--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৃষক বিদ্ৰোহে কঁপনি তুলিছে মোদী চৰকাৰৰ বৰঘৰত৷ পঞ্জাব, হাৰিয়ানত অব্যাহত আছে কৃষক বিদ্ৰোহ৷ প্ৰতিবাদী কৃষকৰ দিল্লী চলো কাৰ্যসূচীৰ আজি অষ্টমটো দিন৷ 

হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকৰ দিল্লী চলো কাৰ্যসূচীক প্ৰতিহত কৰাৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ৷ তাৰ মাজতে পঞ্জাব, হাৰিয়ানৰ শম্ভু সীমান্তত উপস্থিত হাজাৰ হাজাৰ প্ৰতিবাদী কৃষক৷ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে দুই ৰাজ্যৰ শম্ভু সীমান্তত৷ ইতিমধ্যে ৬ দিন অতিক্ৰম কৰা আন্দোলনত মৃত্যু ঘটিছে এগৰাকী কৃষক আৰু এজন আৰক্ষী বিষয়াৰ৷ 

সংযুক্ত কৃষক মৰ্চাৰ নেতৃত্বত অব্যাহত আন্দোলনৰ পৰিপ্ৰেক্ষিতত পঞ্জাব আৰু হাৰিয়ানাত তীব্ৰ উত্তেজনা৷ পৰিস্থিতি অধিক অৱনতি ঘটাৰ শংকাত পঞ্জাবৰ ৭ জিলাত ২৪ ফেব্ৰুৱাৰীলৈ কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা৷ একেদৰে হাৰিয়ানাৰ ৭ জিলাত ১৯ ফেব্ৰুৱাৰীৰ ১২ বজালৈকে বন্ধ ৰখা হৈছে ইণ্টাৰনেট সেৱা৷ তাৰ মাজতে ট্ৰেক্টৰ তথা অন্যান্য বাহনযোগে দিল্লী অভিমুখে ৰাওনা হৈছে হাজাৰ হাজাৰ কৃষক৷ 

ইতিমধ্যে চণ্ডীগড়ত চতুৰ্থখন বৈঠকত বহিছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আৰু কৃষক সংগঠনৰ নেতা৷ ইতিপূৰ্বে ব্যৰ্থ হৈছিল কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰতিবাদী কৃষকৰ মাজৰ ৩খনকৈ বৈঠক৷ তাৰ মাজতে আজি লুধিয়ানাত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে সংযুক্ত কৃষক মৰ্চাৰ নেতৃবৰ্গ৷ য’ত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী ২২ ফেব্ৰুৱাৰীপৰ্যন্ত মুক্ত ৰখা হ’ব পঞ্জাবৰ সমূহ টোলগেট৷ 

আনহাতে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বাসগৃহও ঘেৰাও কৰাৰ পৰিকল্পনা প্ৰতিবাদী কৃষকৰ৷ কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদত নামিছে কৃষকসকল৷ প্ৰতিবাদকাৰীসকলৰ দাবী কৃষকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰা হওক MSPত৷ ডাঃ স্বামীনাথন আয়োগৰ প্ৰতিবেদন অনুসৰি নিৰ্ধাৰিত হওক কৃষক উৎপাদিত সামগ্ৰীৰ মূল্য৷ একেদৰে ভূমিনীতিৰ সংশোধন, কৃষকৰ মজুৰি তথা ঋণ মাফ, MGNREGAৰ অধীনত প্ৰতিবছৰে ২০০ দিনৰ কাম তথা প্ৰতিদিনে ৭০০ টকা মজুৰিকে ধৰি বহুকেইটা দাবী পূৰণৰ লক্ষৰে এতিয়া জংগী আন্দোলনৰ ভাবুকি হাজাৰ হাজাৰ কৃষকৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী