--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰ বা চৰকাৰে লোৱা যিকোনো সিদ্ধান্তক সমালোচনা কৰাটো নাগৰিকৰ অধিকাৰ। বৃহস্পতিবাৰে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে। দেশৰ শীৰ্ষ আদালতৰ মতে, প্ৰতিটো সমালোচনা অপৰাধ নহয়। বাক্‌-স্বাধীনতাৰ ক্ষেত্ৰতো আৰক্ষী অধিক সচেতন হ’ব লাগে বুলি আদালতে কয়।

উল্লেখ্য যে,জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল কাশ্মীৰৰ এজন অধ্যাপকে। পেছাত অধ্যাপকজনে মহাৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। কিন্তু জাভেদ আহমেদ হাজাম নামৰ সেই অধ্যাপকজনৰ নামত এটা অপৰাধমূলক গোচৰ ৰুজু হৈছিল। হাজামৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে ৫ আগষ্টত (২০১৯ চনত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ দিন) তেওঁ হোৱাটছএপৰ ডিপি ক’লা কৰি লিখিছিল, "জম্মু-কাশ্মীৰৰ বাবে ক'লা দিন।" ইয়াৰ উপৰিও ১৪ আগষ্টত পাকিস্তানৰ স্বাধীনতা দিৱস উদ্‌যাপন কৰাৰো অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই গোচৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে অধ্যাপকগৰাকীৰ বিৰুদ্ধে দাখিল কৰা গোচৰ খাৰিজ কৰে।

ন্যায়াধীশ অভয় এছ অ’কা আৰু ন্যায়াধীশ উজ্জ্বল ভুৱনৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰি কয় যে, “ভাৰতৰ সংবিধানে দেশৰ নাগৰিকক মত প্ৰকাশৰ অধিকাৰ আৰু বাক্‌ স্বাধীনতা প্ৰদান কৰিছে। এই সুৰক্ষাৰ অৰ্থ হ’ল ৩৭০ অনুচ্ছেদ বাতিলকে ধৰি চৰকাৰৰ যিকোনো সিদ্ধান্তক যিকোনো নাগৰিকে সমালোচনা কৰিব পাৰে। চৰকাৰৰ সিদ্ধান্তত অসন্তুষ্ট - মাত মাতিব পৰাটো এজন নাগৰিকৰ অধিকাৰৰ ভিতৰত।''গোচৰটোৰ কথা উল্লেখ কৰি আদালতে কয় যে এটা বিশেষ দিনক ‘ক’লা দিন’ বুলি কোৱাটো ‘প্ৰতিবাদ আৰু যন্ত্ৰণাৰ প্ৰকাশ’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু