--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ ধুম উঠিছে বলিউডত। আজি সংসাৰ তৰিব সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে। ইতিমধ্যে হৈ গ’ল বিবাহৰ পূৰ্বে ৰং কৰা, মেহেন্দী, সংগীতৰ দৰে অনুষ্ঠান। নিমন্ত্ৰিত অতিথিসকল এজন এজনকৈ আহিব ধৰিছে। মুষ্টিমেয় ১২৫ জন লোকক নিমন্ত্ৰণ দিয়া হৈছে।

বিয়াখন পতা হৈছে ৰাজস্থানৰ জয়ছালমেৰত। মৰুভূমিৰ চহৰখনত অতিথিসকলৰ বাবে এখন বিলাসী হোটেল বুকিং কৰা হৈছে। সূৰ্য্যগড় হোটেল নামৰ ৰাজপ্ৰসাদৰ দৰেই বিশাল হোটেলখনতে বিবাহানুষ্ঠান সম্পন্ন হ’ব।

বিবাহৰ আতিথ্য অভিজাতভাৱে কৰা হৈছে। প্ৰতিদিনে হোটেলখনৰ ৮০টা কোঠা ভাড়াত লোৱা হৈছে, যাৰ মূল্য ২০ হাজাৰ টকাৰ পৰা প্ৰায় ১.৫ লাখ টকালৈকে। আমন্ত্ৰিতসকলৰ ভিতৰত আছে পৰিচালক কৰণ জোহৰ, সাজ-পোছাক ডিজাইনাৰ মনীষ মালহোত্ৰা।

শুনা গৈছে যে কিয়াৰাৰ ‘কবীৰ সিং’ চিনেমাখনৰ সহঃ অভিনেতা শ্বাহিদ কাপুৰেও পত্নীৰ স’তে বিবাহ অনুষ্ঠানত উপস্থিত থাকিব। অতিথিসকলৰ পৰিবহণৰ বাবে ৭০খন বিলাসী গাড়ীৰ ব্যৱস্থা কৰা হৈছে। যিবোৰৰ ভিতৰত আছে মাৰ্চিডিজ, জাগুয়াৰ, বিএমডব্লিউৰ দৰে বিখ্যাত গাড়ী।

যোধপুৰ বিমানবন্দৰৰ পৰা অতিথিসকলক বিয়াৰ স্থানলৈ নিবলৈ এই বাহনসমূহ  উপলব্ধ হ’ব। ইয়াৰ বাহিৰেও মনোৰঞ্জনৰ ব্যৱস্থা কৰা হৈছে অতিথিসকলৰ বাবে। চাৰিওফালৰ মৰুভূমিৰ গাতে লাগি থকা অৰণ্যও গাড়ীৰে উপভোগ কৰিব পাৰিব অতিথিসকলে। লগতে থাকিব স্পা আৰু অন্যান্য জিৰণিৰ ব্যৱস্থা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক