--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে জোকাৰণি তোলা ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ গোচৰৰ অভিযুক্ত জ্যেষ্ঠ কংগ্ৰেছ নেতা জগদীশ টাইটলাৰৰ কণ্ঠস্বৰৰ নমুনা সংগ্ৰহ কৰিছে চিবিআইয়ে। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত হোৱা শিখ নিধন যজ্ঞত নতুন দিল্লীৰ পুল বঙ্গাশ অঞ্চলত তিনিজন লোক নিহত হৈছিল। কংগ্ৰেছ নেতা টাইটলাৰ উক্ত  হত্যাৰ আঁৰৰ ষড়যন্ত্ৰকাৰী বুলি অভিযোগ কৰা হৈছিল। 

তেওঁৰ বিৰুদ্ধে দুৰ্বৃত্তক উচটনি দিয়াৰ অভিযোগ আছিল৷ জগদীশ টাইটলাৰে মঙলবাৰে দিল্লীৰ কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰত উপস্থিত হৈ তেওঁৰ কণ্ঠস্বৰৰ নমুনা দিয়ে।  কিন্তু প্ৰায় চাৰি দশক পুৰণি গোচৰটোৰ ক্ষেত্ৰত চিবিআই কিয় হঠাতে সক্ৰিয় হৈ পৰিছে তাকেলৈও বহুতে প্ৰশ্ন উত্থাপন কৰিছে৷  সূত্ৰ সমূহে দাবী কৰিছে যে কেন্দ্ৰীয় সংস্থাটোৱে শেহতীয়াকৈ সংঘৰ্ষৰ সৈতে সম্পৰ্কিত নতুন প্ৰমাণ বিচাৰি পাইছে। সেইকাৰণে জগদীশক মতা হৈছে৷ 

পৰীক্ষাগাৰৰ পৰা ওলাই যাওঁতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত টাইটলাৰে কয়  "যদি মোৰ বিৰুদ্ধে এটাও প্ৰমাণ থাকে তেন্তে মোক ফাঁচী দিয়ক। মই সেই ঘটনাত জড়িতই নাছিলো ?" তেওঁ প্ৰশ্ন কৰে, "১৯৮৪ চনৰ সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। আন এটা কাৰণতহে হয়তো  মোৰ কণ্ঠস্বৰৰ নমুনা বিচৰা হৈছে। "

তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰ নিজৰেই শিখ দেহৰক্ষীয়ে হাতত হত্যা কৰাৰ পিছত শিখ বিৰোধী সংঘৰ্ষ আৰম্ভ হৈছিল। সংঘৰ্ষত কমেও ৩,০০০ লোক নিহত হৈছিল। অৱশ্যে, কেৱল দিল্লীতে  তিনি হাজাৰ লোক নিহত হৈছিল। দেশৰ  আন প্ৰান্তত নিহত মুঠ লোকৰ  সংখ্যা ৮,০০০ ৰো অধিক আছিল। জগদীশ টাইটলাৰৰ নাম এই গোচৰটোৰ মূল অভিযুক্ত হিচাপে সাঙোৰ খাই পৰিছিল।  ৭৮ বছৰীয়া কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে নতুন প্ৰমাণ পোৱা গৈছে বুলি গুঞ্জন উঠিছে। তেওঁ ২০০৪ চনত মনমোহন সিং চৰকাৰৰ মন্ত্ৰী হৈছিল। অৱশ্যে শেষত প্ৰতিবাদৰ সন্মুখীন হৈ তেওঁ পদত্যাগ কৰিব লগা হৈছিল।









 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ