--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত এখন ফেশ্বন শ্ব’ত পাঁচ ফেব্ৰুৱাৰীত ছানি লিঅ’নি অহাৰ কথা আছিল। কিন্তু ফেশ্বন শ্ব’খন অনুষ্ঠিত কৰিবলগা ঠাইখনৰ কাষতে এটা ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈ যায়। সেয়ে এতিয়া ঠাইখনৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, দেওবাৰে ইম্ফলত অনুষ্ঠিত হ’বলগা ফেশ্বন শ্ব’খনত ছানীয়ে অংশগ্ৰহণ কৰাৰ কথা আছিল। তেওঁৰ বাবে ফেশ্ব’ন শ্ব’ৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছিল। কিন্তু তাৰ আগতে শনিবাৰে পুৱা প্ৰায় ৬:৩০ বজাত এক বৃহৎ বিস্ফোৰণ সংঘটিত হয় ঠাইখনত।

শীতৰ ৰাতিপুৱাই বিস্ফোৰণৰ শব্দত ঠাইখনৰ আৱাসীসকল স্তম্ভিত হৈ পৰিল। অঞ্চলটোত  আতংকৰ সৃষ্টি হ’ল। লগে লগে আৰক্ষী আহি উপস্থিত হয়। বিস্ফোৰণৰ সময়ত কোনো লোক উপস্থিত আছিল নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

কিন্তু জনা গৈছে যে ছানী লিয়নৰ ফেশ্বন শ্ব’ অনুষ্ঠিত হ’বলগীয়া ঠাইৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত এই বিস্ফোৰণ সংঘটিত হৈছিল। অৰ্থাৎ ছানীৰ আগমনৰ প্ৰস্তুতিৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়। বহুতে ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

বিস্ফোৰণত কোনো ৰাসায়নিক পদাৰ্থ, কোনো যন্ত্ৰ বা গ্ৰেনেড ব্যৱহাৰ কৰা হৈছিল নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু ছানী লিঅ’নীৰ অনুৰাগীসকলে এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

অৱশ্যে মণিপুৰ আৰক্ষীয়ে ছানী লিয়নীৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা কৰি থকা বুলি শুনা গৈছে। বিস্ফোৰণৰ পিছতে অঞ্চলটোত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

কিন্তু এই বিস্ফোৰণৰ কাৰণ কি? ইয়াৰ আঁৰত কোন আছে? ইয়াৰ বিষয়ে এতিয়াও একো জনা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু