--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্বোচ্চ ন্যায়ালয়ক অৱমাননা কৰিছে নেকি ষ্টেট বেংক অব্‌ ইণ্ডিয়াই!মানৱ অধিকাৰ সংগঠন এডিআৰ (এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ)-এ নিৰ্বাচনী বণ্ডৰ প্ৰকাশ কৰিবলৈ অধিক সময়ৰ বিচৰাৰ বাবে ষ্টেট বেংকৰ অনুৰোধক  অৱমাননা হিচাপে মানিবলৈ উচ্চতম ন্যায়ালয়ক প্ৰস্তাৱ দিছে। বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণে এডিআৰৰ হৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠৰ সন্মুখত এই আবেদন দাখিল কৰে।


প্ৰশান্ত ভূষণে কয় যে উচ্চতম ন্যায়ালয়ে বুধবাৰৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ সকলো সবিশেষ তথ্য কৰিবলৈ ষ্টেট বেংকক নিৰ্দেশ দিছিল। তেনে কৰাৰ পৰিৱৰ্তে সোমবাৰে ষ্টেট বেংকে ৩০ জুন অন্তিম তাৰিখ হিচাপে বিচাৰি আবেদন দাখিল কৰিছে৷উচ্চতম ন্যায়ালয়ে এই আবেদনৰ শুনানি ১১ মাৰ্চত গ্ৰহণ কৰিব। 


এডিআৰে এক প্ৰতিবেদনত কয় যে ২০২২-২৩ চনত ‘অজ্ঞাত উৎসৰ পৰা আয়’ বুলি ঘোষণা কৰা সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহৰ মুঠ আয়ৰ ৮২ শতাংশতকৈ অধিক এই নিৰ্বাচনী বণ্ডৰ পৰাই আহিছিল। অজ্ঞাত উৎসৰ পৰা আয় হিচাপে ১৮৩২.৮৮ কোটি টকাৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ পৰা আয়ৰ অংশ আছিল ১৫১০ কোটি টকা, যিটো প্ৰায় ৮২.৪২ শতাংশ। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে বিজেপি চৰকাৰে অনা বণ্ডক অসাংবিধানিক বুলি অভিহিত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু