--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কাজলে শেহতীয়াকৈ নিজৰ বিবাহ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে। অতি সোনকালে নেটফ্লিক্সৰ লাষ্ট ষ্ট’ৰীজ ২ আৰু দ্য ট্ৰাইল – প্যাৰ, কানুন, ধোখাত দেখিবলৈ পোৱা কাজলে শেহতীয়াকৈ এক সাক্ষাৎকাৰত নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ কয়।

কাজলে কয় "আচলতে মোৰ জীৱনৰ বহু দৃষ্টান্তই মোক কঠিন সিদ্ধান্ত ল'বলৈ বাধ্য কৰাইছিল। মই কেৰিয়াৰৰ উচ্চ শিখৰত থকা সময়তে অজয় দেৱগণক বিয়া পতাৰ সিদ্ধান্ত লৈছিলো। এই সিদ্ধান্ত লোৱাটো বৰ কঠিন আছিল। চলচ্চিত্ৰ উদ্যোগটো মোৰ বাবে গেম চেঞ্জাৰ আছিল কাৰণ মই নাজানিছিলো যে মই চলচ্চিত্ৰ উদ্যোগত যোগদান কৰিব বিচাৰো নে নাই।"

কাজলে লগতে কয় যে কেনেকৈ তেওঁৰ পিতৃ আৰু প্ৰযোজক শ্বমু মুখাৰ্জীয়ে অভিনয় জগতত ভৰি থোৱাৰ পূৰ্বে তেওঁক ভালদৰে চিন্তা কৰিবলৈ কৈছিল: “তুমি কেতিয়াও তুমি মুখত লগোৱা ৰংবোৰৰ পৰা মুক্তি নাপাবা। এবাৰ যি লগালা সেয়া চিৰদিনৰ বাবে লগাই থাকিব লাগিব। মই মনতে ভাবিছিলো যে নাই, সেইটো সঁচা নহয়, মোৰ যেতিয়াই মন যায় মই ৰংবোৰ গুচাব পাৰিম । অৱশ্যে সময়ে প্ৰমাণ কৰিছে যে তেওঁৰ কথা সঁচা।”

১৯৯৯ চনৰ ফেব্ৰুৱাৰী মাহত অজয় দেৱগনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কাজল। অজয়-কাজলৰ দুটা সন্তান আছে। ডাঙৰ কন্যা ন্যাছা আৰু যুগ দেৱগন নামৰ এজন পুত্ৰ আছে তেওঁলোকৰ সংসাৰত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ