--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৃষক বিদ্ৰোহে কঁপনি তুলিছে মোদী চৰকাৰৰ বৰঘৰত৷ পঞ্জাব, হাৰিয়ানত অব্যাহত আছে কৃষক বিদ্ৰোহ৷ প্ৰতিবাদী কৃষকৰ দিল্লী চলো কাৰ্যসূচীৰ আজি অষ্টমটো দিন৷ 

হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকৰ দিল্লী চলো কাৰ্যসূচীক প্ৰতিহত কৰাৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ৷ তাৰ মাজতে পঞ্জাব, হাৰিয়ানৰ শম্ভু সীমান্তত উপস্থিত হাজাৰ হাজাৰ প্ৰতিবাদী কৃষক৷ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে দুই ৰাজ্যৰ শম্ভু সীমান্তত৷ ইতিমধ্যে ৬ দিন অতিক্ৰম কৰা আন্দোলনত মৃত্যু ঘটিছে এগৰাকী কৃষক আৰু এজন আৰক্ষী বিষয়াৰ৷ 

সংযুক্ত কৃষক মৰ্চাৰ নেতৃত্বত অব্যাহত আন্দোলনৰ পৰিপ্ৰেক্ষিতত পঞ্জাব আৰু হাৰিয়ানাত তীব্ৰ উত্তেজনা৷ পৰিস্থিতি অধিক অৱনতি ঘটাৰ শংকাত পঞ্জাবৰ ৭ জিলাত ২৪ ফেব্ৰুৱাৰীলৈ কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা৷ একেদৰে হাৰিয়ানাৰ ৭ জিলাত ১৯ ফেব্ৰুৱাৰীৰ ১২ বজালৈকে বন্ধ ৰখা হৈছে ইণ্টাৰনেট সেৱা৷ তাৰ মাজতে ট্ৰেক্টৰ তথা অন্যান্য বাহনযোগে দিল্লী অভিমুখে ৰাওনা হৈছে হাজাৰ হাজাৰ কৃষক৷ 

ইতিমধ্যে চণ্ডীগড়ত চতুৰ্থখন বৈঠকত বহিছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আৰু কৃষক সংগঠনৰ নেতা৷ ইতিপূৰ্বে ব্যৰ্থ হৈছিল কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰতিবাদী কৃষকৰ মাজৰ ৩খনকৈ বৈঠক৷ তাৰ মাজতে আজি লুধিয়ানাত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে সংযুক্ত কৃষক মৰ্চাৰ নেতৃবৰ্গ৷ য’ত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী ২২ ফেব্ৰুৱাৰীপৰ্যন্ত মুক্ত ৰখা হ’ব পঞ্জাবৰ সমূহ টোলগেট৷ 

আনহাতে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বাসগৃহও ঘেৰাও কৰাৰ পৰিকল্পনা প্ৰতিবাদী কৃষকৰ৷ কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদত নামিছে কৃষকসকল৷ প্ৰতিবাদকাৰীসকলৰ দাবী কৃষকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰা হওক MSPত৷ ডাঃ স্বামীনাথন আয়োগৰ প্ৰতিবেদন অনুসৰি নিৰ্ধাৰিত হওক কৃষক উৎপাদিত সামগ্ৰীৰ মূল্য৷ একেদৰে ভূমিনীতিৰ সংশোধন, কৃষকৰ মজুৰি তথা ঋণ মাফ, MGNREGAৰ অধীনত প্ৰতিবছৰে ২০০ দিনৰ কাম তথা প্ৰতিদিনে ৭০০ টকা মজুৰিকে ধৰি বহুকেইটা দাবী পূৰণৰ লক্ষৰে এতিয়া জংগী আন্দোলনৰ ভাবুকি হাজাৰ হাজাৰ কৃষকৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু