--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্বোচ্চ ন্যায়ালয়ক অৱমাননা কৰিছে নেকি ষ্টেট বেংক অব্‌ ইণ্ডিয়াই!মানৱ অধিকাৰ সংগঠন এডিআৰ (এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ)-এ নিৰ্বাচনী বণ্ডৰ প্ৰকাশ কৰিবলৈ অধিক সময়ৰ বিচৰাৰ বাবে ষ্টেট বেংকৰ অনুৰোধক  অৱমাননা হিচাপে মানিবলৈ উচ্চতম ন্যায়ালয়ক প্ৰস্তাৱ দিছে। বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণে এডিআৰৰ হৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠৰ সন্মুখত এই আবেদন দাখিল কৰে।


প্ৰশান্ত ভূষণে কয় যে উচ্চতম ন্যায়ালয়ে বুধবাৰৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ সকলো সবিশেষ তথ্য কৰিবলৈ ষ্টেট বেংকক নিৰ্দেশ দিছিল। তেনে কৰাৰ পৰিৱৰ্তে সোমবাৰে ষ্টেট বেংকে ৩০ জুন অন্তিম তাৰিখ হিচাপে বিচাৰি আবেদন দাখিল কৰিছে৷উচ্চতম ন্যায়ালয়ে এই আবেদনৰ শুনানি ১১ মাৰ্চত গ্ৰহণ কৰিব। 


এডিআৰে এক প্ৰতিবেদনত কয় যে ২০২২-২৩ চনত ‘অজ্ঞাত উৎসৰ পৰা আয়’ বুলি ঘোষণা কৰা সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহৰ মুঠ আয়ৰ ৮২ শতাংশতকৈ অধিক এই নিৰ্বাচনী বণ্ডৰ পৰাই আহিছিল। অজ্ঞাত উৎসৰ পৰা আয় হিচাপে ১৮৩২.৮৮ কোটি টকাৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ পৰা আয়ৰ অংশ আছিল ১৫১০ কোটি টকা, যিটো প্ৰায় ৮২.৪২ শতাংশ। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে বিজেপি চৰকাৰে অনা বণ্ডক অসাংবিধানিক বুলি অভিহিত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement