--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰ বা চৰকাৰে লোৱা যিকোনো সিদ্ধান্তক সমালোচনা কৰাটো নাগৰিকৰ অধিকাৰ। বৃহস্পতিবাৰে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে। দেশৰ শীৰ্ষ আদালতৰ মতে, প্ৰতিটো সমালোচনা অপৰাধ নহয়। বাক্‌-স্বাধীনতাৰ ক্ষেত্ৰতো আৰক্ষী অধিক সচেতন হ’ব লাগে বুলি আদালতে কয়।

উল্লেখ্য যে,জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল কাশ্মীৰৰ এজন অধ্যাপকে। পেছাত অধ্যাপকজনে মহাৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। কিন্তু জাভেদ আহমেদ হাজাম নামৰ সেই অধ্যাপকজনৰ নামত এটা অপৰাধমূলক গোচৰ ৰুজু হৈছিল। হাজামৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে ৫ আগষ্টত (২০১৯ চনত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ দিন) তেওঁ হোৱাটছএপৰ ডিপি ক’লা কৰি লিখিছিল, "জম্মু-কাশ্মীৰৰ বাবে ক'লা দিন।" ইয়াৰ উপৰিও ১৪ আগষ্টত পাকিস্তানৰ স্বাধীনতা দিৱস উদ্‌যাপন কৰাৰো অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই গোচৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে অধ্যাপকগৰাকীৰ বিৰুদ্ধে দাখিল কৰা গোচৰ খাৰিজ কৰে।

ন্যায়াধীশ অভয় এছ অ’কা আৰু ন্যায়াধীশ উজ্জ্বল ভুৱনৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰি কয় যে, “ভাৰতৰ সংবিধানে দেশৰ নাগৰিকক মত প্ৰকাশৰ অধিকাৰ আৰু বাক্‌ স্বাধীনতা প্ৰদান কৰিছে। এই সুৰক্ষাৰ অৰ্থ হ’ল ৩৭০ অনুচ্ছেদ বাতিলকে ধৰি চৰকাৰৰ যিকোনো সিদ্ধান্তক যিকোনো নাগৰিকে সমালোচনা কৰিব পাৰে। চৰকাৰৰ সিদ্ধান্তত অসন্তুষ্ট - মাত মাতিব পৰাটো এজন নাগৰিকৰ অধিকাৰৰ ভিতৰত।''গোচৰটোৰ কথা উল্লেখ কৰি আদালতে কয় যে এটা বিশেষ দিনক ‘ক’লা দিন’ বুলি কোৱাটো ‘প্ৰতিবাদ আৰু যন্ত্ৰণাৰ প্ৰকাশ’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী