--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮২ বছৰীয়া এগৰাকী মহিলাক তলপেটত অসহ্যকৰ বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু বিষটোৰ পৰীক্ষা কৰি গম পোৱা গ’ল এক আশ্বৰ্যকৰ কথা। যোৱা ৪০ বছৰ ধৰি তেওঁ পেটত এটা 'শিলৰ ভ্ৰুণ’ কঢ়িয়াই ফুৰিছে!

২০১৩ চনৰ ডিচেম্বৰ মাহত কলম্বিয়াত বৃদ্ধাগৰাকীৰ পেটত থকা শিলৰ ভ্ৰুণটোক লৈ সংবাদ মাধ্যমত উন্মাদনাৰ সৃষ্টি হৈছিল। সংবাদ মাধ্যমৰ মতে, প্ৰায় ৪ দশক ধৰি বৃদ্ধাগৰাকীৰ মনত শিলটোৰ অস্তিত্বৰ বিষয়ে কোনো ধাৰণা নাছিল।

চিকিৎসকে কয় যে বৃদ্ধাগৰাকীৰ তলৰ পেটৰ এক্স-ৰেত 'লিথ’পিডিয়ান’ হোৱা বুলি জানিব পৰা গৈছিল। চিকিৎসকৰ মতে, এয়া এক বিৰল পৰিঘটনা। ইয়াক ‘ষ্টোন বেবী’ বুলিও কয়।

সেয়ে এক্স-ৰে ৰিপৰ্ট দেখি চিকিৎসকসকল স্তম্ভিত হৈ পৰিছিল। বৃদ্ধাগৰাকীৰ তলপেটত অস্ত্ৰোপচাৰ কৰি শিলৰ ভ্ৰুণটো আঁতৰোৱাৰ প্ৰচেষ্টাত বৰ্তি হ’ল তেওঁলোক।

ক্লিভলেণ্ডৰ ইউনিভাৰ্চিটি হস্পিতালছ কেছ মেডিকেল চেণ্টাৰৰ চিকিৎসক কিম গাৰ্কচীয়ে কয় যে চিকিৎসা বিজ্ঞানৰ ইতিহাসত এনে ঘটনা অতি বিৰল।

গাৰ্কচীয়ে আমেৰিকাৰ সংবাদ মাধ্যম “এবিচি নিউজ”ক জনোৱা মতে, বৃদ্ধাগৰাকীৰ পেটত “ষ্ট’ন বেবী” ধৰা পৰাৰ পূৰ্বে সমগ্ৰ বিশ্বতে এই পৰিঘটনা মাত্ৰ ৩০০ বাৰহে দেখা গৈছিল।

চিকিৎসকৰ দাবী যে মাত্ৰ ০.০০৫৪ শতাংশ লোকৰ ক্ষেত্ৰতহে একোটা ভ্ৰুণ গৰ্ভৰ বাহিৰত জন্ম হয় আৰু ই পাথৰলৈ পৰিণত হয় বা ‘লিথ’পিডিঅ’ন’ বুলি ধৰা পৰে। এটা প্ৰতিবেদনত দাবী কৰা হৈছে যে ১.৫ৰ পৰা ১.৮ শতাংশ এক্ট’পিক ভ্ৰুণ লিথ’পেডিয়ানলৈ বিকশিত হয়।


গাৰ্কচীয়ে বুঢ়ীগৰাকীৰ চিকিৎসা কৰা নাছিল। কিন্তু তেওঁ কয় যে যদি ভ্ৰুণটো জৰায়ুৰ পৰিৱৰ্তে পেটৰ তলৰ অংশত থাকে তেন্তে ই ‘লিথ’পেডিয়ান’লৈ পৰিণত হ’ব পাৰে। সেই ভ্ৰুণত পৰ্যাপ্ত পৰিমাণে ৰক্ত সঞ্চালন নোহোৱাৰ বাবে গৰ্ভত ই ধ্বংস হয়। কিন্তু সাধাৰণতে ই পেটৰ তলৰ অংশত থাকে।

এই অৱস্থাৰ বাবে ভ্ৰুণটো ‘পাথৰ’ হৈ পৰে। চিকিৎসকৰ মতে আচলতে ভ্ৰুণৰ ওপৰত কেলচিয়ামৰ তৰপ জমা হয়। তেতিয়াই মৰা ভ্ৰুণটো কঠিন হ’বলৈ আৰম্ভ কৰে।

গাৰ্কচিৰ মতে, বাহিৰৰ কিবা বস্তু শৰীৰত প্ৰৱেশ কৰিলে প্ৰাকৃতিক প্ৰতিৰোধ ক্ষমতাই সেইসমূহৰ পৰা ৰক্ষা কৰে। শৰীৰক সুস্থ কৰি ৰাখিবলৈ এই প্ৰক্ৰিয়া অবিৰতভাৱে অব্যাহত থাকে। ঠিক সেইদৰে বৃদ্ধাগৰাকীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই মৃত ভ্ৰুণটোক ‘পাথৰ’লৈ ৰূপান্তৰিত কৰিছিল।

ভ্ৰুণৰ ওপৰত কেলচিয়ামৰ তৰপ জমা হোৱাৰ বাবে বৃ্দ্ধাগৰাকীয়ে দশক দশক ধৰি নিজৰ তলৰ পেটত থকা ‘ষ্ট’ন বেবী’ৰ অস্তিত্বৰ বিষয়ে গম পোৱা নাছিল।

কলম্বিয়াৰ বৃদ্ধাগৰাকীৰ ঘটনা পোহৰলৈ অহাৰ আগতে ২০০৯ চনত আমেৰিকাৰ সংবাদ মাধ্যমে এনে ঘটনাৰ বাতৰি প্ৰকাশ কৰিছিল। সেই বছৰ দক্ষিণ চীনৰ এগৰাকী ৯২ বছৰীয়া মহিলাৰ পেটৰ পৰা ৬০ বছৰীয়া মৃত ভ্ৰুণ এটা অস্ত্ৰোপচাৰ কৰি উলিয়াই আনিছিল।

এনে আন এক ঘটনা ২০১৫ চনত শুনা গৈছিল। চিলিৰ লা বোকাৰ এগৰাকী ৯১ বছৰীয়া মহিলাই যে দশক দশক ধৰি পেটত মৃত ভ্ৰুণ কঢ়িয়াই লৈ ফুৰিছিল।

এগৰাকী ৬৮ বছৰীয়া ফৰাচী মহিলাৰ শৰীৰত থকা ‘লিথ’পিডিঅ’ন’ প্ৰথমবাৰৰ বাবে পোহৰলৈ অহা বুলি চিকিৎসকে দাবী কৰি আহিছে। সেই ঘটনা ঘটিছিল ১৫৮২ চনত। তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাত দেখা গ’ল যে এটা ‘ষ্টোন বেবী’ তেওঁৰ তলৰ পেটত ২৮ বছৰ ধৰি আছিল।

গাৰ্কচিয়ে কয়, “বেছিভাগ ক্ষেত্ৰতে এনে মহিলাৰ শৰীৰত ‘লিথ’পিডিঅ’ন’ৰ কোনো লক্ষণ দেখা নাযায়। ফলত তেওঁলোকে ইয়াৰ বাবে একো কৰিব নালাগে।’’

চিকিৎসকে কয় যে এই ‘অস্বাভাৱিক’ অৱস্থা ১০ হাজাৰ গৰ্ভৱতী নাৰীৰ ভিতৰত ১ গৰাকীৰ ক্ষেত্ৰত দেখা দিয়ে। কিন্তু গাৰ্চিয়াই দাবী কৰে যে আধুনিক চিকিৎসা বিজ্ঞানে ভ্ৰুণৰ এই অৱস্থাটো সহজেই চিনাক্ত কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু