--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিদ্ধু মুছেৱালাৰ হত্যাকাৰী গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ পৰা হত্যাৰ ভাবুকি লাভ কৰিছে য়’ য়’ হানি সিঙে৷ মৃত্যুৰ ভাবুকি লাভ কৰিয়ে দিল্লী আৰক্ষীৰ আগত এজাহাৰ দাখিল কৰিছে হানি সিঙে।

উল্লেখ্য যে ব্ৰাৰক বৰ্তমান কানাডাত আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছএ৷ যোৱা বছৰ পঞ্জাৱত গায়ক-গীতিকাৰ সিদ্ধু মুছ ৱালাক হত্যা কৰাৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী বুলি অভিযোগ আছে ব্ৰাৰৰ বিৰুদ্ধে৷

ভইচ নোটৰ জৰিয়তে এই ভাবুকি লাভ কৰি হানি সিঙে আজি দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ গৈ উপায়ুক্তক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আয়ুক্তক সাক্ষাৎ কৰাৰ পিছত হানি সিঙে কয় যে, "মই ভয় খাইছো, মোৰ সমগ্ৰ পৰিয়াল ভয় খাইছে। মৃত্যুৰ ভয় কোনে নকৰে? এইবাৰ প্ৰথমবাৰৰ বাবে এনে ভাবুকি আহিছে। মানুহৰ পৰা বহুত মৰম পাইছো।"

তেওঁ লগতে কয়, "মোৰ ষ্টাফ আৰু মোৰ লগত আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ পৰা ফোন অহাৰ লগতে গোল্ডি ব্ৰাৰ বুলি দাবী কৰা কোনোবা এজনৰ ভইচ নোটও আহিছে। মই উপায়ুক্তক সকলো প্ৰমাণ দিছো। মই তেওঁক অনুৰোধ কৰিছো যে মোক নিৰাপত্তা দি বিষয়টোৰ তদন্ত কৰক।"

গোল্ডি ব্ৰাৰ ওৰফে সতীন্দৰজিৎ সিং মুছ ৱালা হত্যাকাণ্ডৰ মূল সন্দেহযুক্ত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ঘনিষ্ঠ সহযোগী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক