব পৰা গৈছে। 

ঘটনাটো কৰ্ণাটকত সংঘটিত হৈছে। অভিযুক্ত আৰক্ষী  কনিষ্টবলজনক কিশোৰ ডি (৩২) বুলি চিনাক্ত কৰা হৈছে। কিশোৰৰ পত্নী প্ৰতিভাই  (২৪) মাত্ৰ ১১ দিন আগতে এটা পুত্ৰ সন্তান জন্ম দিছিল। ঘটনাটোৰ দিনা প্ৰতিভা হস্কোটত থকা তেওঁৰ  পিতৃৰ ঘৰত আছিল।স্বামীয়ে  চামৰাজনগৰৰ পৰা ২৩০ কিলোমিটাৰ ভ্ৰমণ কৰি শহুৰেকৰ ঘৰত উপস্থিত হৈছিল  আৰু প্ৰতিভাক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। তেওঁ আনকি  পত্নীক হত্যা কৰাৰ আগতে কীটনাশক দ্ৰব্য  সেৱন কৰিছিল। অভিযুক্তজনক বৰ্তমান সংকটজনক অৱস্থাত এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।       
 
আৰক্ষীয়ে প্ৰকাশ কৰা মতে লোকজনে  সন্দেহ কৰিছিল যে তেওঁৰ পত্নীৰ দুজন লোকৰ সৈতে  সম্পৰ্ক আছে। তেওঁ তেওঁৰ দুজন পুৰুষ সহকৰ্মীৰ সৈতে পত্নীৰ  বিবাহ বহিৰ্ভূত সম্পৰ্কত থকা বুলি সন্দেহ কৰি গৈছিল। এই সন্দেহৰ ভিত্তিতে লোকজনে প্ৰায়ে প্ৰতিভাৰ ফোনটো পৰীক্ষা  কৰিছিল। ঘটনাটোৰ আগদিনা  দুয়োজনে ফোনত আনন্দৰে  কথা পাতিছিল। কিশোৰে অপৰাধ সংঘটিত  কৰাৰ পূৰ্বে  প্ৰতিভাক কমেও ১৫০ বাৰ ফোন কৰিছিল। 

কিন্তু প্ৰতিভাই   কলটোৰ উত্তৰ দিয়া নাছিল।  ইয়াতেই লোক জনৰ সন্দেহ আৰু বাঢ়ি যায়। তেওঁ লগে লগে শুহুৰেকৰ ঘৰলৈ যাত্ৰা কৰে আৰু দিনৰ প্ৰায় ১১.৩০ বজাত শহুৰেকৰ ঘৰত উপস্থিত হয় । কীটনাশক খোৱাৰ পিছত তেওঁ প্ৰতিভাৰ কোঠাত প্ৰৱেশ কৰিছিল  আৰু দুৱাৰখন বন্ধ কৰিছিল। পিছত তেওঁ প্ৰতিভাক  শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল।   পোন্ধৰ মিনিটৰ পিছত তেওঁ বাহিৰলৈ ওলাই আহি  চিঞৰি কৈছিল , "মই তেওঁক হত্যা কৰিলোঁ।" প্ৰতিভাৰ  মাতৃয়ে ঘটনাটো লগে লগে আৰক্ষীক জনায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ