--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত এখন ফেশ্বন শ্ব’ত পাঁচ ফেব্ৰুৱাৰীত ছানি লিঅ’নি অহাৰ কথা আছিল। কিন্তু ফেশ্বন শ্ব’খন অনুষ্ঠিত কৰিবলগা ঠাইখনৰ কাষতে এটা ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈ যায়। সেয়ে এতিয়া ঠাইখনৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, দেওবাৰে ইম্ফলত অনুষ্ঠিত হ’বলগা ফেশ্বন শ্ব’খনত ছানীয়ে অংশগ্ৰহণ কৰাৰ কথা আছিল। তেওঁৰ বাবে ফেশ্ব’ন শ্ব’ৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছিল। কিন্তু তাৰ আগতে শনিবাৰে পুৱা প্ৰায় ৬:৩০ বজাত এক বৃহৎ বিস্ফোৰণ সংঘটিত হয় ঠাইখনত।

শীতৰ ৰাতিপুৱাই বিস্ফোৰণৰ শব্দত ঠাইখনৰ আৱাসীসকল স্তম্ভিত হৈ পৰিল। অঞ্চলটোত  আতংকৰ সৃষ্টি হ’ল। লগে লগে আৰক্ষী আহি উপস্থিত হয়। বিস্ফোৰণৰ সময়ত কোনো লোক উপস্থিত আছিল নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

কিন্তু জনা গৈছে যে ছানী লিয়নৰ ফেশ্বন শ্ব’ অনুষ্ঠিত হ’বলগীয়া ঠাইৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত এই বিস্ফোৰণ সংঘটিত হৈছিল। অৰ্থাৎ ছানীৰ আগমনৰ প্ৰস্তুতিৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়। বহুতে ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

বিস্ফোৰণত কোনো ৰাসায়নিক পদাৰ্থ, কোনো যন্ত্ৰ বা গ্ৰেনেড ব্যৱহাৰ কৰা হৈছিল নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু ছানী লিঅ’নীৰ অনুৰাগীসকলে এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

অৱশ্যে মণিপুৰ আৰক্ষীয়ে ছানী লিয়নীৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা কৰি থকা বুলি শুনা গৈছে। বিস্ফোৰণৰ পিছতে অঞ্চলটোত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

কিন্তু এই বিস্ফোৰণৰ কাৰণ কি? ইয়াৰ আঁৰত কোন আছে? ইয়াৰ বিষয়ে এতিয়াও একো জনা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক