--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮২ বছৰীয়া এগৰাকী মহিলাক তলপেটত অসহ্যকৰ বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু বিষটোৰ পৰীক্ষা কৰি গম পোৱা গ’ল এক আশ্বৰ্যকৰ কথা। যোৱা ৪০ বছৰ ধৰি তেওঁ পেটত এটা 'শিলৰ ভ্ৰুণ’ কঢ়িয়াই ফুৰিছে!

২০১৩ চনৰ ডিচেম্বৰ মাহত কলম্বিয়াত বৃদ্ধাগৰাকীৰ পেটত থকা শিলৰ ভ্ৰুণটোক লৈ সংবাদ মাধ্যমত উন্মাদনাৰ সৃষ্টি হৈছিল। সংবাদ মাধ্যমৰ মতে, প্ৰায় ৪ দশক ধৰি বৃদ্ধাগৰাকীৰ মনত শিলটোৰ অস্তিত্বৰ বিষয়ে কোনো ধাৰণা নাছিল।

চিকিৎসকে কয় যে বৃদ্ধাগৰাকীৰ তলৰ পেটৰ এক্স-ৰেত 'লিথ’পিডিয়ান’ হোৱা বুলি জানিব পৰা গৈছিল। চিকিৎসকৰ মতে, এয়া এক বিৰল পৰিঘটনা। ইয়াক ‘ষ্টোন বেবী’ বুলিও কয়।

সেয়ে এক্স-ৰে ৰিপৰ্ট দেখি চিকিৎসকসকল স্তম্ভিত হৈ পৰিছিল। বৃদ্ধাগৰাকীৰ তলপেটত অস্ত্ৰোপচাৰ কৰি শিলৰ ভ্ৰুণটো আঁতৰোৱাৰ প্ৰচেষ্টাত বৰ্তি হ’ল তেওঁলোক।

ক্লিভলেণ্ডৰ ইউনিভাৰ্চিটি হস্পিতালছ কেছ মেডিকেল চেণ্টাৰৰ চিকিৎসক কিম গাৰ্কচীয়ে কয় যে চিকিৎসা বিজ্ঞানৰ ইতিহাসত এনে ঘটনা অতি বিৰল।

গাৰ্কচীয়ে আমেৰিকাৰ সংবাদ মাধ্যম “এবিচি নিউজ”ক জনোৱা মতে, বৃদ্ধাগৰাকীৰ পেটত “ষ্ট’ন বেবী” ধৰা পৰাৰ পূৰ্বে সমগ্ৰ বিশ্বতে এই পৰিঘটনা মাত্ৰ ৩০০ বাৰহে দেখা গৈছিল।

চিকিৎসকৰ দাবী যে মাত্ৰ ০.০০৫৪ শতাংশ লোকৰ ক্ষেত্ৰতহে একোটা ভ্ৰুণ গৰ্ভৰ বাহিৰত জন্ম হয় আৰু ই পাথৰলৈ পৰিণত হয় বা ‘লিথ’পিডিঅ’ন’ বুলি ধৰা পৰে। এটা প্ৰতিবেদনত দাবী কৰা হৈছে যে ১.৫ৰ পৰা ১.৮ শতাংশ এক্ট’পিক ভ্ৰুণ লিথ’পেডিয়ানলৈ বিকশিত হয়।


গাৰ্কচীয়ে বুঢ়ীগৰাকীৰ চিকিৎসা কৰা নাছিল। কিন্তু তেওঁ কয় যে যদি ভ্ৰুণটো জৰায়ুৰ পৰিৱৰ্তে পেটৰ তলৰ অংশত থাকে তেন্তে ই ‘লিথ’পেডিয়ান’লৈ পৰিণত হ’ব পাৰে। সেই ভ্ৰুণত পৰ্যাপ্ত পৰিমাণে ৰক্ত সঞ্চালন নোহোৱাৰ বাবে গৰ্ভত ই ধ্বংস হয়। কিন্তু সাধাৰণতে ই পেটৰ তলৰ অংশত থাকে।

এই অৱস্থাৰ বাবে ভ্ৰুণটো ‘পাথৰ’ হৈ পৰে। চিকিৎসকৰ মতে আচলতে ভ্ৰুণৰ ওপৰত কেলচিয়ামৰ তৰপ জমা হয়। তেতিয়াই মৰা ভ্ৰুণটো কঠিন হ’বলৈ আৰম্ভ কৰে।

গাৰ্কচিৰ মতে, বাহিৰৰ কিবা বস্তু শৰীৰত প্ৰৱেশ কৰিলে প্ৰাকৃতিক প্ৰতিৰোধ ক্ষমতাই সেইসমূহৰ পৰা ৰক্ষা কৰে। শৰীৰক সুস্থ কৰি ৰাখিবলৈ এই প্ৰক্ৰিয়া অবিৰতভাৱে অব্যাহত থাকে। ঠিক সেইদৰে বৃদ্ধাগৰাকীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই মৃত ভ্ৰুণটোক ‘পাথৰ’লৈ ৰূপান্তৰিত কৰিছিল।

ভ্ৰুণৰ ওপৰত কেলচিয়ামৰ তৰপ জমা হোৱাৰ বাবে বৃ্দ্ধাগৰাকীয়ে দশক দশক ধৰি নিজৰ তলৰ পেটত থকা ‘ষ্ট’ন বেবী’ৰ অস্তিত্বৰ বিষয়ে গম পোৱা নাছিল।

কলম্বিয়াৰ বৃদ্ধাগৰাকীৰ ঘটনা পোহৰলৈ অহাৰ আগতে ২০০৯ চনত আমেৰিকাৰ সংবাদ মাধ্যমে এনে ঘটনাৰ বাতৰি প্ৰকাশ কৰিছিল। সেই বছৰ দক্ষিণ চীনৰ এগৰাকী ৯২ বছৰীয়া মহিলাৰ পেটৰ পৰা ৬০ বছৰীয়া মৃত ভ্ৰুণ এটা অস্ত্ৰোপচাৰ কৰি উলিয়াই আনিছিল।

এনে আন এক ঘটনা ২০১৫ চনত শুনা গৈছিল। চিলিৰ লা বোকাৰ এগৰাকী ৯১ বছৰীয়া মহিলাই যে দশক দশক ধৰি পেটত মৃত ভ্ৰুণ কঢ়িয়াই লৈ ফুৰিছিল।

এগৰাকী ৬৮ বছৰীয়া ফৰাচী মহিলাৰ শৰীৰত থকা ‘লিথ’পিডিঅ’ন’ প্ৰথমবাৰৰ বাবে পোহৰলৈ অহা বুলি চিকিৎসকে দাবী কৰি আহিছে। সেই ঘটনা ঘটিছিল ১৫৮২ চনত। তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাত দেখা গ’ল যে এটা ‘ষ্টোন বেবী’ তেওঁৰ তলৰ পেটত ২৮ বছৰ ধৰি আছিল।

গাৰ্কচিয়ে কয়, “বেছিভাগ ক্ষেত্ৰতে এনে মহিলাৰ শৰীৰত ‘লিথ’পিডিঅ’ন’ৰ কোনো লক্ষণ দেখা নাযায়। ফলত তেওঁলোকে ইয়াৰ বাবে একো কৰিব নালাগে।’’

চিকিৎসকে কয় যে এই ‘অস্বাভাৱিক’ অৱস্থা ১০ হাজাৰ গৰ্ভৱতী নাৰীৰ ভিতৰত ১ গৰাকীৰ ক্ষেত্ৰত দেখা দিয়ে। কিন্তু গাৰ্চিয়াই দাবী কৰে যে আধুনিক চিকিৎসা বিজ্ঞানে ভ্ৰুণৰ এই অৱস্থাটো সহজেই চিনাক্ত কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই