--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তুৰস্ক আৰু ছিৰিয়াত ৭.৮ প্ৰাবল্যৰ দুটা ভূমিকম্পৰ ফলত যথেষ্ট বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ভূমিকম্পৰ পাছত চাৰিওফালে কান্দোনৰ ৰোল। লেবানন, ছিৰিয়া আৰু চাইপ্ৰাছতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। আনহাতে, ইটালীয়ে চুনামী সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে। ভূমিকম্পৰ তীব্ৰতা ছিছমোগ্ৰাফৰ জৰিয়তে জানিব পৰা গৈছিল। আজি জানো আহক যে কিমান তীব্ৰতাৰ ভূমিকম্প কিমান ধ্বংসাত্মক। ইয়াৰ লগতে জানক যে যদি  ৰিখটাৰ স্কেলত ১০ প্ৰাবল্যৰ ভূমিকম্প হয় তেন্তে কি হ’ব।

১.৯ ৰিখটাৰ স্কেল
এই তীব্ৰতাৰ ভূমিকম্প কেৱল ছিছমোগ্ৰাফতহে লিপিবদ্ধ কৰিব পৰা যায়। সাধাৰণ মানুহে এই অনুভৱ নকৰে। প্ৰতি বছৰে প্ৰায় ১০ হাজাৰ এনে ভূমিকম্প সংঘটিত হয়।

২.৯ ৰিখটাৰ স্কেল
২.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত অতি সামান্য কম্পন অনুভৱ কৰা হৈছে। ইয়াৰ ফলত জীৱন আৰু সা-সম্পত্তিৰ ক্ষতি নহয়।

৩.৯ ৰিখটাৰ স্কেল
এই পৰিস্থিতিত কঁপনি অনুভৱ কৰা হয়। এই ধৰণৰ অভিজ্ঞতা এনে লাগে যেন আপোনাৰ ওচৰৰ পৰা গাড়ী এখন পাৰ  হৈ গৈছে। এইবোৰতো কোনো জীৱন বা সম্পত্তিৰ ক্ষতি নহয়।

৪.৯ ৰিখটাৰ স্কেল
ইয়াৰ বাবে মৃদুৰ পৰা প্ৰবল কঁপনি লাগে। এতিয়া আপোনাৰ ঘৰৰ বেৰত ওলমি থকা ছবিবোৰ পৰিব পাৰে, খিৰিকী ভাঙিব পাৰে আৰু অট্টালিকাবোৰো ক্ষতিগ্ৰস্ত হ’ব পাৰে।

৫.৯ ৰিখটাৰ স্কেল
এই পৰ্যায়ত ঘৰত ৰখা আচবাববোৰ লৰচৰ কৰিবলৈ আৰম্ভ কৰে। ঘৰৰ বেৰতো ফাট মেলিব পাৰে।

৬ - ৬.৯ ৰিখটাৰ স্কেল
এই তীব্ৰতাত গোটেই চহৰখনতে ভূমিকম্পৰ প্ৰভাৱ দেখা যায়। কেঁচা ঘৰ ভাঙি গৈ থাকে, অট্টালিকাৰ ভেটিও ফাটি যাব পাৰে। প্ৰতি বছৰে প্ৰায় ২০০ টা এনে ভূমিকম্প সংঘটিত হয়।

৭.৯ ৰিখটাৰ স্কেল
এই ভূমিকম্পবোৰ বিধ্বংসী। অতি প্ৰবল কম্পন অনুভৱ কৰা হয়, এই পৰিস্থিতিত বহুত জীৱন আৰু সম্পত্তিৰ ক্ষতি হয়। ডাঙৰ ডাঙৰ অট্টালিকা ভাঙিব পাৰে আৰু ছুনামীৰ আশংকাও আছে।

৮.৯ ৰিখটাৰ স্কেল
প্ৰাণ-সম্পত্তি হেৰুৱাব লগা হয়। ডাঙৰ ডাঙৰ দলং ভাঙি যায়, চহৰৰ পাছত নগৰ ধ্বংস হয়।

৯.৯ ৰিখটাৰ স্কেল
এই পৰ্যায়ত পৃথিৱীৰ এক বৃহৎ অংশ ধ্বংস হ’ব। পথাৰৰ ভূমি লৰচৰ কৰিব। আপাততঃ এনে ধ্বংসৰ কথা কল্পনাহে কৰিব পাৰি।

১০ ৰিখটাৰ স্কেল
১০ ৰিখটাৰ স্কেলৰ ভূমিকম্প ইমানেই বিধ্বংসী হ’ব যে ই আহিলে পৃথিৱীত প্ৰায় কোনোৱেই বাচি নাথাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু