--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাবৰ জনপ্ৰিয় গায়ক, প্ৰয়াত সিদ্ধু মুছেৱালাৰ ঘৰখনত এতিয়া আনন্দৰ লহৰ৷ নৱজাতকৰ আগমনে ঘৰখনত প্ৰতিগৰাকী সদস্যৰ মনত সানিছে ৰং৷ সিদ্ধু মুছেৱালাৰ পিতৃ-মাতৃ বলকৌৰ সিং আৰু চৰণ সিঙৰ জীৱনলৈ আহিল এটি পুত্ৰসন্তান৷ ভাল খবৰটো বলকৌৰে ফেচবুকত শ্বেয়াৰ কৰিছিল, য’ত তেওঁ আনকি নৱজাতকৰ প্ৰথম আভাসো পোষ্ট কৰিছিল। পঞ্জাবী গায়ক সিদ্ধুৰ মৃত্যুৰ প্ৰায় দুবছৰ পাছত বলকৌৰ সিং আৰু চৰণ সিঙে ল’ৰাশিশুটিক তেওঁলোকৰ জীৱনলৈ আদৰণি জনাইছে। স্বৰ্গীয় গায়কজনৰ দেউতাকে ফেচবুকত পোষ্টটো শ্বেয়াৰ কৰি লিখিছিল, শুভদীপক ভাল পোৱা লাখ লাখ আত্মাৰ আশীৰ্বাদত সৰ্বশক্তিমানে শুভৰ সৰু ভায়েকক আমাৰ কোলাত তুলি দিছে। ৱাহেগুৰুৰ আশীৰ্বাদত মাতৃ-পুত্ৰৰ স্বাস্থ্য সুস্থিৰ৷ সকলো শুভাকাংক্ষীৰ প্ৰতি তেওঁলোকৰ অপৰিসীম মৰমৰ বাবে কৃতজ্ঞ।

বলকৌৰে লিখিছিল, আমি সিদ্ধুৰ অনুৰাগীসকলৰ প্ৰতি কৃতজ্ঞ, যিসকলে আমাৰ পৰিয়ালক লৈ ইমান চিন্তিত। মোৰ পৰিয়ালক লৈ বহুত অনুমান চলি আছিল। মই আপোনালোকক অনুৰোধ জনাইছোঁ যে এই সকলো উৰাবাতৰি বিশ্বাস নকৰিব। যিকোনো বাতৰি থাকিলেও, পৰিয়ালটোৱে আপোনালোক সকলোৰে সৈতে ভাগ-বটোৱাৰা কৰিব।

উল্লেখযোগ্য যে ২০২২ৰ ২৯ মে’ত মানচা জিলাৰ জাৱাহাৰকে গাঁৱত আক্ৰমণকাৰীয়ে মুছেৱালাক হত্যা কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল ২৮ বছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক