--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে জোকাৰণি তোলা ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ গোচৰৰ অভিযুক্ত জ্যেষ্ঠ কংগ্ৰেছ নেতা জগদীশ টাইটলাৰৰ কণ্ঠস্বৰৰ নমুনা সংগ্ৰহ কৰিছে চিবিআইয়ে। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত হোৱা শিখ নিধন যজ্ঞত নতুন দিল্লীৰ পুল বঙ্গাশ অঞ্চলত তিনিজন লোক নিহত হৈছিল। কংগ্ৰেছ নেতা টাইটলাৰ উক্ত  হত্যাৰ আঁৰৰ ষড়যন্ত্ৰকাৰী বুলি অভিযোগ কৰা হৈছিল। 

তেওঁৰ বিৰুদ্ধে দুৰ্বৃত্তক উচটনি দিয়াৰ অভিযোগ আছিল৷ জগদীশ টাইটলাৰে মঙলবাৰে দিল্লীৰ কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰত উপস্থিত হৈ তেওঁৰ কণ্ঠস্বৰৰ নমুনা দিয়ে।  কিন্তু প্ৰায় চাৰি দশক পুৰণি গোচৰটোৰ ক্ষেত্ৰত চিবিআই কিয় হঠাতে সক্ৰিয় হৈ পৰিছে তাকেলৈও বহুতে প্ৰশ্ন উত্থাপন কৰিছে৷  সূত্ৰ সমূহে দাবী কৰিছে যে কেন্দ্ৰীয় সংস্থাটোৱে শেহতীয়াকৈ সংঘৰ্ষৰ সৈতে সম্পৰ্কিত নতুন প্ৰমাণ বিচাৰি পাইছে। সেইকাৰণে জগদীশক মতা হৈছে৷ 

পৰীক্ষাগাৰৰ পৰা ওলাই যাওঁতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত টাইটলাৰে কয়  "যদি মোৰ বিৰুদ্ধে এটাও প্ৰমাণ থাকে তেন্তে মোক ফাঁচী দিয়ক। মই সেই ঘটনাত জড়িতই নাছিলো ?" তেওঁ প্ৰশ্ন কৰে, "১৯৮৪ চনৰ সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। আন এটা কাৰণতহে হয়তো  মোৰ কণ্ঠস্বৰৰ নমুনা বিচৰা হৈছে। "

তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰ নিজৰেই শিখ দেহৰক্ষীয়ে হাতত হত্যা কৰাৰ পিছত শিখ বিৰোধী সংঘৰ্ষ আৰম্ভ হৈছিল। সংঘৰ্ষত কমেও ৩,০০০ লোক নিহত হৈছিল। অৱশ্যে, কেৱল দিল্লীতে  তিনি হাজাৰ লোক নিহত হৈছিল। দেশৰ  আন প্ৰান্তত নিহত মুঠ লোকৰ  সংখ্যা ৮,০০০ ৰো অধিক আছিল। জগদীশ টাইটলাৰৰ নাম এই গোচৰটোৰ মূল অভিযুক্ত হিচাপে সাঙোৰ খাই পৰিছিল।  ৭৮ বছৰীয়া কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে নতুন প্ৰমাণ পোৱা গৈছে বুলি গুঞ্জন উঠিছে। তেওঁ ২০০৪ চনত মনমোহন সিং চৰকাৰৰ মন্ত্ৰী হৈছিল। অৱশ্যে শেষত প্ৰতিবাদৰ সন্মুখীন হৈ তেওঁ পদত্যাগ কৰিব লগা হৈছিল।









 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ