--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কোচটোত সামগ্ৰী কঢ়িওৱা লোক আৰু গাখীৰ বিক্ৰেতাসহ বহু যাত্ৰী উপস্থিত আছিল, কিন্তু বিবাদ বা কাজিয়াৰ ভয়ত কোনেও দুয়োজনকে বাধা দিবলৈ সাহস কৰা নাছিল।

ডিজিটেল ডেস্ক: মুম্বাইৰ লোকেল ৰে’লত যাত্ৰা কৰি থকা অৱস্থাত বিড়ি খোৱাত বাধা দিয়াটো এজন যাত্ৰীৰ বাবে কাল হৈ পৰিল। থানে জিলাত চলন্ত লোকেল ৰে’লৰ ভিতৰত দুজন লোকে ৰেল যাত্ৰী সংঘৰ এজন প্ৰতিনিধিক ছুৰিৰে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে।


ভুক্তভোগীৰ অভিযোগ অনুসৰি, তেওঁ দুজন লোকক ৰে’লত বিড়ি খাই থকাত বাধা দিছিল। ইয়াৰ পিছতে অভিযুক্ত দুজন আক্ৰমণাত্মক হৈ পৰে আৰু চোকা অস্ত্ৰৰে তেওঁৰ মুখত আঘাত কৰে। শুকুৰবাৰে পুৱা কাছাৰা-CSMT লোকেল ৰে’লত ঠাকুৰলীৰ সমীপত এই ঘটনা সংঘটিত হয়।


ভুক্তভোগী ভাৰত টোপলে কল্যাণ-কাছাৰা ৰেল কমিউটাৰ এছ'চিয়েশ্যনৰ শ্বাহাদ প্ৰতিনিধি। তেওঁ জনায় যে তেওঁ কাছাৰা-CSMT লোকেল ৰে’লৰ লাগেজ কোচত যাত্ৰা কৰি আছিল, তেতিয়াই ঠাকুৰলীৰ সমীপত তেওঁৰ ওপৰত আক্ৰমণ কৰা হয়।


যাত্ৰী সংঘৰ সদস্যসকলৰ মতে, ৰেলৰ লাগেজ কোচত দুজন লোকে বিড়ি খাই আছিল আৰু ধোঁৱা সমগ্ৰ ডবাটোতে বিয়পি পৰিছিল। কোচটোত সামগ্ৰী কঢ়িওৱা লোক আৰু গাখীৰ বিক্ৰেতাসহ বহু যাত্ৰী উপস্থিত আছিল, কিন্তু বিবাদ বা কাজিয়াৰ ভয়ত কোনেও দুয়োজনকে বাধা দিবলৈ সাহস কৰা নাছিল।


ভাৰত টোপলেই দুয়োজন লোকক বুজাই কয় যে লোকেল ৰে’লৰ ভিতৰত ধূমপান কৰাটো নিষিদ্ধ। তেওঁ দুয়োজনকে কয় যে যদি তেওঁলোকে বিড়ি খাব বিচাৰে, তেন্তে ৰে’লৰ পৰা নামি খাব লাগে।


অভিযোগ মতে, তেওঁৰ এই কথাত দুয়োজন লোক খঙত অগ্নিশৰ্মা হৈ পৰে আৰু চোকা ছুৰিৰে টোপলেৰ মুখত আঘাত কৰে। আক্ৰমণত টোপলে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁৰ মুখৰ পৰা তেজ ওলাবলৈ ধৰে। ইয়াৰ পিছত অভিযুক্ত দুজন পৰৱৰ্তী ষ্টেচনত নামি ঘটনাস্থলীৰ পৰা পলাই যায়।


ভাৰত টোপলেই এই ঘটনা সন্দৰ্ভত লোকেল ৰে’লত যাত্ৰীসকলৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে যদি পুৱাৰ ব্যস্ত সময়ত এনেধৰণৰ আক্ৰমণ সংঘটিত হয়, তেন্তে লোকেল ৰে’লত যাত্ৰা কৰা যাত্ৰীসকলৰ নিৰাপত্তাক লৈ গুৰুতৰ চিন্তা কৰিবলগীয়া বিষয়।


ৰে’ল যাত্ৰী সংঘৰ আন সদস্যসকলেও এই ঘটনাত অসন্তুষ্টি প্ৰকাশ কৰে আৰু GRPক অভিযুক্ত দুজনৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।


কল্যাণ জিআৰপিৰ এজন বিষয়াই জনায় যে এই গোচৰ সন্দৰ্ভত এতিয়ালৈকে কোনো অভিযোগ দাখিল কৰা হোৱা নাই। অভিযোগ লাভ কৰাৰ পিছতহে আৰক্ষীয়ে গোচৰটোত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।


বৰ্তমান এই ঘটনা সন্দৰ্ভত যাত্ৰী সংঘৰ সদস্যসকলে অভিযুক্তসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে লোকেল ৰে’লসমূহত যাত্ৰীসকলৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ দাবী জনাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চলন্ত ৰে’লত বিড়ি খোৱাত বাধা দিয়াই হ’ল কাল; যাত্ৰীক চুৰিৰে আক্ৰমণ
ভয়াৱহ বানত সন্ধানহীন ২১৩ ভাৰতীয়ক মৃত ঘোষণা নেপালৰ
হাজো-গুৱাহাটী ৰাজপথত এইবাৰ স্প্ৰে’ গেঙৰ সন্ত্ৰাস
৩০ নৱেম্বৰত বহিব লোক সভা
ঠেলাচালক পিতৃৰ জীয়ৰী এতিয়া অসম আৰক্ষীত; মুখ্যমন্ত্ৰীক এসাঁজ ভাত খুৱাবলৈ হেঁপাহ দৰিদ্ৰ পৰিয়ালটোৰ
দুৰ্ঘটনাগ্ৰস্তক উদ্ধাৰ কৰিবলৈ গৈ অচিনাকি বাহনৰ খুন্দাত নিহত আৰক্ষীৰ কমাণ্ডো, এজনৰ অৱস্থা সংকটজনক
২৫ নৱেম্বৰৰ পৰা মাজুলীত লণ্ডনৰ আৰ্হিৰে চলিব অত্যাধুনিক দুমহলীয়া বাছ
ৰৈ থকা পিকআপ ভানত প্ৰচণ্ড জোৰে খুন্দা মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্সৰ; ৫জনৰ মৃত্যু
কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত কৰ্মচাৰীয়ে লাভ নকৰে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধা: গুৱাহাটী উচ্চ ন্যায়ালয়
উখল মাখল নলবাৰী; তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ
ভাৰতৰ সেউজ শক্তিত ৭০০ কোটি ডলাৰ বিনিয়োগ কৰিব এমাজনে
ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে জাপানে ব্যৱহাৰ কৰিব ভাৰতৰ ফায়াৰিং ৰেঞ্জ, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য
অসমৰ পৰা হেৰাই যাবলৈ ধৰিছে ‘গঙা চিলনী’
হানীমুনত বাৰ্বিকিউৰ জুইত দগ্ধ নৱবিবাহিতা; দুমাহ জীৱন-মৃত্যুৰে যুঁজি অৱশেষত শেষ নিঃশ্বাস ত্যাগ