--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাবৰ জনপ্ৰিয় গায়ক, প্ৰয়াত সিদ্ধু মুছেৱালাৰ ঘৰখনত এতিয়া আনন্দৰ লহৰ৷ নৱজাতকৰ আগমনে ঘৰখনত প্ৰতিগৰাকী সদস্যৰ মনত সানিছে ৰং৷ সিদ্ধু মুছেৱালাৰ পিতৃ-মাতৃ বলকৌৰ সিং আৰু চৰণ সিঙৰ জীৱনলৈ আহিল এটি পুত্ৰসন্তান৷ ভাল খবৰটো বলকৌৰে ফেচবুকত শ্বেয়াৰ কৰিছিল, য’ত তেওঁ আনকি নৱজাতকৰ প্ৰথম আভাসো পোষ্ট কৰিছিল। পঞ্জাবী গায়ক সিদ্ধুৰ মৃত্যুৰ প্ৰায় দুবছৰ পাছত বলকৌৰ সিং আৰু চৰণ সিঙে ল’ৰাশিশুটিক তেওঁলোকৰ জীৱনলৈ আদৰণি জনাইছে। স্বৰ্গীয় গায়কজনৰ দেউতাকে ফেচবুকত পোষ্টটো শ্বেয়াৰ কৰি লিখিছিল, শুভদীপক ভাল পোৱা লাখ লাখ আত্মাৰ আশীৰ্বাদত সৰ্বশক্তিমানে শুভৰ সৰু ভায়েকক আমাৰ কোলাত তুলি দিছে। ৱাহেগুৰুৰ আশীৰ্বাদত মাতৃ-পুত্ৰৰ স্বাস্থ্য সুস্থিৰ৷ সকলো শুভাকাংক্ষীৰ প্ৰতি তেওঁলোকৰ অপৰিসীম মৰমৰ বাবে কৃতজ্ঞ।

বলকৌৰে লিখিছিল, আমি সিদ্ধুৰ অনুৰাগীসকলৰ প্ৰতি কৃতজ্ঞ, যিসকলে আমাৰ পৰিয়ালক লৈ ইমান চিন্তিত। মোৰ পৰিয়ালক লৈ বহুত অনুমান চলি আছিল। মই আপোনালোকক অনুৰোধ জনাইছোঁ যে এই সকলো উৰাবাতৰি বিশ্বাস নকৰিব। যিকোনো বাতৰি থাকিলেও, পৰিয়ালটোৱে আপোনালোক সকলোৰে সৈতে ভাগ-বটোৱাৰা কৰিব।

উল্লেখযোগ্য যে ২০২২ৰ ২৯ মে’ত মানচা জিলাৰ জাৱাহাৰকে গাঁৱত আক্ৰমণকাৰীয়ে মুছেৱালাক হত্যা কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল ২৮ বছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু