--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্দেহৰ পৰিণাম কিমান ভয়াৱহ হ’ব পাৰে সেই কথাৰ প্ৰমাণ পুনৰ পোৱা গ’ল। স্বামীয়ে সন্দেহ কৰিছিল যে পত্নীৰ আন কাৰোবাৰ সৈতে  সম্পৰ্ক আছে! নিজৰেই  দুজন সহকৰ্মীৰ সৈতে  পত্নীৰ সম্পৰ্ক থকা বুলি পতিয়ে সন্দেহ কৰিবলৈ লৈছিল। এনে সন্দেহৰ ভিত্তিতে  এজন আৰক্ষীৰ লোকে নিজৰ ঘৰৰ পৰা  ২৩০ কিলোমিটাৰ দূৰৈত থকা তেওঁৰ শহুৰেকৰ ঘৰলৈ গৈ   পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্ত স্বামীয়ে  আনকি পত্নীক হত্যা  কৰাৰ  পূৰ্বে  কীটনাশক দ্ৰব্য সেৱন কৰিছিল বুলিও জানিব পৰা গৈছে। 

ঘটনাটো কৰ্ণাটকত সংঘটিত হৈছে। অভিযুক্ত আৰক্ষী  কনিষ্টবলজনক কিশোৰ ডি (৩২) বুলি চিনাক্ত কৰা হৈছে। কিশোৰৰ পত্নী প্ৰতিভাই  (২৪) মাত্ৰ ১১ দিন আগতে এটা পুত্ৰ সন্তান জন্ম দিছিল। ঘটনাটোৰ দিনা প্ৰতিভা হস্কোটত থকা তেওঁৰ  পিতৃৰ ঘৰত আছিল।স্বামীয়ে  চামৰাজনগৰৰ পৰা ২৩০ কিলোমিটাৰ ভ্ৰমণ কৰি শহুৰেকৰ ঘৰত উপস্থিত হৈছিল  আৰু প্ৰতিভাক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। তেওঁ আনকি  পত্নীক হত্যা কৰাৰ আগতে কীটনাশক দ্ৰব্য  সেৱন কৰিছিল। অভিযুক্তজনক বৰ্তমান সংকটজনক অৱস্থাত এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।       
 
আৰক্ষীয়ে প্ৰকাশ কৰা মতে লোকজনে  সন্দেহ কৰিছিল যে তেওঁৰ পত্নীৰ দুজন লোকৰ সৈতে  সম্পৰ্ক আছে। তেওঁ তেওঁৰ দুজন পুৰুষ সহকৰ্মীৰ সৈতে পত্নীৰ  বিবাহ বহিৰ্ভূত সম্পৰ্কত থকা বুলি সন্দেহ কৰি গৈছিল। এই সন্দেহৰ ভিত্তিতে লোকজনে প্ৰায়ে প্ৰতিভাৰ ফোনটো পৰীক্ষা  কৰিছিল। ঘটনাটোৰ আগদিনা  দুয়োজনে ফোনত আনন্দৰে  কথা পাতিছিল। কিশোৰে অপৰাধ সংঘটিত  কৰাৰ পূৰ্বে  প্ৰতিভাক কমেও ১৫০ বাৰ ফোন কৰিছিল। 

কিন্তু প্ৰতিভাই   কলটোৰ উত্তৰ দিয়া নাছিল।  ইয়াতেই লোক জনৰ সন্দেহ আৰু বাঢ়ি যায়। তেওঁ লগে লগে শুহুৰেকৰ ঘৰলৈ যাত্ৰা কৰে আৰু দিনৰ প্ৰায় ১১.৩০ বজাত শহুৰেকৰ ঘৰত উপস্থিত হয় । কীটনাশক খোৱাৰ পিছত তেওঁ প্ৰতিভাৰ কোঠাত প্ৰৱেশ কৰিছিল  আৰু দুৱাৰখন বন্ধ কৰিছিল। পিছত তেওঁ প্ৰতিভাক  শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল।   পোন্ধৰ মিনিটৰ পিছত তেওঁ বাহিৰলৈ ওলাই আহি  চিঞৰি কৈছিল , "মই তেওঁক হত্যা কৰিলোঁ।" প্ৰতিভাৰ  মাতৃয়ে ঘটনাটো লগে লগে আৰক্ষীক জনায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু