--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিদ্ধু মুছেৱালাৰ হত্যাকাৰী গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ পৰা হত্যাৰ ভাবুকি লাভ কৰিছে য়’ য়’ হানি সিঙে৷ মৃত্যুৰ ভাবুকি লাভ কৰিয়ে দিল্লী আৰক্ষীৰ আগত এজাহাৰ দাখিল কৰিছে হানি সিঙে।

উল্লেখ্য যে ব্ৰাৰক বৰ্তমান কানাডাত আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছএ৷ যোৱা বছৰ পঞ্জাৱত গায়ক-গীতিকাৰ সিদ্ধু মুছ ৱালাক হত্যা কৰাৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী বুলি অভিযোগ আছে ব্ৰাৰৰ বিৰুদ্ধে৷

ভইচ নোটৰ জৰিয়তে এই ভাবুকি লাভ কৰি হানি সিঙে আজি দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ গৈ উপায়ুক্তক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আয়ুক্তক সাক্ষাৎ কৰাৰ পিছত হানি সিঙে কয় যে, "মই ভয় খাইছো, মোৰ সমগ্ৰ পৰিয়াল ভয় খাইছে। মৃত্যুৰ ভয় কোনে নকৰে? এইবাৰ প্ৰথমবাৰৰ বাবে এনে ভাবুকি আহিছে। মানুহৰ পৰা বহুত মৰম পাইছো।"

তেওঁ লগতে কয়, "মোৰ ষ্টাফ আৰু মোৰ লগত আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ পৰা ফোন অহাৰ লগতে গোল্ডি ব্ৰাৰ বুলি দাবী কৰা কোনোবা এজনৰ ভইচ নোটও আহিছে। মই উপায়ুক্তক সকলো প্ৰমাণ দিছো। মই তেওঁক অনুৰোধ কৰিছো যে মোক নিৰাপত্তা দি বিষয়টোৰ তদন্ত কৰক।"

গোল্ডি ব্ৰাৰ ওৰফে সতীন্দৰজিৎ সিং মুছ ৱালা হত্যাকাণ্ডৰ মূল সন্দেহযুক্ত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ঘনিষ্ঠ সহযোগী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু