--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তুৰস্ক আৰু ছিৰিয়াত ৭.৮ প্ৰাবল্যৰ দুটা ভূমিকম্পৰ ফলত যথেষ্ট বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ভূমিকম্পৰ পাছত চাৰিওফালে কান্দোনৰ ৰোল। লেবানন, ছিৰিয়া আৰু চাইপ্ৰাছতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। আনহাতে, ইটালীয়ে চুনামী সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে। ভূমিকম্পৰ তীব্ৰতা ছিছমোগ্ৰাফৰ জৰিয়তে জানিব পৰা গৈছিল। আজি জানো আহক যে কিমান তীব্ৰতাৰ ভূমিকম্প কিমান ধ্বংসাত্মক। ইয়াৰ লগতে জানক যে যদি  ৰিখটাৰ স্কেলত ১০ প্ৰাবল্যৰ ভূমিকম্প হয় তেন্তে কি হ’ব।

১.৯ ৰিখটাৰ স্কেল
এই তীব্ৰতাৰ ভূমিকম্প কেৱল ছিছমোগ্ৰাফতহে লিপিবদ্ধ কৰিব পৰা যায়। সাধাৰণ মানুহে এই অনুভৱ নকৰে। প্ৰতি বছৰে প্ৰায় ১০ হাজাৰ এনে ভূমিকম্প সংঘটিত হয়।

২.৯ ৰিখটাৰ স্কেল
২.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত অতি সামান্য কম্পন অনুভৱ কৰা হৈছে। ইয়াৰ ফলত জীৱন আৰু সা-সম্পত্তিৰ ক্ষতি নহয়।

৩.৯ ৰিখটাৰ স্কেল
এই পৰিস্থিতিত কঁপনি অনুভৱ কৰা হয়। এই ধৰণৰ অভিজ্ঞতা এনে লাগে যেন আপোনাৰ ওচৰৰ পৰা গাড়ী এখন পাৰ  হৈ গৈছে। এইবোৰতো কোনো জীৱন বা সম্পত্তিৰ ক্ষতি নহয়।

৪.৯ ৰিখটাৰ স্কেল
ইয়াৰ বাবে মৃদুৰ পৰা প্ৰবল কঁপনি লাগে। এতিয়া আপোনাৰ ঘৰৰ বেৰত ওলমি থকা ছবিবোৰ পৰিব পাৰে, খিৰিকী ভাঙিব পাৰে আৰু অট্টালিকাবোৰো ক্ষতিগ্ৰস্ত হ’ব পাৰে।

৫.৯ ৰিখটাৰ স্কেল
এই পৰ্যায়ত ঘৰত ৰখা আচবাববোৰ লৰচৰ কৰিবলৈ আৰম্ভ কৰে। ঘৰৰ বেৰতো ফাট মেলিব পাৰে।

৬ - ৬.৯ ৰিখটাৰ স্কেল
এই তীব্ৰতাত গোটেই চহৰখনতে ভূমিকম্পৰ প্ৰভাৱ দেখা যায়। কেঁচা ঘৰ ভাঙি গৈ থাকে, অট্টালিকাৰ ভেটিও ফাটি যাব পাৰে। প্ৰতি বছৰে প্ৰায় ২০০ টা এনে ভূমিকম্প সংঘটিত হয়।

৭.৯ ৰিখটাৰ স্কেল
এই ভূমিকম্পবোৰ বিধ্বংসী। অতি প্ৰবল কম্পন অনুভৱ কৰা হয়, এই পৰিস্থিতিত বহুত জীৱন আৰু সম্পত্তিৰ ক্ষতি হয়। ডাঙৰ ডাঙৰ অট্টালিকা ভাঙিব পাৰে আৰু ছুনামীৰ আশংকাও আছে।

৮.৯ ৰিখটাৰ স্কেল
প্ৰাণ-সম্পত্তি হেৰুৱাব লগা হয়। ডাঙৰ ডাঙৰ দলং ভাঙি যায়, চহৰৰ পাছত নগৰ ধ্বংস হয়।

৯.৯ ৰিখটাৰ স্কেল
এই পৰ্যায়ত পৃথিৱীৰ এক বৃহৎ অংশ ধ্বংস হ’ব। পথাৰৰ ভূমি লৰচৰ কৰিব। আপাততঃ এনে ধ্বংসৰ কথা কল্পনাহে কৰিব পাৰি।

১০ ৰিখটাৰ স্কেল
১০ ৰিখটাৰ স্কেলৰ ভূমিকম্প ইমানেই বিধ্বংসী হ’ব যে ই আহিলে পৃথিৱীত প্ৰায় কোনোৱেই বাচি নাথাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক