ডিজিটেল ডেস্ক: আজি পবিত্ৰ মহালয়া। মহালয়া হʼল পিতৃপক্ষ আৰু দেৱীপক্ষৰ সন্ধিক্ষণ। ইয়াৰ দ্বাৰাই শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণি হয়। বিশ্বাস কৰা হয় যে এই পৱিত্ৰ দিনটোতে দেৱী দুৰ্গাই শিৱৰ বাসস্থান কৈলাশৰ পৰা মৰ্ত্যলৈ যাত্ৰা আৰম্ভ কৰে। পশ্চিমবংগ, বাংলাদেশ, ত্ৰিপুৰা আৰু অসমত আহিন মাহৰ কৃষ্ণপক্ষ অমাৱস্যা তিথিত মহালয়া পালন কৰা হয়।
প্ৰবাদ অনুসৰি, মহালয়াৰ এই বিশেষ দিনটোতেই ধৰালৈ শুভ শক্তিৰ আগমন ঘটে। বিশ্বাস কৰা হয় যে মহালয়াৰ পুৱাৰ পবিত্ৰ বতাহজাকে সুস্থ কৰি তোলে মানুহৰ শৰীৰ-মন-আত্মা। সেইবাবেই কাহিলী পুৱাতে হাজাৰ হাজাৰ লোকে খোজ কাঢ়িবলৈ ওলাই আহে।
জ্যোতিষ শাস্ত্ৰৰ মতে, এই দিনটোতে হিন্দু ধর্মাৱলম্বীলোকসকলৰ বহুতেই তেওঁলোকৰ পূৰ্ব পুৰুষসকলক স্মৰণ তথা তৰ্পণ কৰে। তৰ্পণৰ অৰ্থ হৈছে সন্তুষ্ট কৰা। এই তৰ্পনৰ ফলত পূৰ্বপুৰুষসকলৰ আত্মাই শান্তি আৰু মুক্তি লাভ কৰে বুলি জনবিশ্বাস আছে৷ পূৰ্বপুৰুষে মুক্তি লাভ কৰিলে ধৰাত থকা আত্মীয়সকলক আৰ্শীবাদ প্ৰদান কৰে বুলি লোকবিশ্বাস প্ৰচলিত আছে৷ সেয়েহে পূৰ্ব পুৰুষসকলৰ আত্মাক সন্তুষ্ট কৰিবলৈ এই বিশেষ দিনটোত কৰা হয় তৰ্পণ ।
তাৰোপৰি, হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনী অনুসৰি, মহালয়াৰ এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক বধ কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়। মহালয়াক নৱৰাত্ৰিৰ আৰম্ভণি বুলিও কোৱা হয় ৷ মা দুৰ্গাৰ নামত উৎসৰ্গিত এই দিনকেইটাত মাৰ ভক্তসকলে ন দিন উপবাসে থাকি তেওঁৰ নটা ৰূপক পূজা আগবঢ়ায় ।
মহালয়াৰ দিনটোত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে। মহালয়াৰ দিনটোৰ পৰা সপ্তম দিনা মা দুৰ্গাৰ পূজা আৰম্ভ হয় আৰু দশম দিনা এই পূজা সমাপ্ত হয়। যাক কোৱা হয় বিজয়া দশমী।
এই মহালয়াৰ আৰম্ভ হোৱাৰ লগে লগে মৃন্ময় শিল্পীসকলেও দেৱী দুৰ্গাৰ প্ৰতিমাৰ চকুত ৰঙৰ প্ৰলেপ সানিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ পিছতেই এই নিৰ্জীৱ মূৰ্তিটোয়ে জাগ্ৰত ৰূপ লয় বুলি জনবিশ্বাস আছে৷ মা দুৰ্গাৰ আশীৰ্বাদত পৃথিৱীৰ পৰা দূৰ হওক অপায়-অমংগল, কলুষ-কালিমা এয়াই জনসাধাৰণৰ প্ৰাৰ্থনা।