--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী কোন? বহুতৰে হয়তো ধাৰণা হ’ব পাৰে  যে জনপ্ৰিয় আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হয়তো  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মা বা বংগৰ মমতা বেনাৰ্জী অথবা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজৰে কোনোবা এগৰাকী হ’ব। কিন্তু নহয়, কৰ্মশৈলীৰ বাবে যথেষ্ট জনপ্ৰিয়  আদিত্যনাথ বা আনসকল  আটাইতকৈ জনপ্ৰিয়  মুখ্যমন্ত্ৰীৰ তালিকাত  এক নম্বৰত নাই।  মুখ্যমন্ত্ৰীসকলৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতাৰ  মূল্যাঙ্কন কৰাৰ লক্ষ্যৰে কৰা শেহতীয়া জৰীপ অনুসৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহা জনপ্ৰিয়তাৰ ক্ষেত্ৰত ভাৰতৰ পঞ্চম জনপ্ৰিয় মুখ্যমন্ত্ৰী। 

১. নবীন পাটনায়ক
তালিকাৰ প্ৰথম স্থানত আছে নবীন পাটনায়ক। ওড়িশাৰ মুখ্যমন্ত্ৰীগৰাকী  গ্ৰহণযোগ্যতা আৰু জনপ্ৰিয়তাৰ ক্ষেত্ৰত দেশৰ এক নম্বৰ স্থানত থকা  মুখ্যমন্ত্ৰী। জৰীপ অনুসৰি নবীন পাটনায়কৰ জনপ্ৰিয়তাৰ ৰেটিং হৈছে ৫২.৭ শতাংশ। তেওঁ একেৰাহে পাঁচবাৰ ওড়িশাৰ  মুখ্যমন্ত্ৰী আছিল। বিজেডিৰ নবীন পাটনায়ক চামলিং আৰু জ্যোতি বসুৰ পিছত একেৰাহে পাঁচবাৰ মুখ্যমন্ত্ৰী হোৱা তৃতীয়গৰাকী  নেতা।

২. যোগী আদিত্যনাথ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৫১.৩ শতাংশ জনপ্ৰিয়তাৰ ৰেটিঙৰ সৈতে দ্বিতীয় স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী হিচাপে এয়া  তেওঁৰ দ্বিতীয় কাৰ্যকাল।

৩. হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তৃতীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাবে জৰীপত প্ৰকাশ পাইছে। এই জৰীপটোত হিমন্ত বিশ্ব শৰ্মাই ৪৮.৬ শতাংশ ৰেটিং লাভ কৰিছে।

৪. ভূপেন্দ্ৰভাই পেটেল

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলৰ নামেও জৰীপটোত স্থান পাইছে। তেওঁ এজন জনপ্ৰিয় আৰু গ্ৰহণযোগ্য মুখ্যমন্ত্ৰী হিচাপে চতুৰ্থ স্থানত আছে। তেওঁ ৪২.৬ শতাংশ ৰেটিং লাভ কৰিছে।

৫. মানিক সাহা

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহাই ৪১.৪ শতাংশ জনপ্ৰিয়তাৰ ৰেটিঙৰ সৈতে পাঁচ নম্বৰত আছে। ত্ৰিপুৰাবাসীৰ মাজত তেওঁ অতি জনপ্ৰিয়। মানুহে তেওঁৰ সৰলতা, নিষ্ঠা আৰু সততাক প্ৰশংসা কৰে।

ফেব্ৰুৱাৰীৰ আৰম্ভণিতে ইণ্ডিয়া টুডে মুড অৱ দ্য নেশ্যন (এমঅ'টিএন)ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ একেৰাহে অষ্টমবাৰৰ বাবে ৩০ জন মুখ্যমন্ত্ৰীৰ ভিতৰত এক নম্বৰত আছিল। তেওঁৰ জনপ্ৰিয়তা নিৰন্তৰ বৃদ্ধি পাই আহিছে। এই বছৰৰ ফেব্ৰুৱাৰীত কৰা এই জৰীপত, য'ত ৪৬.৩ শতাংশ লোকে তেওঁক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে গণ্য কৰিছিল, আগষ্ট ২০২৩ ত, ৪৩  শতাংশ লোকে যোগী আদিত্যনাথক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে গণ্য কৰিছিল। সমগ্ৰ ভাৰতত কৰা জৰীপত, মাত্ৰ ১৯.৬ শতাংশ লোকে অৰবিন্দ কেজৰিৱালক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি গণ্য কৰে।   





FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement